সৰ্বভাৰতীয় অসামৰিক সেৱাৰ ভাৰোত্তোলনত অসমৰ জ্যোৎস্না দেৱীৰ ব্ৰঞ্জ
অলিম্পিয়া প্ৰতিবেদন: সৰ্বভাৰতীয় অসামৰিক সেৱাত জড়িত কৰ্মচাৰীসকলৰ মাজত অনুষ্ঠিত হৈ থকা ক্ৰীড়া মহোৎসৱত অসমে সফলতা লাভ কৰিছে ৷ দিল্লীত অনুষ্ঠিত হৈ থকা সৰ্বভাৰতীয় অসামৰিক সেৱা ভাৰোত্তোলন প্ৰতিযোগিতাত অসমৰ দলটোৰ হৈ অংশগ্ৰহণ কৰি জ্যোৎস্না দেৱীয়ে ৭২ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হৈছে ৷
বুধবাৰে নতুনদিল্লীৰ ক্ৰীড়া কল্যাণ কেন্দ্ৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত জ্যোৎস্না দেৱীয়ে এই সফলতা লাভ কৰে ৷ জ্যোৎস্না দেৱীৰ এই সফলতাত প্ৰশিক্ষক অঞ্জন বেজবৰুৱা আৰু দল পৰিচালক ভূধৰ পাঠকে আনন্দ প্ৰকাশ কৰিছে আৰু অনাগত প্ৰতিযোগিতাতো অসমৰ দলটোৱে ভাল ফলাফল দেখুৱাব বুলি আশা প্ৰকাশ কৰিছে ৷