সৰুসজাইত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন
অলিম্পিয়া প্ৰতিবেদন: যোগাসনত ব্যস্ত খেলুৱৈ, ক্ৰীড়া সংগঠক, প্ৰশিক্ষক । যোগাসনত বুৰ গল সৰুসজাই এথলেটিকছ ষ্টেডিয়ামৰ চৌপাশ । ওমকাৰৰ শব্দত ৰজনজনালে সৰুসজাই ।
মঙলবাৰে ২১ জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । সমগ্ৰ বিশ্ব জুৰি পালন কৰা হৈছে এই বিশেষ দিনটো । অসমতো বিভিন্ন ঠাইত যোগ দিৱসৰ আয়োজন কৰা হৈছে । পুৱাই সৰুসজাই এথলেটিকছ ষ্টেডিয়ামত যোগাসন কৰিবলৈ আহিল সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকল ।
গুৱাহাটী সৰুসজাই ক্ৰীড়া প্ৰকল্পত মংগলবাৰে আয়োজিত কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । অসম অলিম্পিক সন্থা, অসম ক্ৰীড়া প্ৰাধিকৰণ আৰু ক্ৰীড়া ভাৰতীয়ে যৌথভাৱে অনুষ্ঠিত কৰিলে এই অনুষ্ঠান । যোগ পৰিচালকে কোৱাৰ দৰেই খেলুৱৈ ,প্ৰশিক্ষক আৰু ক্ৰীড়া সংগঠকসকলে কৰি গ’ল যোগাসন ।
ইয়াৰ উপৰি যোগৰ বিভিন্ন ভংগীমাত দেখা গল -অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, পশ্চিম গুৱাহাটী আৰক্ষী উপ আয়ুক্ত নৱনীত মহন্ত, এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাৰ লগতে ক্ৰীড়া ভাৰতীৰ বিষয় ববীয়াসকলক ।অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে এই অনুষ্ঠানত উপস্থিত থাকি প্ৰকাশ কৰিলে মনোভাৱ ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
যোগ দিৱসৰ এই অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ যুটীয়া সম্পাদক অলক ত্রিপাথি । যোগৰ গুৰুত্বৰ কথা দোহাৰিলে তেওঁ ।
এই বিশেষ অনুষ্ঠানত উপস্থিত থাকি আনন্দিত এথলেটিকছ ক্ষেত্ৰৰ প্ৰশিক্ষক নিপন দাস । শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনত যোগৰ গুৰুত্বৰ কথা কলে নিপন দাসে ।
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি ৩০ ঘন্টা পানীত যোগাসন কৰি অভিলেখ সৃষ্টিৰ দিশে আগবঢ়া বাবুল গুৰুং আৰু কুলদ্বীপ শইকীয়াক শুভেচ্ছা জনালে আৰক্ষী উপ আয়ুক্ত নৱনীত মহন্তই ।
ক্ৰীড়া অনুৰাগীৰ আশা– -এই যোগাসনে ক্ৰীড়া জগতৰ লগত জড়িত প্ৰতিজন ব্যক্তিক দিয়ক মানসিক আৰু শাৰিৰীক শক্তি । অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰাও প্ৰতিগৰাকী দৰ্শককৈ আন্তৰিক শুভেচ্ছা জনালো ।