পুনৰ দেশৰ ক্ৰীড়া সংস্থাৰ গুৰুত্বপূৰ্ণ পদবী লাভ কৰিছে অসমৰ ক্ৰীড়া সংগঠকে। এইবাৰ অসম ভলীবল সন্থাৰ সভাপতি তথা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা ভাৰতীয় ভলীবল ফেডাৰেচনৰ উপ সভাপতি হিচাপে নিৰ্বাচিত হৈছে।
আনহাতে সভাপতি হিচাপে সাংসদ অচ্যুত শ্যামন্ত আৰু সম্পাদক হিচাপে অনিল চৌধুৰী নিৰ্বাচিত হৈছে।
অসম ভলীবল সন্থাৰ সভাপতিগৰাকী ভাৰতীয় ভলীবল ফেডাৰেচনৰ উপ সভাপতি হিচাপে নিৰ্বাচিত হোৱাত এতিয়া উৎফুল্লিত হৈ পৰিছে অসমৰ ভলীবল সন্থা।