Tuesday, October 4, 2022
HomeNewsস্বাধীনতা দিৱস কাপ ফুটবল আৰম্ভ : কামপুৰত আৰম্ভণিৰ খেলত ইলেভেন ষ্টাৰৰ জয়

স্বাধীনতা দিৱস কাপ ফুটবল আৰম্ভ : কামপুৰত আৰম্ভণিৰ খেলত ইলেভেন ষ্টাৰৰ জয়

অলিম্পিয়া স্প’ৰ্টছৰহৈ নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকা

নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম পুৰণি তথা ঐতিহ্যমণ্ডিত সৰ্বভাৰতীয় আমন্ত্ৰণমূলক প্ৰাইজমানি স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা । এইবাৰৰ ৭৪ সংখ্যক প্ৰতিযোগিতাখনি মঙলবাৰৰ পৰা আৰম্ভ হৈছে । নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত আৰু কামপুৰ ক্ৰীড়া সংস্থাৰ ব্যৱস্থাপনাত মঙলবাৰে কামপুৰ খেলপথাৰত উদ্বোধনী খেলত বঙাইগাঁৱৰ ইলেভেন ষ্টাৰে তিনিচুকীয়াৰ বাৰেকুৰী ফুটবল ক্লাবক ২-০ গ’লত পৰাজিত কৰে । খেলখনত ইলেভেন ষ্টাৰৰহৈ কলডলন খৰমাউফাউলাং (৭মিনিট) আৰু নৱ ৰাভা (৫৯মিনিট) ই ক্ৰমে গ’ল দুটা দিয়ে । খেলখন পৰিচালনা কৰাত ৰেফাৰী ৰূপম বৰদলৈক সহায় কৰে চাহজাহান আলী চৌধুৰী, নিৰ্মল ভটাচাৰ্য আৰু পবিত্ৰ বৰা (চতুৰ্থ) ই । এই প্ৰতিযোগিতাৰ কামপুৰৰ খেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি ৰাজেন গোহাঁইয়ে । শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি ৰাজেন গোহাঁইৰ লগতে অসম ফুটবল সন্থাৰ যুটীয়া সম্পাদক প্লাৱন বৰুৱা, বিশিষ্ট ক্ৰীড়া সংগঠক তপন কুমাৰ শৰ্মা, প্ৰশান্ত কুমাৰ বৰা (জিতু), জীৱনমল চূড়াণা, অসীম ভাৱাল, ৰমেশ আগৰৱালা, বাবুল বৰা, সুনীল ভূঞা, সমীৰ হাজৰিকা, দিলীপ তালুকদাৰ, মোহন চন্দ্ৰ বৰা, আমিনুল ইছলাম বক্মী, নাছিৰউদ্দিন আহমেদ, কামপুৰ পৌৰসভাৰ সভাপতি ধৰিত্ৰী বৰুৱা, সমাজকৰ্মী প্ৰমোদ লস্কৰ, মদন বৰদলৈ আদি উপস্থিত থাকে । এইবাৰ প্ৰতিযোগিতাৰ খেলসমূহ নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ উপৰি কামপুৰ ক্ৰীড়া সংস্থাৰ ব্যৱস্থাপনাত কামপুৰৰ খেলপথাৰত আৰু ধিং ক্ৰীড়া সংস্থাৰ ব্যৱস্থাপনাত ধিঙৰ খেলপথাৰতো আয়োজন কৰা হৈছে । কামপুৰত মঙলবাৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ আৰু ধিঙত বুধবাৰৰ পৰা ১১ ছেপ্টেম্বৰলৈ সমান্তৰালভাবে প্ৰাৰম্ভিক পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হোৱাৰ পাছত অহা ১১ ছেপ্টেম্বৰত নুৰুল আমিন ষ্টেডিয়ামত এখন প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেল আৰু ১২ ছেপ্টেম্বৰৰ পৰা কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ লীগ ভিত্তিত হ’ব । ইপিনে কামপুৰত বুধবাৰে নগাঁৱৰ ষ্টাৰ স্প’ৰ্টিং ক্লাব বনাম যোৰহাটৰ বৰভেটা স্প’ৰ্টছ ক্লাবৰ বিপৰীতে ধিং ষ্টেডিয়ামত প্ৰথমখন খেলত ওডালগুৰিৰ দৈমালু ক্লাব বনাম মৰাণ টাউন ক্লাবৰ মাজত অনুষ্ঠিত হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments