সৌম্যদীপ দাসক সম্বৰ্ধনা বিধায়ক শিলাদিত্য দেৱৰ

অসম প্ৰীমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ শ্ৰেষ্ঠ বেটছমেন সৌম্যদীপ দাসক সম্বৰ্ধনা হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা সদ্য সমাপ্ত প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন গুৱাহাটী আৰু বৰপেটাৰ মাজত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল। য’ত মুখ্য অতিথি হিচাপে আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ইয়াৰ উপৰিও চূড়ান্ত প্ৰতিযোগিতাখনত অন্যান্য আমন্ত্ৰিত ব্যক্তিৰ লগতে হোজাইৰ বিধায়ক তথা হোজাই ক্ৰিকেট সন্থাৰ সভাপতি শিলাদিত্য দেৱো উপস্থিত আছিল। সেই দিনাই প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে হোজাইৰ টিপ টপ ক্লাবৰ সৌম্যদীপ দাসক বাচনি কৰা হৈছিল। সৌম্যদীপে প্ৰতিযোগিতাখনত মুঠ ৯ খন মেচ খেলি এটা শতক আৰু পাঁচটা অৰ্ধশতক অৰ্জন কৰিছিল। সৌম্যদীপৰ এই সাফল্যত হোজাই ক্ৰীড়া সন্থাৰ লগতে সমগ্ৰ হোজাইবাসী উৎফুল্লিত হৈ পৰে। সৌম্যদীপক অধিক উৎসাহ প্ৰদান কৰিবলৈ বুধবাৰে বিধায়ক শিলাদিত্য দেৱে নিজ গৃহলৈ মাতি আনি শ্ৰেষ্ঠ বেটছমেনৰ ট্ৰফী, জাপি, গামোচা আৰু নগদ ধনেৰে পুৰস্কৃত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *