Tuesday, October 4, 2022
HomeNewsসৰুসজাইত ৰাষ্ট্ৰীয় ছিনিয়ৰ জলক্ৰীড়া চেম্পিয়নশ্বিপ

সৰুসজাইত ৰাষ্ট্ৰীয় ছিনিয়ৰ জলক্ৰীড়া চেম্পিয়নশ্বিপ

 প্ৰথমদিনাৰ খেলত অসমৰ দুটা পদক

অলিম্পিয়া প্ৰতিবেদন:সৰুসজাইত ৰাষ্ট্ৰীয় ছিনিয়ৰ জলক্ৰীড়া চেম্পিয়নশ্বিপ । বৰষুণৰ বিধি পথালিৰ মাজতে প্ৰথম দিনাৰ খেল সমাপ্ত । অসমে অৰ্জন কৰিছে দুটাকৈ পদক ।

মংগলবাৰৰ পৰা সৰুসজাইৰ ড০ জাকিৰ হুছেইন একোৱাটিক কমপ্লেক্সত অনুষ্ঠিত হৈছে ৭৫ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ জলক্ৰীড়া চেম্পিয়নশ্বিপ । ভাৰতীয় ছুইমিং ফেডাৰেচন আৰু অসম সাঁতোৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাতখনত অংশ লৈছে দেশৰ ২২ খন ৰাজ্যৰ প্ৰায় ৭০০ ৰো অধিক সন্তৰণবিদে । বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ছিনিয়ৰ জলক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠান ।

মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰিলে উপস্থিত বিশিষ্ট অতিথি সকলে । অসমৰ লোকসংস্কৃতি উপভোগ কৰিলে সকলো ৰাজ্যৰ খেলুৱৈয়ে । মংগলবাৰে প্ৰথম দিনা অনুষ্ঠিত হল পুৰুষ – মহিলাৰ ৪০০ মিটাৰ ফ্ৰিষ্টাইল, পুৰুষ মহিলাৰ ২০০ মিটাৰ ইনডুভিজুৱেল মেডলি, পুৰুষ – মহিলাৰ ব্ৰেষ্ট ষ্টক, ফ্ৰি ষ্টাইল ৰিলে আদি । প্ৰতিযোগিতাৰ মাজতে বৰষুণে অসুবিধা কৰিলেও সকলো প্ৰত্যাহ্বান নেওচি আগবাঢ়িছে অসম সাঁতোৰ সন্থা —

ইফালে প্ৰথম দিনা অসম দলে সুন্দৰ আৰম্ভণি কৰিছে । প্ৰথমদিনাই দুটাকৈ ইভেণ্টত অসমে আজুৰি আনিছে দুটা পদক । মহিলাৰ ৪০০ মিটাৰ ফ্ৰিষ্টাইলত অসমৰ শিংবাগী শৰ্মাই অৰ্জন কৰিছে ব্ৰঞ্জৰ পদক । আনহাতে, ৪ × ৫০ মিটাৰ মিক্সড ৰিলেত অসম দলে লাভ কৰিলে ৰূপ । এই সম্পৰ্কে জনালে সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুঙে —

বুধবাৰে আৰম্ভ হৈছে দ্বিতীয় দিনাৰ খেল । দ্বিতীয় দিনাৰ ইভেন্টসমূহ হ’ল— ১৫০০ মিটাৰ ফ্ৰিষ্টাইল, ৪০০ মিটাৰ ইনডুভিজুৱেল মেডলি, ২০০ মিটাৰ বেক ষ্টক, ৫০ মিটাৰ ফ্ৰি ষ্টাইল, ৪ × ১০০ মিটাৰ ফ্ৰি ষ্টাইল ৰিলে আদি । দ্বিতীয় দিনাৰ খেলতো অসমে ভাল ফলাফল দাঙি ধৰিব বুলি আশাবাদী প্ৰশিক্ষক বাবুল গুৰুং —

আনহাতে, ৰাষ্ট্ৰীয় ছিনিয়ৰ জলক্ৰীড়া চেম্পিয়নশ্বিপত উপস্থিত থাকি আনন্দিত ভাৰতীয় ছুইমিং ফেডাৰচনৰ উপ সভাপতি কমলেশ নানাৱতী । প্ৰতিযোগিতাখনৰ সন্দৰ্ভত মন্তব্য কৰিছে ৰাষ্ট্ৰীয় উপ সভাপতি গৰাকীয়ে —ক্ৰীড়া অনুৰাগীৰ কামনা —- অসমত সাফল্যমণ্ডিত হওক ছিনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া চেম্পিয়নশ্বিপ । এই উন্নত মানৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসম দলে সফলতাৰ শিখৰ স্পৰ্শ কৰক । ভাৰতীয় সাঁতোৰ ক্ষেত্রত ৰোপন হওঁক অসমৰ গৌৰৱজ্জল নাম ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments