Friday, September 30, 2022
HomeNewsস্বৰ্ণ জিনি ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে ভাস্কৰজ্যোতি দত্তই

স্বৰ্ণ জিনি ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে ভাস্কৰজ্যোতি দত্তই

স্বৰ্ণ জিনি ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে ভাস্কৰজ্যোতি দত্তই

অলিম্পিয়া প্ৰতিবেদন: মধ্যপ্ৰদেশত অসম সন্তানে উৰুৱালে বিজয় ধ্বজা । স্বৰ্ণ জিনি ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে ভাস্কৰজ্যোতি দত্তই । ফুলাম গামোচাৰে গাঁওবাসীয়ে জনালে উষ্ম আদৰণি ।

বিগত ১৬ ৰ পৰা ১৮ ছেপ্টেম্বৰলৈকে মধ্যপ্ৰদেশত অনুষ্ঠিত হয় সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেচনৰ সপ্তম ৰাষ্ট্ৰীয় খেল সমাৰোহ । এই প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ মদাৰখাত অঞ্চলৰ হাটখোলা গাঁৱৰ ভাস্কৰজ্যোতি দত্তই অসমৰ হৈ প্ৰতিনিধিত্ব কৰি অৰ্জন কৰিছে পদক । ৬০ আৰু ১০০ মিটাৰ দৌৰত সোণৰ পদক‌ আৰু ডিছকাছ থ্ৰ’ত ৰূপৰ পদক প্ৰাপ্তিৰে দৰ্শনীয় অভিলেখেৰে ডিব্ৰুগড় জিলাৰ মদাৰখাতৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে খেলুৱৈগৰাকীয়ে ।

উল্লেখ্য যে, ভাস্কৰজ্যোতি দত্ত ডুলিয়াজান-নুমলীগড় পাইপ লাইন লিমিটেড ( দুলিয়াজান অসম)ৰ নিৰাপত্তা বিষয়া হিচাপে বৰ্তমান কৰ্মৰত । মদাৰখাত অঞ্চলৰ হাটখোলা গাঁৱৰ নিবাসী বিশ্বনাথ দত্ত আৰু পূৰ্ণিমা ভৰালী দত্তৰ সুযোগ্য সন্তান ভাস্কৰজ্যোতি । খেলুৱৈ গৰাকীৰ সাফল্যত সমগ্র অঞ্চল তথা জিলাখনৰ ৰাইজ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে মদাৰখাত হাটখোলা গাঁৱত খেলুৱৈগৰাকী উপস্থিত হোৱাত হাটখোলা গাঁৱৰ ৰাইজে ভাস্কৰজ্যোতি দত্তক উষ্ম আদৰণি জনালে । গাঁওবাসীৰ মৰম পাই অভিভূত হৈ পৰিল ভাস্কৰজ্যোতি দত্ত —-

ক্ৰীড়া অনুৰাগীৰ আশা ——- ভাস্কৰজ্যোতিৰ এই বিজয়ধাৰা চিৰপ্ৰবাহমান হওক । অনাগত সময়তো পদক অৰ্জনৰে অসম তথা ভাৰতক দিয়ক গৌৰৱৰ কৃতিত্ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments