স্বৰ্ণ জিনি সকলোৰে নয়নৰ মণি হৈ পৰিছে অসমৰ নয়নমণি
কুমুদ তালুকদাৰ: সকলোৱে এতিয়া নযনৰ মণি। অসম তথা দেশবাসীৰ মৰম আৰু আশীৰ্বাদৰ বাবেই এই সাফল্য সম্ভৱ হৈছে । এপ্ৰিলৰ পৰা লগ পোৱা নাই পৰিয়ালৰ লগতে একমাত্ৰ কন্যাক । মহিলাৰ পেয়াৰ্ছ শাখাৰ কোৱাৰ্টাৰ ফাইনেলতো জয়।
নয়নমণি শইকীয়া এতিয়া অসমৰ লগতে সমগ্ৰ দেশৰে এটি চিনাকি নাম ৷ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ ফ’ৰ ইভেণ্টত স্বৰ্ণপদক জয় কৰি নয়নমণি শইকীয়া সকলোৰে নয়নৰ মণি হৈ পৰাৰ লগতে লন বলকো নিশাটোৰ ভিতৰতে জনপ্ৰিয় কৰি তুলিলে ৷ এতিয়াও মহিলাৰ পেয়াৰ্ছত পদকৰ আশা সজীৱ কৰি ৰখা খেলুৱৈগৰাকীয়ে এই ইভেন্টৰো ছেমিফাইনেলত প্ৰৱেশ কৰিছে ৷
লাভলী চৌবেৰ সৈতে যুটি বান্ধি খেলা নয়নমণিয়ে পেয়াৰ্ছৰ ছেমিফাইনেল খেলিব যদিও অনুৰাগীৰ মাজত প্ৰত্যাশা অধিক বৃদ্ধি পাব বুলি আৰু সেই প্ৰত্যাশাই অতিৰিক্ত চাপৰ সৃষ্টি কৰিব বুলিয়ে তেওঁ এই বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই ৷ বুধবাৰে পুৱাৰ পৰা খেলি থকাৰ বাবে সন্ধিয়াহে খাবলৈ বহা নয়নমণিয়ে খোৱা টেবুলৰ পৰাই এই প্ৰতিবেদকৰ সৈতে ভিডিঅ’ কলিং কৰি কথা পাতে ৷
ৰাজ্যৰ লগতে দেশৰ বিভিন্ন সংবাদ মাধ্যম আৰু অনুৰাগীৰ পৰা অহা ফোনৰ বাবে সময়ে সময়ে ব্যস্ত হ’বলগীয়া হোৱা অসমকন্যাই পূৰ্বৰ পোৱা- নোপোৱাৰ হিচাপ নকৰি এতিয়া আনন্দত অধীৰ হৈ পৰিছে ৷ পদক জয়ৰ পাছত ৪ বছৰীয়া একমাত্ৰ কন্যাক পাবলৈ ব্যাকুল হৈ পৰা নয়নমণিয়ে কয়— “বহাগ বিহুৰ পৰাই মই তাইক পোৱা নাই ৷
এয়া এক বুজাব নোৱাৰা অনুভূতি
প্ৰশিক্ষণৰ সুবিধাৰ বাবে তেতিয়াৰ পৰা মই গুৱাহাটীতে আছিলো ৷ বাৰ্মিংহামৰ পৰা মই কি নিম বুলি সোধোতে তাই এটা পুতলা নিবলৈ দিছিল ৷ এতিয়া স্বৰ্ণ পদকৰ লগত পোৱা পুতলা সদৃশ মেছকটটো মই তাইৰ হাতত তুলি দিম ৷ এয়া এক বুজাব নোৱাৰা অনুভূতি ৷” এই সাফল্যৰ বাবে কাক কৃতিত্ব দিব খোজা বুলি সোধাত তেওঁ কয়, “ অসমবাসীৰ লগতে দেশবাসীৰ মৰম আৰু আশীৰ্বাদৰ বাবেই এই সাফল্য অাহিছে ৷
তদুপৰি পৰিয়াল, প্ৰশিক্ষক আৰু অসম লন বল সন্থাকো ধন্যবাদ জনাব বিচাৰো ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আমাৰ এই কৃতিত্বৰ বাবে অভিনন্দন জনোৱাত গৌৰৱ অনুভৱ কৰিছো ৷ আশা কৰিছো, পৰৱৰ্তী সময়তো এই সফলতাৰ ধাৰা অক্ষুণ্ণ ৰাখিব পাৰিম ৷”
উল্লেখ্য যে নয়নমণিৰ লগতে আন এগৰাকী অসম সন্তান মৃদুল বৰগোহাঁয়ে লন বলত পদকৰ আশা সজীৱ কৰি ৰাখিছে ৷ বাৰ্মিংহামৰ পৰা এই প্ৰতিবেদকক মৃদুলে জনোৱা মতে তেওঁ ছিংগলছত এই পৰ্যন্ত বিজয় অব্যাহত ৰাখিছে ৷ অৱশ্যে বৃহস্পতিবাৰে তেওঁৰ আছে এখন গুৰুত্বপূৰ্ণ মেচ ৷ সেইখন মেচৰ ফলাফলৰ পিছতহে গম পোৱা যাব তেওঁৰ পদকৰ নিশ্চয়তা ৷