Tuesday, October 4, 2022
HomeNewsসৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নতুন সভাপতি কল্যাণ চৌবে

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নতুন সভাপতি কল্যাণ চৌবে

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নতুন সভাপতি কল্যাণ চৌবে

অলিম্পিয়া প্ৰতিবেদন: সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নতুন সভাপতি পদত অধিষ্ঠিত হ’ল কল্যাণ চৌবে । নিৰ্বাচনত পৰাজিত কিংবদন্তি ফুটবলাৰ বাইচুং ভূটিয়া ।

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি পদৰ বাবে নিৰ্বাচন সমাপ্ত হৈছে । শুকুৰবাৰে এআইএফএফৰ নিৰ্বাচনত জয়ী হ’ল প্ৰাক্তন খেলুৱৈ কল্যাণ চৌবে । অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে ইয়াৰ ৮৫ বছৰীয়া ইতিহাসত প্ৰথম সভাপতি হিচাপে এজন প্ৰাক্তন খেলুৱৈ লাভ কৰিলে ।

দুৰ্ভাগ্যবশতঃ ৰাজ্যিক সংগঠনৰ প্ৰতিনিধিৰ ৩৪ জনীয়া ভোটাৰ তালিকাত প্ৰাক্তন অধিনায়ক বাইচুং ভূটিয়াৰ সমৰ্থক নাছিল । বাইচুং ভূটিয়াই লাভ কৰিলে মাত্র ১ টা ভোট । ইয়াৰ বিপৰীতে কল্যাণ চৌবে লাভ কৰে ৩৩ টা ভোট ।

উল্লেখযোগ্য যে, ৪৫ বছৰীয়া কল্যাণ চৌবে আছিল এগৰাকী দুৰ্দান্ত ফুটবলাৰ । তেওঁ মোহন বাগান আৰু ইষ্ট বেংগল দুয়োটা দলতে এজন গ’লৰক্ষক হিচাপে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছিল । এজন খেলুৱৈ হোৱাৰ উপৰি তেওঁ এগৰাকী ৰাজনীতিবিদ । তেওঁ পশ্চিম বংগৰ কৃষ্ণনগৰ আসনৰ বাবে যোৱা সংসদীয় নিৰ্বাচনত বি জে পি দলৰ হৈ প্ৰতিদ্বন্দিতা কৰি পৰাজিত হয় ।

আমোদজনক কথাটো হ’ল যে বাইচু ভূটিয়া আৰু চৌবে ইষ্ট বেংগলত এসময়ৰ সতীৰ্থ আছিল । এতিয়া এগৰাকী সতীৰ্থই আনগৰাকী ফুটবল সতীৰ্থক নিৰ্বাচনত হৰুৱাই সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি দৰে গুৰুত্বপূৰ্ণ দায়িত্বত অধিষ্ঠিত হ’ল কল্যাণ চৌবে ।

ভাৰতীয় ফুটবল অনুৰাগীৰ আশা —- কল্যাণ চৌবেৰ নেতৃত্বত ভাৰতীয় ফুটবলে লাভ কৰক অনন্য এক মাত্রা । বিশ্বকাপত অংশগ্ৰহণৰ দিশে অগ্ৰসৰ হওক ভাৰতীয় ফুটবল দল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments