Wednesday, August 10, 2022
HomeNewsসৰুসজাইত ৭ আগষ্টত জেভলিন দিৱস প্ৰতিযোগিতা

সৰুসজাইত ৭ আগষ্টত জেভলিন দিৱস প্ৰতিযোগিতা

সৰুসজাইত ৭ আগষ্টত জেভলিন দিৱস প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন: অসম এথলেটিকছ এছ’চিয়েচন আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ যুটীয়া উদ্যোগত ৭ আগষ্ট, দেওবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথম বাৰ্ষিক জেভেলিন থ্ৰ’ প্ৰতিযোগিতা । ভাৰতৰ গৌৰৱ জেভেলিন থ্ৰ’ৱাৰ নিৰজ ছোপ্ৰাই ২০২১ বৰ্ষৰ অলিম্পিকত সোণৰ পদক লাভ কৰা ৭ আগষ্টৰ দিনটোত ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তত এই জেভেলিন দিৱসত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।

আৰু অধিক পঢ়ক

তাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীতো লৰা-ছোৱালী উভয়ৰে ১৪ বছৰ অনুৰ্ধ্ব,১৬ বছৰ অনুৰ্ধ্ব, ১৮বছৰ অনুৰ্ধ্ব, ২০ বছৰ অনুৰ্ধ্ব আৰু পুৰষ-মহিলা উভয়ৰে মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।

প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী প্ৰতিযোগীসকলে ৭ আগষ্টৰ পুৱা ৭ বজাত সৰুসজাই ষ্টেডিয়ামত খেলৰ বাবে উপস্থিত হোৱাৰ লগতে বয়সৰ প্ৰমানপত্ৰ লগত আনিবলৈ উদ্যোক্তাই অনুৰোধ জনাইছে । প্ৰতিযোগিতাৰ কাৰ্যসূচীত ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি উদ্যোক্তাই আন্তৰিকতাৰে কামনা কৰিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments