অলিম্পিয়াৰ প্ৰতিবেদন
হঠাৎ সামাজিক মাধ্যমত ভাইৰেল- ‘বিচিচিআইৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলে সৌৰভ গাংগুলীয়ে।‘ সামাজিক মাধ্যমত ভাইৰেল হোৱা এই খবৰৰ উৎস আকৌ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিৰ উৎস আকৌ গাংগুলীৰ এটা টুইট ।
বুধবাৰে বিয়লি হঠাতে ভাইৰেল হৈ পৰা এই খবৰ প্ৰকৃততে কিমান সত্য ? সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে আমি জানিব লাগিব ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হঠাতে কিয় গাংগুলীৰ পদত্যাগৰ কথা প্ৰকাশ পালে ।
দৰাচলতে এই খবৰৰ মূলতে হ’ল এটা টুইট । যি টুইট কৰিছে খোদ গাংগুলীয়ে নিজে । যি টুইটে এতিয়া দেশত আলোড়নৰ সৃষ্টি কৰিছে । আলোড়ন সৃষ্টিকাৰী সেই টুইটত গাংগুলীয়ে লিখিছে- “মোৰ ক্ৰিকেট যাত্ৰা ১৯৯২ চনত আৰম্ভ হৈছিল । এই যাত্ৰাই ২০২২ চনত ৩০ বছৰ সম্পূৰ্ণ কৰে । ক্ৰিকেটে মোক বহুত দিছে । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ই (ক্ৰিকেটে) মোক আপোনালোকৰ সমৰ্থন দিছে । যিসকলে মোক এই যাত্ৰাত সমৰ্থন কৰিছে আৰু মই আজি যি স্থানত আছো সেই স্থানলৈ লৈ আনিছে মই সেই সকলোকে ধন্যবাদ জনাইছো । আজি মই কিবা এটা নতুন আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছোঁ । মই ভাবো মোৰ এই আৰম্ভণিয়ে বহুতো লোকক সহায় কৰিব । মই মোৰ জীৱনৰ এই নতুন অধ্যায়ত আপোনাৰ সমৰ্থনৰ বাবে অপেক্ষা কৰিছো ।‘
ইমানেই ।
— Sourav Ganguly (@SGanguly99) June 1, 2022
গাংগুলীয়ে নিজৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে এক টুইট কৰি এই কথা প্ৰকাশ কৰাৰ লগে লগে সৃষ্টি হ’ল আলোড়ন । বহুতেই ধাৰণা কৰি ললে গাংগুলীয়ে বি চি চি আইৰ পদৰ পৰা পদত্যাগ কৰিলে । কিন্তু ভালকৈ মন কৰিলে গম পাব এই টুইটত ক’তো পদত্যাগ বা বি চি চি আইৰ কথা উল্লেখ নাই ।কেৱল ধাৰণাৰ আধাৰতে গাংগুলীয়ে পদত্যাগ কৰা বুলি প্ৰচাৰ চলোৱা হ’ল ।
দেশজুৰি গাংগুলীৰ পদত্যাগৰ খবৰে আলোড়ন সৃষ্টি কৰাৰ লগে লগে বি চি চি আইৰ সচিব জয় শ্বাহে এই সন্দৰ্ভত বি চি চি আইৰ ফালৰ পৰা স্পষ্টীকৰণ প্ৰকাশ কৰিছে । জয় শ্বাহে সংবাদ এজেঞ্চি এএনআইক স্পষ্টকৈ কৈছে- পদত্যাগ কৰা নাই গাংগুলীয়ে ।
এতিয়া স্বাভাৱিকতে আন এক প্ৰশ্ন উদয় হৈছে। গাংগুলীয়ে যদি পদত্যাগ কৰা নাই তেন্তে তেওঁ কি নতুনৰ কথা কৈছিল ? দৰাচলতে গাংগুলীয়ে এইবাৰ ৰাজনীতিৰ জৰিয়তে এক নতুন ইনিংছ আৰম্ভ কৰিবলৈ বিচাৰিছে । সকলো ঠিক থাকিলে খুব সোনকালেই গাংগুলীক দেখা যাব এগৰাকী ৰাজনৈতিক নেতা হিচাপে ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দুদিনীয়া পশ্চিম বংগ ভ্ৰমণৰ অন্তিম দিনা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীক সাক্ষাৎ কৰিছে । এই বৈঠকখন সৌৰভ গাংগুলীৰ নিজ বাসগৃহত অনুষ্ঠিত হৈছিল । এই সময়ছোৱাত, শ্বাহ আৰু গাংগুলীয়ে একেলগে ৰাতিৰ আহাৰো গ্ৰহণ কৰিছিল ।
এই আলোচনাত পশ্চিম বংগ বিজেপিৰ সভাপতি ড০ সুকান্ত মজুমদাৰ, বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰী, স্বপ্ন দাসগুপ্তা আৰু অন্যান্য নেতাও উপস্থিত আছিল । ইয়াৰ পিছতে বহুতেই গাংগুলীয়ে বিজেপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰো কথা প্ৰকাশ কৰিছে ।
অৱশ্যে গাংগুলীয়ে এই আলোচনাৰ বিষয় ৰাজনীতি নাছিল বুলিহে মন্তব্য কৰিছে।। কিন্তু গাংগুলীয়ে পূৰ্বেও বিজেপিৰ হৈ পশ্চিমবংগত নতুন ইনিংছ আৰম্ভ কৰাৰ কথা প্ৰকাশ পাইছিল । বহুতেই আকৌ মমতা বেনাৰ্জীৰ বিকল্প হিচাপে গাংগুলীক বিজেপিয়ে প্ৰক্ষেপ কৰিব বুলিও আশা কৰিছিল ।