হকী ইণ্ডিয়াৰ সভাপতি জ্ঞানেন্দ্ৰু নিগমবামক ২ মাৰ্চত নগাঁও ক্ৰীড়া সংস্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে। নগাঁও ক্ৰীড়া সংস্থাই অনুষ্ঠিত কৰা এই সম্বৰ্ধনা অনুষ্ঠানত নগাঁও ক্ৰীড়া সংস্থাৰ হৈ সাধাৰণ সম্পাদক প্লাৱন বৰুৱা, কোষাধক্ষ্য ৰমেশ আগৰৱালা আৰু সহকাৰী সম্পাদক সমীৰ হাজৰিকাই জ্ঞানেন্দ্ৰু নিগমবামক সম্বৰ্ধনা জনাই। ইয়াৰ উপৰিও এই অনুষ্ঠানতে অসম হকীৰ সম্পাদক তথা অসম অলিম্পিক সন্থাৰ আৰু সৰ্বভাৰতীয় হকী ইণ্ডিয়াৰ কোষাধক্ষ্য তপন কুমাৰ দাসকে ধৰি বহু কেইজন ব্যক্তিয়ে সম্বৰ্ধনা জনাই।

নগাঁও স্প’ৰ্টছ ক্লাব পেভিলিয়নত অনুষ্ঠিত হোৱা এই সভাত সম্বৰ্ধনা গ্ৰহণ কৰি জ্ঞানেন্দ্ৰু নিগমবামে নিজৰ অতীত ৰোমন্থন কৰে। তেওঁ কয় যে, ১৯৭১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃকলেজ হকী প্ৰতিযোগিতাত ভাগ ল’বলৈ মণিপুৰৰ ডি এম কলেজ দলৰ হৈ নগাঁৱলৈ আহিছিল। সেই পুৰণি স্মৃতি ৰোমন্থন কৰি নিগমবামে নষ্টালজিক হৈ পৰে।
আনহাতে নগাঁৱৰ ক্ৰীড়া পৰিৱেশ দেখি অভিভূত হৈ পৰা নিগমবামে নগাঁও ক্ৰীড়া সংস্থাৰ অনুৰোধ মৰ্মে হকী বিশ্বকাপৰ মেচ গুৱাহাটীৰ লগতে নগাঁৱটো অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা চলাব বুলি জনায়। ইফালে এই অনুষ্ঠানৰ পিছতে সভাপতি নিগমবামে নুৰুল আমিন ষ্টেডিয়ামত অনুশীলন কৰি থকা বিভিন্ন খেলুৱৈৰ লগত মত-বিনিময় কৰাৰ লগতে অসম হকীলৈ ১০০ডাল হকী ষ্টিক আগবঢ়ায়।