অলিম্পিয়াৰ প্ৰতিদিন
বহুতে ভবাৰ দৰে ভাৰতীয় ক্ৰিকেট দলৰ পূৰ্বৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে সীমান্তত সেনাৰ লগত নিজকে নিয়োজিত নকৰে। বৰঞ্চ সদ্য অৱসৰ গ্ৰহণ কৰা এইজন সফল ভাৰতীয় অধিনায়কে এতিয়া ৱেব চিৰিজ তৈয়াৰ কৰাৰ কামত হে ব্যস্ত হৈ পৰিব।
১৫ আগষ্টত অগণন অনুৰাগীক হতাশ কৰি মহেন্দ্ৰ সিং ধোনিয়ে অৱসৰ গ্ৰহণ কৰিছিল। অৱশ্যে তেওঁ আইপিএল খেলিব বুলি ঘোষণা কৰিছিল। ধোনিয়ে স্পষ্ট নকৰিলেও একাংশই বাবে চলিত আইপিএলয়েই ধোনিৰ শেষ আইপিএল বুলি দাবী কৰিছে। সেয়া যিয়েই নহওক সংবাদ মাধ্যমত ধোনিয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছৰে পৰা তেওঁ পৰবৰ্তী জীৱন কিদৰে পাৰ কৰিব তাক লৈ যথেষ্ট চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে। ভাৰতীয় সেনাৰ সৈতেও জড়িত হৈ পৰা ধোনিয়ে বিগত সময়ছোৱাত দীৰ্ঘদিন ধৰি সেনাৰ লগত সময় অতিবাহিত কৰিছিল। সেই ফালৰ পৰা একাংশই দাবী কৰিছিল যে ধোনিয়ে অৱসৰৰ পিছৰ সময়ছোৱা সেনাৰ সৈতে পাৰ কৰিব। পিছে অনুৰাগী আৰু সংবাদ মাধ্যমত চলি থকা এনে বুবু-বাবাক তল পেলাই বিষয়টো সন্দৰ্ভত স্পষ্ট মতামত আগবঢ়াইছে ধোনি পত্নী সাক্ষীয়ে।
সাক্ষীয়ে সংবাদ মাধ্যমৰ আগত জনাই যে, অৱসৰৰ পিছৰ সময়ছোৱাত ধোনিয়ে নিজৰ প্ৰযোজনা সংস্থা ‘ধোনি এণ্টাৰটেইনমেণ্ট’ ৰ সৈতে জড়িত হৈ পৰিব।
২০১৯চনত গঠন কৰা এই সংস্থাৰ অধীনত ‘ৰোৰ অৱ দ্যা লায়ন’ শীৰ্ষক তথ্যচিত্ৰও নিৰ্মাণ কৰি উলিয়াইছে। ইয়াৰ উপৰিও আগন্তুক সময়ছোৱাত ধোনিয়ে এই প্ৰযোজনা সংস্থাৰ অধীনতেই ধোনিয়ে নিৰ্মাণ কৰিব কেইবাখনো ৱছব চিৰিজ।