Monday, October 3, 2022
HomeNewsসুৰিন্দৰ কৌৰৰ আলমাৰিটো

সুৰিন্দৰ কৌৰৰ আলমাৰিটো

olympiasports.in

✍️প্ৰতিভূ দত্ত

আগকথা : সেনাবাহিনীৰ প্ৰাক্তন জোৱান মাখন সিঙৰ পত্নী সুৰিন্দৰ কৌৰৰ এতিয়া মাথোঁ এটাই আশা- কেনেবাকৈ টকা কেইটামান গোটাই কাৰিকৰ এজনক কাঠৰ আলমাৰি সাজিবলৈ দিব।

মূল কাহিনী: ‘ আন একো ন’হলেও মই খেল আৰু খেলুৱৈৰ বিশেষকৈ ভাৰতীয় খেলুৱৈৰ খবৰ ৰাখো’ বুলি মোৰ এটা গৰ্ব নথকা নহয়। পিছে এদিন টাইমছ অৱ ইণ্ডিয়া খনত আই পি সিঙৰ ‘ভাগ মাখন ভাগ : দ্য বায়’পিক ডেট নেভাৰ মেড নপঢ়া হ’লে মই হয়তো মাখন সিঙৰ কথা গমেই নাপালোহেঁতেন। মই গম নোপোৱাটো ইমান ডাঙৰ কথা নহয় বাৰু। পিছে সুৰিন্দৰ সিঙেও গম পোৱা নাছিল যে মাখন সিং এজন খেলুৱৈ। সুৰিন্দৰ সিঙে গম পাই কেনেকৈ!! মাখন সিং যে আছিল তেনেই প্ৰচাৰবিমুখ ব্যক্তি। ১৯৭২ চনত যেতিয়া তেওঁৰ বিয়া সুৰিন্দৰ কৌৰৰ সৈতে ঠিক হৈছিল তেতিয়া তেওঁৰ নিজৰ পৰিচয় সেনাৰ পৰা অব্যাহতি গ্ৰহণ কৰা এজন ট্ৰাক চালক হিচাবে দিছিল। প্ৰকৃততে সেই সময়ত তেওঁ পেছাত এজন ট্ৰাক চালকেই আছিল।

বিয়া ঠিক হোৱাৰ পিছত এবাৰ সুৰিন্দৰ কৌৰে বাতৰি কাকতত প্ৰকাশ পোৱা লেখা এটাৰ পৰাহে গম পালে যে তেখেতৰ ভাবী স্বামী এজন খ্যাতনামা এথলিট।

তেওঁ লাভ কৰা কেইটামান সাফল্য: ১৯৬২ ৰ জাকাৰ্টা এছিয়াডত ৪× ৪০০ মি ৰিলেৰ স্বৰ্ণপদক। সেই প্ৰতিযোগিতাতে ৪০০ মি দৌৰৰ ৰূপৰ পদক। তদুপৰি ১৯৫৯ চনৰ পৰা ১৯৬৪ চনৰ ভিতৰত ৰাষ্ট্ৰীয় খেলত তেখেতে ১২ টা স্বৰ্ণপদক লাভ কৰিছিল। ১৯৬২ চনত কলিকতাত অনুষ্ঠিত ৰাষ্ট্ৰীয় খেলত তেখেতে চাৰিটা স্বৰ্ণপদক লাভ কৰাৰ উপৰি মিলখা সিঙক ৪০০ মি দৌৰত পৰাভূত কৰিছিল।

উল্লেখযোগ্য যে মিলখা সিঙক ৪০০ মি দৌৰত পৰাস্ত কৰা তেখেত একমাত্ৰ ভাৰতীয় খেলুৱৈ। সত্তৰৰ দশকত সুৰিন্দৰ কৌৰে ট্ৰাংকত কাপোৰ বিচাৰি থাকোতে এখন আপুৰুগীয়া ফটো উদ্ধাৰ কৰিছিল। সেই ফটোখনত মাখন সিঙে ফিনিছ লাইনত প্ৰথমে উপস্থিত হৈ মিলখা সিঙৰ ফালে উভতি চাই থকা দেখা যায়। ফাটোখন সুৰিন্দৰৰ বাবে আশ্চৰ্যকৰ আবিষ্কাৰ আছিল যদিও তেওঁ ইমান আচৰিত হোৱা নাছিল , যিহেতু মাখনৰ সেই প্ৰচাৰবিমুখ গুনটোৰ লগত ভালকৈয়ে পৰিচয় আছিল সুৰিন্দৰৰ। মাখন সিঙে পৰৱৰ্তী সময়ত অৰ্জুন বঁটাও লাভ কৰিছিল। তেখেতৰ পৰিবাৰে সন্দেহ কৰে, আনৰ কথা বাদেই মাখন সিঙৰ ওপজা গাঁও বাথুলাতে ( জিলা হোছিয়াৰপুৰ, পঞ্জাৱ) সেই অৰ্জুন বঁটাৰ কথা কোনেও নাজানে চাগৈ।

মাখন সিঙে নিজেই তেখেতৰ খেলুৱৈ জীৱনৰ কথা পাতিবলৈ মুঠেও ইচ্ছা নকৰিছিল। যেতিয়া তেখেতে সেই বিষয়ে পৰিবাৰ সুৰিন্দৰ কৌৰক অলপ অচৰপ ক’বলৈ আৰম্ভ কৰিছিল, তেতিয়া সেই চেম্পিয়ন দৌৰবিদজনৰ বাবে আনৰ সহায় নোলোৱাকৈ দুখোজ দিয়াটোও হৈ পৰিছিল এক কষ্টকৰ প্ৰয়াস। কাৰণ তেতিয়ালৈ মধুমেহ ৰোগত আক্ৰান্ত মাখন সিঙৰ এটা ভৰি চিকিৎসকে কাটি পেলাব লগা হৈছিল। ২০০২ চনত মাখন শিৱ

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments