Tuesday, October 4, 2022
HomeNewsসৰুসজাইত দৰ্শকশূন্য ডুৰাণ্ড কাপ ফুটবল

সৰুসজাইত দৰ্শকশূন্য ডুৰাণ্ড কাপ ফুটবল

কোৱাটাৰ ফাইনেলত কেৰেলা বাষ্টাৰৰ্ছ

অলিম্পিয়া প্ৰতিবেদন: সৰুসজাইত দৰ্শকশূন্য ডুৰাণ্ড কাপ ফুটবল । কম দৰ্শকৰ সমাৱেশত কেৰালা ব্লাষ্টাৰ্ছ এফ চি আৰু আৰ্মী গ্ৰীণৰ খেল প্ৰদৰ্শন । গ্ৰুপ ‘ডি’ৰ পৰা কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিলে কেৰালা ব্লাষ্টাৰ্ছে ।

গুৱাহাটীবাসীৰ ফুটবলৰ প্ৰতি হাবিয়াস কমিছে নেকি ? গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামৰ খালী গেলাৰীয়ে যেন বহু কথাই কৈ গ’ল । ভাৰতীয় সেনাৰ উদ্যোগত দেশৰ কেইবাটাও স্থানত চলি আছে ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ । তাৰেই অন্যতম ভেন্যু সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়াম । গুৱাহাটীৰ উদ্বোধনী মেচত নৰ্থ ইষ্ট ইউনাইটেড আৰু উৰিষ্যা এফ চি অৱতীৰ্ণ হৈছিল খেলপথাৰত । সেইদিনা দৰ্শকৰ সমাৱেশ দেখি সকলোৱে হয়তো ভাবিছিল, ফুটবলৰ সেই ভাল দিন পুনৰ উভতি আহিছে । চৰকাৰেও মেচ চাবলৈ গুৱাহাটী আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ বাবে যোগান ধৰিলে বাছ ।

পিছে এই দৃশ্য বুধবাৰ ৩১ আগষ্টৰ । ষ্টেডিয়ামত চলি আছে কেৰালা ব্লাষ্টাৰ্ছ আৰু আৰ্মি গ্ৰীণৰ হাই ভল্টেজ মেচ । ইয়াৰ বিপৰীতে মণিপুৰৰ ইম্ফল খুমান লাম্পাক ষ্টেডিয়ামত দৰ্শকে ভৰি পৰিছে । প্ৰতিখন মেচত হেজাৰ হেজাৰ দৰ্শকৰ কোলাহলত মুখৰিত ডুৰাণ্ড কাপৰ মৈদান । অসমৰ সচেতন ফুটবল অনুৰাগীক ভবাই তুলিছে আচলতে হৈছে কি ? এইবাৰৰ ডুৰাণ্ড কাপত আই এছ এলৰ দৰে ১১ টাকৈ দলে অংশগ্ৰহণ কৰিছে । পিছে গুৱাহাটীত অভাৱ ফুটবলৰ দৰ্শকৰ । এনে উন্নত মানদণ্ডৰ খেলত দৰ্শকৰ কম অনুপস্থিতিয়ে আপোনাক দিব ভয়ংকৰ ভৱিষ্যতৰ ইংগিত ।

এইদৰেই গুৱাহাটীত চলি আছে ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ । বুধবাৰে সমুখ সমৰত নামিল কেৰালা ব্লাষ্টাৰ্ছ এফ চি বনাম আৰ্মি গ্ৰীণ দল । অন্তিম গ্রুপ মেচত দর্শনীয় প্ৰদৰ্শনেৰে কেৰালা ব্লাষ্টাৰ্ছ এফ চিয়ে গ্রুপ ‘ডি ’ৰ পৰা দ্বিতীয়টো দলৰূপে চলিত ঐতিহ্যমণ্ডিত ১৩১ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে । গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত হোৱা প্ৰতিযোগিতাৰ ‘ডি’ গ্ৰুপৰ এখন গুৰুত্বপূৰ্ণ মেচত আই এছ এলৰ দল কেৰালা ব্লাষ্টাৰ্ছে ২-০ গ’লত পৰাস্ত কৰে আৰ্মি গ্ৰীণ দলক ।

এই গ্ৰুপৰ পৰা ওড়িছা এফ চিয়ে ইতিমধ্যে প্রথমটো দলৰূপে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল । কিন্তু দ্বিতীয়টো দল কোন হ’ব সেয়া নিশ্চিত হোৱাৰ মৰণপণ মেচত অংশ লয় কেৰালা ব্লাষ্টাৰ্ছ আৰু আৰ্মি গ্ৰীণে । খেলৰ ২৫ মিনিটত মহম্মদ আইমনে, ৪৫ মিনিটত আৰিত্ৰ দাসে গ’ল কৰি বিৰতিলৈ কেৰালাক ২-০ ত আগুৱাই ৰাখে ।

দ্বিতীয়ার্ধত আর্মি গ্ৰীণে প্রত্যাৱৰ্তনৰ চেষ্টা কৰে যদিও বিফল হয় । দ্বিতীয়ার্ধত কেৰালাই গ’ল কৰিব নোৱাৰিলেও নিজৰ দুৰ্গ ৰক্ষা
কৰে আৰু কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অর্জন কৰে ।

ক্ৰীড়া অনুৰাগীৰ আশা — -অসমত সফল হওক ডুৰাণ্ড কাপ । ফুটবল দৰ্শকৰ কোলাহলত পুনৰ মুখামুখি হওক ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়াম ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments