অলিম্পিয়া প্ৰতিবেদন
সৰ্বভাৰতীয় টাইকোৱানডো ফেডাৰেচনৰ দীৰ্ঘদিনীয়া বিবাদ অন্ত পৰাৰ দিশে । দিল্লী উচ্চ ন্যায়ালয়ে জাৰি কৰিছে এক নিদেৰ্শ ।
যোৱা ৬ টাকৈ বছৰে পূৰ্বে ভাৰতৰ টাইকোৱানডো ফেডাৰেচনৰ নামত সৃষ্টি হৈছিল খেলিমেলি । সৰ্বভাৰতীয় পৰ্যায়ত একাধিক ফেডাৰচন থকাৰ বাবে খেলুৱৈসকল অসুবিধাৰ সন্মুখীন হৈছিল । আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহতো ভাৰতৰ খেলুৱৈৱে বিভিন্ন অসুবিধাৰে খেলত অংশগ্ৰহণ কৰিব লগা হৈছিল । এনে এক সময়তে ভাৰতৰ টাইকোৱানডো ক্ষেত্রৰ বাবে আহিছে এক ভাল খবৰ । যোৱা ২৮ এপ্ৰিলত দিল্লী উচ্চ ন্যায়ালয়ৰে প্ৰদান কৰিছে এক নিদেৰ্শ । এই নিৰ্দেশটোত অহা দুমাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে । এই সকলো কথা বিতংভাৱে জনাবৰ বাবে টাইকোৱানডো ফেডাৰেচন অৱ ইণ্ডিয়াই দেওবাৰে গুৱাহাটীৰ হোটেল অতিথিত আয়োজন কৰিলে এখন সভা । য’ত উপস্থিত থাকিল অসমকে ধৰি নৰ্থ ইষ্টাৰ্ণ ৰাজ্য সন্থাসমূহৰ বিষয় ববীয়া । লগতে টাইকোৱানডো ফেডাৰেচনৰ অৱ ইণ্ডিয়াৰ পৰাও আহিল প্ৰতিনিধি । অংশ ল’লে টাইকোৱানডো ফেডাৰেচন অৱ ইণ্ডিয়াৰ চেক্ৰেটেৰী জেনেৰেল আৰ ডি মংগেশকাৰ , উপ-সভাপতি প্ৰবীণ কুমাৰ, কোষাধ্যক্ষ এল চকুৰ সিং, প্ৰাক্তন সদস্য সন্তোষ মহান্তিকে আদি কৰি ভালেসংখ্যক টাইকোৱানডো সন্থাৰ বিষয়-ববীয়া ।
কিদৰে নিৰ্বাচনৰ প্ৰক্ৰিয়ালৈ আগবাঢ়িব লাগিব, সেই কথা ৰাজ্যৰ বিষয়-ববীয়াসকলক বুজাই দিয়া হৈছে এই সভাত । ইপিনে সভাত উপস্থিত থাকিল অল আসাম টাইকোৱানডো এছ’চিয়েচন অৱ আসামৰ মুখ্য কাৰ্যবাহী সদস্য ভাস্কৰ ৰঞ্জন দাস ।
দিল্লী হাইকৰ্টে পাছ কৰা এই অৰ্ডাৰক লৈ সুখী ভাস্কৰ ৰঞ্জন দাস । একাংশ খেলুৱৈয়ে কিদৰে বিভিন্ন সময়ত টাইকোৱানডো খেলিবলৈ বাদ দিব লগা হৈছে, উল্লেখ কৰিলে তেওঁ । লগতে এনে প্ৰক্ৰিয়াৰ জৰিয়তে নতুন টাইকোৱানডো খেলুৱৈৰ সৃষ্টিত সহায় হ’ব বুলি আশাবাদী তেওঁ ।
সৰ্বভাৰতীয় ফেডাৰেচনৰ বিবাদৰ ফলস্বৰূপে বিগত সময়ত চৰকাৰৰ পৰা কোনো স্কলাৰশ্বিপ পাবলৈ সক্ষম হোৱা নাই অসমৰ প্ৰতিভাবান খেলুৱৈয়ে । স্বীকৃতি নোপোৱাৰ হেতুকে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ব্যৱহাৰ কৰিব পৰা নাই ভাৰতীয় জাতীয় পতাকা । এনে বহু অনুসংগিক অসুবিধাৰ কথা দোহাৰিলে অল আসাম টাইকোৱানডো এছ’চিয়েচন অৱ আসামৰ সাধাৰণ সম্পাদক ৰেৱ গগৈয়ে ।
উল্লেখযোগ্য যে অসমটো আছে দুটাকৈ টাইকোৱানডোৰ সন্থা ।
ক্ৰীড়া অনুৰাগীৰ আশা — দীৰ্ঘদিনীয়া এই বিবাদৰ অৱসান ঘটক । তেহে অসমকে ধৰি প্ৰতি ৰাজ্যৰ পৰা খেলুৱৈসকলে বিনা দ্বিধাই দাঙি ধৰিব পাৰিব উন্নত প্ৰদৰ্শন ।