অলিম্পিয়া প্ৰতিবেদন
কোভিডজনিত পৰিস্থিতিৰ বাবে দুবছৰ ধৰি স্থগিত হৈ থকা গুৱাহাটী ক্ৰীড়া সন্থাৰ ফুটবল লীগসমূহ আকৌ আৰম্ভ হ’ব ৷ সোমবাৰৰ পৰা নেহৰু ষ্টেডিয়ামত ‘চি’ ডিভিজন কোৱালিফাইং ৰাউণ্ডৰ খেলসমূহেৰে আৰম্ভ হ’ব সন্থাৰ নতুন ফুটবল ছিজন ৷ নেহৰু ষ্টেডিয়ামৰ বাকৰি আকৌ প্ৰাণ পাই উঠিব ফুটবলাৰৰ দুভৰিৰ যাদুৰে ৷ গুৱাহাটীত স্বীকৃতিপ্ৰাপ্ত প্ৰতিযোগিতামূলক ফুটবল লীগ দুবছৰ বন্ধ হৈ থকাৰ পাছত কোৱালিফাইং ৰাউণ্ডেৰে চাৰি তৰপীয়া জিলা লীগৰ বাবে সাজু হ’ব সন্থা ৷ এইবাৰ অভূতপূৰ্ব সঁহাৰিৰে ২০টা নতুন দলে অংশ ল’ব এই কোৱালিফাইং ৰাউণ্ডত ৷ ইয়াৰে দুটা দলে ‘চি’ ডিভিজনলৈ উন্নীত হ’ব ৷ ১৯ জুনৰপৰা ‘চি’ আৰু ‘বি’ ডিভিজন লীগ একেলগে নেহৰু ষ্টেডিয়ামতে আৰম্ভ হ’ব ৷ নেহৰু ষ্টেডিয়ামৰ দুয়োখন গ্ৰাউণ্ডত দুখন খেলেৰে কোৱালিফাইং ৰাউণ্ডৰ সূচনা হ’ব ৷ প্ৰথম গ্ৰাউণ্ডত আছাম ৰাইনোজ এফচি আৰু আছাম ৱাৰিয়ৰ্ছ এফচি মুখামুখি হোৱাৰ বিপৰীতে দ্বিতীয় গ্ৰাউণ্ডত মুখামুখি হ’ব হাৰ্ভেষ্ট এফ চি আৰু ৰুৰেল স্প’ৰ্টছ ক্লাব ৷ ১৭ জুনত এই প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হ’ব ৷