Friday, September 30, 2022
HomeNewsস্বৰ্ণকন্যা নয়নমণি শইকীয়ালৈ ৰাজ্য চৰকাৰৰ ডিএছপিৰ মৰ্যাদা

স্বৰ্ণকন্যা নয়নমণি শইকীয়ালৈ ৰাজ্য চৰকাৰৰ ডিএছপিৰ মৰ্যাদা

স্বৰ্ণকন্যা নয়নমণি শইকীয়ালৈ ৰাজ্য চৰকাৰৰ ডিএছপিৰ মৰ্যাদা

অলিম্পিয়া প্ৰতিবেদন: স্বৰ্ণকন্যা নয়নমণি শইকীয়ালৈ ৰাজ্য চৰকাৰৰ ডিএছপিৰ মৰ্যাদা । লগতে ৫০ লাখ টকাৰ আৰ্থিক উপহাৰ । ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

মংগলবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কমনৱেলথ গেমছত স্বৰ্ণজয়ী নয়নমণি শইকীয়াৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হৈছে । এই বৈঠকৰ পাছতে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে কেবিনেট বৈঠকৰ সিদ্ধান্ত । লনববলৰ যোগেদি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা নয়নমণিক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ’ব বিশেষ সন্মান ।

লনবলত স্বৰ্ণজয় কৰা অসমৰ নয়নমণিক ৰাজ্য চৰকাৰে প্ৰদান কৰিব ৫০ লাখ টকাৰ আৰ্থিক উপহাৰ । নয়নমণিক ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ উপ -আৰক্ষী অধীক্ষক হিচাপে নিযুক্তিৰ সিদ্ধান্ত লৈছে । মংগলবাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । বিকল্প হিচাপে, বন বিভাগত ডেপুটি কমাণ্ডেন্ট পদৰ বাবেও খেলুৱৈগৰাকীলৈ প্ৰস্তাৱ ৰাখিছে ৰাজ্য চৰকাৰে । অসম সংহত ক্ৰীড়া নীতি ২০১৭-২০১৮ ৰ আধাৰত এই নিযুক্তি দিয়া হব নয়নমণি শইকীয়াক । ৩ ছেপ্টেবৰৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিৱসত নয়নমণিলৈ এই সন্মান আগবঢ়াব ৰাজ্য চৰকাৰে ।

উল্লেখযোগ্য যে সদ্যসমাপ্ত কমনৱেলথ গেমছত ইতিহাস ৰচনা কৰি লনবলত ভাৰতীয় মহিলা দলটোৱে স্বৰ্ণ জয় কৰিছে । প্ৰথমবাৰৰ বাবে স্বৰ্ণজয় কৰা ভাৰতীয় দলটোৰ অন্যতম সদস্য আছিল অসমৰ নয়নমণি শইকীয়া ।

ক্ৰীড়া অনুৰাগীৰ আশা — ডি এছ পি মৰ্যাদাৰে সন্মানিত হওক সৰুপথাৰৰ নয়নমণি শইকীয়া । নয়নমনিৰ আৰ্দশেৰে অনুপ্ৰাণিত হওক অসমৰ হেজাৰ জনী নয়নমণি ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments