Tuesday, July 5, 2022
HomeNewsবস্ত্ৰ নগৰী শুৱালকুছিত সৃষ্টি হৈছে নৱজাগৰণ : স্প'ৰ্টছ একাডেমী অব্ শুৱালকুছিয়ে...

বস্ত্ৰ নগৰী শুৱালকুছিত সৃষ্টি হৈছে নৱজাগৰণ : স্প’ৰ্টছ একাডেমী অব্ শুৱালকুছিয়ে চাৰিবিধ খেলৰ প্ৰশিক্ষণ প্ৰদানেৰে গঢ়িছে ক্ৰীড়াৰ সুস্থ পৰিৱেশ

অলিম্পিয়াৰ বিশেষ প্ৰতিবেদক, শুৱালকুছি :

অনেক প্ৰতিভাৰে ভৰপূৰ অসমৰ গ্ৰাম্যঞ্চলৰ পৰা ওলাই আহিছে বহু কেইগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। অলিম্পিক যোগ্যতা অৰ্জনকাৰী লাভলীনা বৰগোঁহাইৰ পৰা হিমা দাসলৈকে প্ৰায় সকলো সফল ক্ৰীড়াবিদ ওলাই আহিছে গ্ৰাম্যঞ্চলৰ পৰাই। লাভলীনা, হিমাহতৰ দৰে আৰু অনেক প্ৰতিভা লুকাই আছে অসমৰ গ্ৰাম্যঞ্চলত। এই প্ৰতিভাধৰ খেলুৱৈসকলক উলিয়াই আনিবলৈ প্ৰয়োজন উন্নত প্ৰশিক্ষণ আৰু খেলৰ সামগ্ৰী। অসমৰ গ্ৰাম্যঞ্চলৰ পৰা এনে প্ৰতিভাধৰ খেলুৱৈক উলিয়াই আনিবলৈ কৰ’না মহামাৰীৰ প্ৰাক্‌মুহুৰ্তত কামৰূপ গ্ৰাম্য জিলাৰ বস্ত্ৰ নগৰী শুৱালকুছিত গঢ় লৈ উঠিছিল ‘স্পৰ্টচ একাডেমী অব্ শুৱালকুছি’। এই একাডেমীয়ে এতিয়া বস্ত্ৰনগৰীখনত শিশুৰ পৰা চেমনীয়ালৈ ক্ৰীড়াৰ ক্ষেত্ৰত এক নৱ-জাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

নতুনকৈ গঢ়লৈ উঠা স্প’ৰ্টছ একাডেমীখনে একেৰাহে ফুটবল , ভলীবল, হেণ্ডবল, আৰু এথলেটিকচ এই চাৰিবিধ ইভেণ্টৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। এইদৰে একেৰাহে চাৰিবিধ ইভেণ্টৰ প্ৰশিক্ষণ দিয়া এই একাডেমীখনেই হয়টো ৰাজ্যৰ ভিতৰতে প্ৰথম ৷ দেশজুৰি জনতা গৃহবন্দী হৈ থকা সময়ৰ পৰাই শুৱালকুছিৰ খেলপথাৰত প্ৰায় ২৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে একাডেমী খনত ৷ দৈনিক পুৱা শিকাৰু সকলক প্ৰশিক্ষণ দি আছে ক্ৰমে ভাৰ্গৱ ওজা , ভূপালী বায়ন, গীতুমণি দাস, ৰূপক বৈশ্য, কিশোৰ ঠাকুৰীয়া, সঞ্জয় দাস,তপেশ কুমাৰ আৰু ধৰণী দাসে ৷ বোকাৰ মাজতে পদুম ফুলাৰ লেখিয়া গ্ৰামাঞ্চলৰ খেলুৱৈক এখন উন্নতমানৰ প্লেটফৰ্ম দি নৱ প্ৰজন্মক ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰি গাওঁ ৰাজ্য তথা দেশৰ নাম উজ্বলোৱাই একাডেমীৰ মুল লক্ষ্য বুলি একাডেমিৰ মুখ্য প্ৰশিক্ষক ৰূপক বৈশ্যই সাংবাদিকক জনায় ৷ নামমাত্ৰ মাহেকীয়া বৰঙণি লোৱা একাডেমীখনৰ প্ৰায় ৮০ শতাংশ ছাত্ৰ-ছাত্ৰী দৰিদ্ৰ পৰিয়ালৰ ৷ সেয়ে লক ডাউনৰ সময়ত উক্ত পৰিয়াল সমূহক একাডেমীৰ তৰফৰ পৰা সাহায্যও আগবঢ়াইছে ৷ তদুপৰি একাডেমীখনে অভিৰুচি ক্ৰীড়া দিৱস , ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰিছে ৷

স্মৰ্ত্তব্য যে গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা খেলো ইণ্ডিয়া ইউথ গেমছৰ হকী খেলত অংশ লোৱা সঞ্জয় দাস আৰু এথলেটিকচ খেলুৱৈ মধুস্মিতা বৈশ্যই উক্ত একাডেমিৰ খেলুৱৈ সকলক ন ন কৌশল প্ৰদানত অৱদান আগবঢ়াই আছে।শুৱালকুছিৰ দৰে অতি জনবহুল গাওঁখনত শিশু অৱস্থাৰ পৰাই ছাত্ৰ-ছাত্ৰী সকলক প্ৰশিক্ষণৰ জৰিয়তে ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে উদ্যোক্তা সকলক প্ৰসংশা কৰিছে শুৱালকুছিবাসী তথা ক্ৰীড়াপ্ৰেমী ৰাইজে। শুৱালকুছিৰ এই একাডেমীৰ পৰাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টি হোৱাৰ সপোন হাতত লৈ আগবাঢ়িছে একাডেমীখনে। প্ৰয়োজন মাত্ৰ উৎসাহ আৰু সহায় -সহযোগিতাৰ।

আনহাতে একাডেমীখনৰ ছাত্ৰ-ছাত্ৰী সকলৰ ক্ৰীড়া ক্ষেত্ৰত উন্নত পাৰদৰ্শিতাৰ বাবে সহাযোগিতা আগবঢ়াবলৈ ৰাজ্যৰ ক্ৰীড়া বিভাগ তথা ক্ৰীড়াক এক নতুন মাত্ৰা প্ৰদান কৰা অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোৱৰক মুখ্য প্ৰশিক্ষক ৰূপক বৈশ্যই অনুৰোধ জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two + 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments