Monday, October 3, 2022
HomeNewsস্বৰ্ণকাপ ফুটবলত হৰিশিঙা আঞ্চলিক ক্ৰীড়া সন্থা ফাইনেলত

স্বৰ্ণকাপ ফুটবলত হৰিশিঙা আঞ্চলিক ক্ৰীড়া সন্থা ফাইনেলত

অলিম্পিয়া প্ৰতিবেদন

হৰিশিঙাত ২২ সংখ্যক সৰ্বভাৰতীয় জৌহৌলাও বালিৰাম বড়ো স্বৰ্ণকাপ ফুটবল । হৰিশিঙা আঞ্চলিক ক্ৰীড়া সন্থা ফাইনেলত ।

ওদালগুৰি জিলাৰ অন্তৰ্গত হৰিশিঙা আঞ্চলিক বড়ো ছাত্ৰ সন্থা আৰু হৰিশিঙা ক্ৰীড়া সন্থাৰ যুটীয়া উদ্যোগত ৰবি কছাৰী মিনি ষ্টেডিয়ামত অব্যাহত আছে ২২ সংখ্যক সৰ্বভাৰতীয় জৌহৌলাও বালিৰাম বড়ো স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা । শুক্ৰবাৰে প্ৰথম খন ছেমিফাইনেলত হৰিশিঙা আঞ্চলিক ক্ৰীড়া সন্থাই বিজনীৰ ফেৰেংগাদাও এফ চিক ৫-২ গ’লৰ ব্যৱধানত পৰাজিত কৰি ফাইনেলত প্ৰবেশ কৰে ।

ফুটবল প্ৰশিক্ষক যোগেশ্বৰ দৈমাৰীয়ে খেলখন উদ্বোধন কৰাৰ পিছৰে পৰা দুয়োটা দল তীব্ৰ প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হয় । প্ৰথমৰে পৰা ঘৰুৱা দল হৰিশিঙা আঞ্চলিক ক্ৰীড়া সন্থাই তীব্ৰ গতিৰে সুন্দৰ খেল প্ৰদৰ্শন কৰে । খেলৰ ২২ মিনিটত ষ্ট্ৰাইকাৰ মাইকেল দৈমাৰীয়ে ১টা, ইৰাক দৈমাৰীয়ে ৫৮ আৰু ৬৬ মিনিটত ২টা আৰু কৌশিক দৈমাৰীয়ে ৭৮, ৮৪ মিনিটত ২ টাকৈ স্কৰ কৰি বিজনীৰ ফেৰেংগাদাও এফ চিক ধৰাশায়ী কৰে । ইয়াৰ বিপৰীতে ফেৰেংগাদাও এফ চিৰ ষ্ট্ৰাইকাৰ বিষ্ণু বৰদলৈয়ে ৩৫ মিনিটত ১ টা আৰু উত্তেজনাৰ মাজতে মহাদেৱ মুছাহাৰীয়ে ৯০ মিনিটত ১ টা গল দিয়ে । ফলত হৰিশিঙা আঞ্চলিক ক্ৰীড়া সন্থাৰ হাতত ফেৰেংগাদাও এফ চি ৫-২ গ’লত পৰাজিত হয় ।
উল্লেখযোগ্য যে, খেলখন পৰিচালনা কৰে দেবেন কুমাৰ বড়োৱে । তেওঁক সহায় কৰে মৃদুল বসুমতাৰী, ইলিছ মুচাহাৰী আৰু বাবুৰাম দৈমাৰীয়ে । শনিবাৰে শ্বিলঙৰ ৰিভিউ এফ চি আৰু গোসাইগাঁৱৰ গ্লোবেল এফ চিৰ মাজত দ্বিতীয়খন ছেমিফাইনেল খেল অনুষ্ঠিত হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments