Sunday, October 2, 2022
HomeNewsহকীত ৰাষ্ট্ৰীয় পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈ মুনমুনি দাস

হকীত ৰাষ্ট্ৰীয় পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈ মুনমুনি দাস

হকীত ৰাষ্ট্ৰীয় পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈ মুনমুনি দাস

অলিম্পিয়া প্রতিবেদন: হকী যদিও ভাৰতৰ ৰাষ্ট্ৰীয় খেল হিচাপে পৰিচিত অসমত ইয়াৰ প্ৰচলন অত্যন্ত সীমিত । ২০০৭ বৰ্ষত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ত গুৱাহাটীৰ ভেটাপাৰাত বিশ্বমানৰ এখন হকী ষ্টেডিয়ামৰ লগতে অনুশীলন ক্ষেত্ৰ তৈয়াৰ কৰা হৈছিল । কিন্তু অসমত হকীৰ জনপ্ৰিয়তা যেনেদৰে বৃদ্ধি পাব লাগিছিল সেয়া পৰিলক্ষিত হোৱা নাই । অসম হকী সন্থাৰ সম্পাদক তপন দাসৰ প্ৰচেষ্টাত নগাঁৱকে ধৰি ৰাজ্যখনৰ মাত্ৰ কেইটামান পকেটতহে নিয়মীয়া হকী প্ৰশিক্ষণ চলি আছে । ভেটাপাৰা হকী প্ৰশিক্ষাৰ্থীৰ সংখ্যাও বৰ উল্লেখনীয় নহয় ।

আৰু অধিক পঢ়ক

ৰাষ্ট্ৰীয় স্তৰত অসম হকীয়ে বিশেষ অগ্ৰগতি লাভ কৰিব পৰা নাই । এনে এক প্ৰতিকূল অৱস্থাত অসমৰ এগৰাকী উদীয়মান খেলুৱৈয়ে হকীৰ দৰে এক দলীয় খেলত ৰাষ্ট্ৰীয় পদক অৰ্জন কৰা বুলি কলে সকলোৱে উচপ খাই উঠিব । তেওঁ হ’ল মুনমুনি দাস । উজনি অসমৰ তিনিচুকীয়াৰ মুনমুনি দাসে সদ্যসমাপ্ত খেলো ইণ্ডিয়া ২১ বছৰ অনূৰ্দ্ধ মহিলা হকী লীগত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে । বৰ্তমান ওডিষা নভেল টাটা হকী হাই পাৰৰ্ফৰমেঞ্চ চেন্টাৰৰ আবাসীৰূপে তেওঁ হকীৰ প্ৰশিক্ষণৰ লগতে দশম শ্ৰেণীত অধ্যয়ন কৰি আছে । নভেল টাটাৰ এই চেণ্টাৰটো আছে ভুৱনেশ্বৰৰ কলিংগ হকী প্ৰকল্পত । ইয়াৰ বাবেই তেওঁ ওডিষা দলৰ হৈ খেলে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

যোৱা ২৫ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ অন্ধ্ৰপ্ৰদেশৰ কাকিনাদত অনুষ্ঠিত দ্বাদশ হকী ইণ্ডিয়া জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ওডিষা দলে ব্ৰঞ্জৰ পদক লাভ কৰে। দলৰ এগৰাকী সদস্যা হিচাপে অসমৰ তিনিচুকীয়াৰ মুনমুনি দাসেও লাভ কৰিলে ৰাষ্ট্রীয় পদক । ইয়াৰ ফলত মুনমুনি হৈ পৰে হকীৰ ৰাষ্ট্ৰীয় পদক অৰ্জন কৰা অসমৰ একমাত্ৰ খেলুৱৈ ।
হকী ইণ্ডিয়া জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অসমে এখনো মেচত জয়ী হ’ব নোৱাৰি লীগৰ পৰাই উভতি আহে । লীগৰ পুল ‘বি’ ত ২৬ মাৰ্চত অসমে ঝাৰখণ্ডৰ বিৰুদ্ধে ০-৯ গ’লত পৰাস্ত হোৱাৰ পাছত ৩০ মাৰ্চত মণিপুৰৰ বিৰুদ্ধে ২-২ গ’লত ড্ৰ খেলে । অসমৰ হৈ অনামিকা দাসে ৬ আৰু ১২ মিনিটত ২ টা গ’লেৰে দলক অগ্ৰগতি প্ৰদান কৰিলেও মণিপুৰৰ হৈ ১৪ মিনিটত ৰীণা ক‌ইজাম আৰু ৫৩ মিনিটত লানলেইবী চানুয়ে গ’ল দি মেচখনত সমতা স্থাপন কৰে । অহা ৪-১৫ মেত গোৱাত অনুষ্ঠিত হ’ব দ্বাদশ হকী ইণ্ডিয়া ছাব জুনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ ।

বৰ্তমান ভেটাপাৰাত অসম দলৰ প্ৰশিক্ষণ তথা বাছনি শিবিৰ অব্যাহত আছে । এই প্ৰতিযোগিতাৰ পুল ‘এইচ’ ত অসমৰ সৈতে আছে চণ্ডীগড় , মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশ । পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি অসমে গ্রুপৰ পৰা বিদায় ললেও আচৰিত হ’বলগা একো নাথাকিব । দলীয় পৰ্যায়ত অসম হকীৰ শোচনীয় অৱস্থাৰ বিপৰীতে ব্যক্তিগত পৰ্যায়ত মুনমুনি দাস আৰু নাহৰকটীয়াৰ লক্ষীমনি মজুৱা ৰাষ্ট্ৰীয় স্তৰত উজলি উঠিছে । এক সাক্ষাৎকাৰত মুনমুনিয়ে কয় , ” স্কুলত জ্যেষ্ঠ ল’ৰাবোৰৰ সৈতে ২০১৫ চনত মই হকী খেলিবলৈ আৰম্ভ কৰিছিলো । ছোৱালী হিচাপে খেলা চলাই থকাটো অসম্ভৱ যেন আছিল ।

হকী ষ্টিক বা আন সাৰঞ্জাম ক্ৰয় কৰিবলৈ মোৰ অসুবিধা হৈছিল । তথাপি আনৰ পৰা ষ্টিক লৈ মই খেল অব্যাহত ৰাখিলো আৰু সৌভাগ্যক্ৰমে ২০১৭ ত কোকৰাঝাৰ ছাই কেন্দ্ৰলৈ বাছনি লাভ কৰিলো ।” মুনমুনিৰ দেউতাক কলীয়া দাস এজন ফেৰীৱালা । সেয়ে তেওঁ কন্যাৰ স্বপ্ন পূৰণ কৰাৰ সামৰ্থ নাছিল যদিও যৎপৰনাষ্টি চেষ্টা কৰিছিল । তেওঁলোকৰ অভাৱ যাতে তাইৰ খেলৰ বাটত হেঙাৰ হ’ব নোৱাৰে তাৰ প্ৰতি সদায় লক্ষ্য ৰাখিছিল । এবছৰৰ পূৰ্বে দেউতাকৰ মৃত্যু হৈছে । পুনৰ মুনমুনিয়ে কয়, ” দেউতাই মাৰ লগতে মোৰ আৰু ভন্টীৰ পঢ়াৰ খৰছ বহন কৰিবলৈ কষ্ট কৰিবলগা হৈছিল ।” তিনিচুকীয়াৰ জীয়ৰী মুনমুনিৰ এতিয়া লক্ষ্য বহুদূৰ । ছিনিয়ৰ ভাৰতীয় দলত খেলি তেওঁ অলিম্পিক জিনাৰ সপোন দেখে । তেওঁৰ খেলে ৰাষ্ট্ৰীয় নিৰ্বাচকৰ দৃষ্টি আকৰ্ষিত কৰিছে । প্ৰতিকূলতাৰ মাজতো হাৰি যাব নিবিচৰা মুনমুনিৰ পৰ্যবেক্ষণ সাংঘাতিক উচ্চ । টকিঅ’ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলৰ প্ৰদৰ্শনৰ কথা মনত পেলাই মুনমুনিয়ে কয় , ” টকিঅ’ত আমাৰ ছিনিয়ৰ পুৰুষ দলটোৱে হাৰ মনা নাছিল । জাৰ্মানীৰ বিৰুদ্ধে ব্ৰঞ্জ পদকৰ মেচত দলটোৱে ১-৩ গ’লত পিছ পৰি থাকিও অৱশেষত ৫-৪ গ’লৰ ব্যৱধানত বিজয়ী হয় । এই কথাই আমাক যথেষ্ট উৎসাহিত কৰে ।”

মুনমুনিৰ দৰে ভূৱনেশ্বৰৰ নভেল টাটা হকী হাই পাৰৰ্ফৰমেঞ্চ চেণ্টাৰত আছে নাহৰকটীয়াৰ লাক্ষীমণি মজুৱা । লক্ষীমনিয়ে সদ্যসমাপ্ত হকী ইণ্ডিয়া ছাব জুনিয়ৰ একাডেমী চেম্পিয়নশ্বিপত শ্ৰেষ্ঠ গ’লৰক্ষকৰ বঁটা অর্জন কৰিছে । অসমৰ এই দুয়োগৰাকী উদীয়মান খেলুৱৈৰ প্ৰতি অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰা থাকিল অজস্ৰ শুভকামনা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve + 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments