Tuesday, October 4, 2022
HomeNewsসৰুসজাইত দৌৰবিদ অম্লান বৰগোঁহাইক সম্বৰ্ধনা

সৰুসজাইত দৌৰবিদ অম্লান বৰগোঁহাইক সম্বৰ্ধনা

সৰুসজাইত দৌৰবিদ অম্লান বৰগোঁহাইক সম্বৰ্ধনা

অলিম্পিয়া প্ৰতিবেদন: দৌৰবিদ অম্লান বৰগোহাঁইক সম্বৰ্ধনা । অসম এথলেটিকছ সন্থাই সৰুসজাইত আয়োজন কৰিলে এই অনুষ্ঠানৰ । অম্লানক ৰাজ্য চৰকাৰে প্ৰদান কৰিব ৫ লাখ টকা। বৃহস্পতিবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ সভাগৃহত দৌৰবিদ অম্লান বৰগোহাঁইক সম্বৰ্ধনা জনালে অসম এথলেটিকছ সন্থাই । এই অনুষ্ঠানত উপস্থিত থাকে অসম ক্ৰীড়া প্ৰাধিকৰণৰ উপাধ্যক্ষ তথা অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ , ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰী, “অলিম্পিয়া” আলোচনীৰ মুখ্য সম্পাদক ৰাজীৱ প্ৰকাশ বৰুৱা , অসম অলিম্পিক সন্থাৰ উপ সভাপতি কল্যাণ গগৈ , কোষাধ্যক্ষ তপন দাসকে ধৰি বহু বিশিষ্ট ব্যক্তি । অসম এথলেটিকছ সন্থাৰ সম্পাদক অশোক ভৰালীয়ে আঁত ধৰা অনুষ্ঠানত লক্ষ্য কোঁৱৰে অম্লানৰ ক্ৰীড়া যাত্ৰাৰ বিষয়ে বিবৰি কয় ।

আৰু অধিক পঢ়ক

যোৰহাটৰ অম্লানে পিতৃৰ কৰ্মসূত্ৰে হাইদৰাবাদত ক্ৰীড়া জীৱন আৰম্ভ কৰিছিল । জুনিয়ৰ পৰ্যায়ত তেওঁ তেলেংগানাক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভাৰ পৰিচয় দিছিল । ইয়াৰ পাছত তেলেংগানা চৰকাৰৰ পৰা আপত্তিবিহীন প্ৰমাণ পত্ৰ (এন অ’ চি) লৈ অম্লানক অসমলৈ স্থানান্তৰ কৰা হয় । তেতিয়াৰে পৰা অম্লানক সৰুসজাই ক্ৰীড়া প্ৰকল্পত থকাৰ সুযোগ কৰি দিয়ে অসম এথলেটিকছ সন্থাই । বৰ্তমান তেওঁ ভুৱনেশ্বৰৰ ৰিলায়েন্স একাডেমীত বিজ্ঞানসন্মত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । সম্বৰ্ধনা গ্ৰহণ কৰি অম্লানে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে,

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

লক্ষ্য কোঁৱৰে জনোৱা মতে কেৰেলাৰ কলিকটত সদ্য সমাপ্ত ফেডাৰেচন কাপ ৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপত পুৰুষৰ ২০০ মি: দৌৰত অম্লানে ২০.৫২ ছেকেণ্ডেৰে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি স্বর্ণ পদক অৰ্জন কৰে । তদুপৰি তেওঁ সমাগত এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰে । ইয়াৰ লগতে বিশ্ব চেম্পিয়নশ্বিপৰ বাবেও তেওঁ অন্যতম দাবীদাৰ হয় । এছিয়ান গেমছৰ বাবে যোগ্যতা অর্জন কৰাত অম্লানক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দুই এদিনৰ ভিতৰতে ৫ লাখ টকা প্ৰদান কৰা হ’ব । অসম ক্ৰীড়া প্ৰাধিকৰণৰ ফালৰ পৰা অম্লানক ৫০ হাজাৰ টকা দিয়া হৈছে । প্ৰসংগক্ৰমে ৰিলায়েন্স একাডেমীয়ে উন্নত প্ৰশিক্ষণ গ্ৰহণ আৰু প্ৰতিযোগিতাৰ বাবে অম্লানক ইউৰোপলৈ পঠোৱাৰ সিদ্ধান্ত লৈছে । এতিয়া সমগ্ৰ অসমবাসীৰ আশা—- অম্লানে সমাগত এছিয়ান গেমছ আৰু বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত পদক অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments