Friday, September 30, 2022
HomeNewsস্বাধীনতা দিৱস কাপৰ ছেমিফাইনেলত অ'ইল ইণ্ডিয়াৰ সম্পূৰ্ণ পইণ্ট অৰ্জন

স্বাধীনতা দিৱস কাপৰ ছেমিফাইনেলত অ’ইল ইণ্ডিয়াৰ সম্পূৰ্ণ পইণ্ট অৰ্জন

স্বাধীনতা দিৱস কাপৰ ছেমিফাইনেলত অ’ইল ইণ্ডিয়াৰ সম্পূৰ্ণ পইণ্ট অৰ্জন

অলিম্পিয়া প্ৰতিবেদন: ৭৪ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল । কেৰালা ইউনাইটেডক হৰুৱাই অ’ইল ইণ্ডিয়াৰ সম্পূৰ্ণ পইণ্ট অৰ্জনৰে ছেমিফাইনেলত ।

নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত পূৰ্ণগতিত চলি আছে ৭৪ সংখ্যক সৰ্বভাৰতীয় আমন্ত্ৰণমূলক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল । প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল লীগৰ ‘এক্ম’গ্ৰুপৰ অন্তিমখন খেলত সোমবাৰে দুলীয়াজানৰ অ’ইল ইণ্ডিয়া ফুটবল ক্লাবে চমকপ্ৰদ প্ৰদৰ্শনৰে যোৱাবাৰৰ ৰাণাৰ্ছ আপ কেৰালা ইউনাইটেড এফ চিক ৩-০ গ’লত হৰুৱাই নিজ গ্ৰুপত শীৰ্ষস্থান অৰ্জনৰে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে ।

আনহাতে, এইটো গ্ৰুপত অসম ৰাইফলছ দলে দ্বিতীয় স্থানৰে ছেমিফাইনেলত স্থান সুৰক্ষিত কৰে । খেলখনৰ ৯ মিনিটত মিণ্টু বড়ো, ১৪ মিনিটত আক্ৰাং নাৰ্জাৰী আৰু ১৮ মিনিটত মিলন বসুমতাৰীয়ে অ’ইল ইণ্ডিয়াৰহৈ ক্ৰমে গ’লকেইটা দিয়ে । প্ৰথমাৰ্ধৰ ১৮ মিনিটৰ ভিতৰতে তৈলনগৰীৰ দলটোৱে উপৰ্যুপৰি তিনিটাকৈ গ’ল দি কেৰালা ইউনাইটেড এফ চিক তচনচ কৰি দিয়ে ।

বিৰতিৰ পিছতে কিছু সংঘবদ্ধ খেলেৰে কেৰালা ইউনাইটেড এফ চিৰ খেলুৱৈসকলে বিপক্ষৰ ৰক্ষণ বিভাগত চেগাচোৰোকাকৈ দুই এটা আক্ৰমণ ৰচনা কৰিছিল যদিও ফৰৱাৰ্ড লাইনৰ খেলুৱৈৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে গ’ল স্ক’ৰ কৰাত ব্যৰ্থ হয় । সোমবাৰে অ’ইল ইণ্ডিয়াৰ খেলুৱৈসকলৰ সুন্দৰ ক্ৰীড়াশৈলী প্ৰদৰ্শনে নগঞা ক্ৰীড়াপ্ৰেমীক মুগ্ধ কৰে । দিবা-নৈশ খেলখন পৰিচালনা কৰাত ৰেফাৰী বাজু টিছ’ক সহায় কৰে চাহজাহান আলী চৌধৰী, নিৰ্মল ভটাচাৰ্যী আৰু পবিত্ৰ বৰাই । ইপিনে, এই প্ৰতিযোগিতাৰ মঙলবাৰে কোনো খেল নাই । এতিয়া অহা ২১ ছেপ্টেম্বৰত প্ৰথমখন ছেমি ফাইনেলত দুলীয়াজানৰ অ’ইল ইণ্ডিয়া এফ চিয়ে নগাঁৱৰ সঞ্জীৱন সমাজৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments