ভাৰত-ইংলেণ্ডৰ টেষ্ট শৃংখলাত দেখা পোৱা নাযাব বিদেশী আম্পায়াৰক। শৃংখলাৰ আটাইকেইখন মেচ পৰিচালনাৰ দায়িত্ব লাভ কৰিছে ভাৰতীয় আম্পায়াৰ। কৰ’না মহামাৰীৰ বাবে স্বাস্থ্য তথা সকলো সুৰক্ষা দিশলৈ চাই আই চি চিৰ আম্পায়াৰ পেনেলে এই ব্যৱস্থা লৈছে বুলি জানিব পৰা গৈছে।
চেন্নাইত অনুষ্ঠিত হ’বলগীয়া প্ৰথমদুখন টেষ্টৰ বাবে ইতিমধ্যে ইন্দোৰৰ নিতিন মেনন, হিমাচল প্ৰদেশৰ বীৰেন্দ্ৰ শৰ্মা আৰু দিল্লীৰ অনিল চৌধাৰীক দায়িত্ব অৰ্পণ কৰিছে।
এই আম্পায়াৰ তিনিগৰাকীৰ ভিতৰত একমাত্ৰ নিতিন মেনন ইলিট পেনেলৰ ভাৰতীয় আম্পায়াৰ। তেওঁ কেৰিয়াৰৰ চতুৰ্থখন টেষ্ট পৰিচালনা কৰিব। আনহাতে আন দুগৰাকী আম্পায়াৰৰ এয়া প্ৰথমখন টেষ্ট শৃংখলা।