Friday, September 30, 2022
HomeNewsসৰ্বভাৰতীয় স্বৰ্ণকাপ ফুটবলত শ্বিলঙৰ ৰিভিউ এফ চিৰ খিতাপ অৰ্জন

সৰ্বভাৰতীয় স্বৰ্ণকাপ ফুটবলত শ্বিলঙৰ ৰিভিউ এফ চিৰ খিতাপ অৰ্জন

অলিম্পিয়া প্ৰতিবেদন

২২ সংখ্যক সৰ্বভাৰতীয় জৌহৌলাও বালিৰাম বড়ো স্বৰ্ণকাপ ফুটবল । শ্বিলঙৰ ৰিভিউ এফ চিৰ খিতাপ অৰ্জন । শ্ৰেষ্ঠ খেলুৱৈ ৰবাৰ্ট ।

ওদালগুৰি জিলাৰ অন্তৰ্গত হৰিশিঙা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা আৰু হৰিশিঙা ক্ৰীড়া সন্থাৰ যুটীয়া উদ্যোগত ৰবি কছাৰী মিনি ষ্টেডিয়ামত ২২ সংখ্যক সৰ্বভাৰতীয় জৌহৌলাও বালিৰাম বড়ো স্বৰ্ণকাপ ফুটবলৰ সফল সামৰণি পৰিল । প্ৰতিযোগিতাখনৰ মঙ্গলবাৰে অনুষ্ঠিৰ হ’ল চূড়ান্ত খেল ।

ফাইনেলৰ মহাৰণত অৱতীৰ্ণ হ’ল শ্বিলঙৰ ৰিভিউ এফ চি বনাম হৰিশিঙা আঞ্চলিক ক্ৰীড়া সন্থা । অন্তিম মেচত শ্বিলঙৰ ৰিভিউ এফ চিয়ে হৰিশিঙা আঞ্চলিক ক্ৰীড়া সন্থাক ২-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে ।

নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দীপেন বড়োৱে উদ্বোধন কৰা খেলখন প্ৰথমেৰে পৰা তীব্ৰ উত্তেজনাপূৰ্ণ হৈ উঠে । খেলৰ প্ৰথমাৰ্দ্ধৰ ৪২ মিনিটত শ্বিলঙৰ ষ্ট্ৰাইকাৰ ৰবাৰ্ট খৌংচনে প্ৰথমটো স্কৰ কৰি দলক অগ্ৰগতি দিয়ে ।
ইয়াৰ পিছতেই তীব্ৰ উত্তেজনাপূৰ্ণ খেলৰ দ্বিতীয়াৰ্ধৰ ৭৭ মিনিটত ৰিভিউ এফ চিৰ ষ্ট্ৰাইকাৰ থেচোনিঙে দ্বিতীয়টো গ’ল দি ব্যৱধান বৃদ্ধি কৰে ।তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত ঘৰুৱা দল হৰিশিঙাই আপ্ৰাণ চেষ্টা কৰিও গ’ল পৰিশোধ কৰাত ব্যৰ্থ হোৱাত শ্বিলং ৰিভিউ এফ চিয়ে ২-০ গ’লৰ ব্যৱধানত হৰিশিঙাক পৰাজিত কৰি সৰ্বভাৰতীয় জৌহৌলাও বালিৰাম বড়ো ফুটবলত খিতাপ অৰ্জন কৰে । শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে শ্বিলঙৰ ৰবাৰ্ট খৌংচনে ।প্ৰায় ৭ সহস্ৰাধিক ক্ৰীড়াপ্ৰেমীৰ উপস্থিতিত খেল পৰিচালনা কৰে ইলিচ মুছাহাৰীয়ে । বঁটা বিতৰণী সভাত বি টি আৰৰ হৰিশিঙা সমষ্টিৰ এম চি এল এ সঞ্জয় স্বৰ্গীয়াৰীৰ লগতে কেবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments