Monday, October 3, 2022
HomeNewsহাজোৰ প্ৰীতি ক্ৰিকেট মেচত শিল্পী একাদশ আৰু সাহিত্যিক -সাংবাদিকৰ দল

হাজোৰ প্ৰীতি ক্ৰিকেট মেচত শিল্পী একাদশ আৰু সাহিত্যিক -সাংবাদিকৰ দল

হাজোৰ প্ৰীতি ক্ৰিকেট মেচত শিল্পী একাদশ আৰু সাহিত্যিক -সাংবাদিকৰ দল

অলিম্পিয়া প্ৰতিবেদন: হাজোত প্ৰীতি ক্ৰিকেট মেচ । সমুখ সমৰত শিল্পী একাদশ আৰু সাহিত্যিক -সাংবাদিকৰ দল । ক্ৰিকেটৰ উন্মাদনাত জীপাল পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যা নিকেতনৰ খেলপথাৰ ।

হাজো ক্ৰীড়া সন্থাই ২০২৩ বৰ্ষত গৰকিব গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ । ইয়াৰ প্ৰাক্ ক্ষণত হাজো ক্ৰীড়া সন্থাই আয়োজন কৰিলে এক আদৰণি অনুষ্ঠান “স্বাগতম ” । দেওবাৰে হাজোৰ পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যা নিকেতনৰ খেলপথাৰত অনুষ্ঠিত কৰিলে এখন প্ৰীতি ক্ৰিকেট মেচ । য’ত অংশগ্ৰহণ কৰিলে শিল্পী একাদশ আৰু সাহিত্যিক- সাংবাদিক নামেৰে দুটাকৈ দলে ।

প্ৰীতি মেচ চাবলৈ খেলপথাৰত উপস্থিত হ’ল অঞ্চলৰ ক্ৰিকেটপ্ৰেমী । শিল্পী একাদশত দেখা গ’ল জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ ,কল্লোল বৰঠাকুৰ, তৰুণ তন্ময়, বিশিষ্ট শব্দ সংমিশ্ৰক দিগন্ত বৰদলৈ আদিৰ দৰে অসমৰ জনপ্ৰিয় শিল্পীসকল ।

এই প্ৰীতি মেচত উপস্থিত থাকিল ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্যসচিব গীতাৰ্থ গোস্বামী, মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ, কন্ঠশিল্পী অনুপম শইকীয়া, হাজো ক্ৰীড়া সন্থাৰ সভাপতি ৰাতুল শৰ্মা, কাৰ্যকৰী সভাপতি শৰৎ নায়ক, সম্পাদক দিপাংকৰ মজুমদাৰ, ছাত্রনেতা প্ৰকাশ দাসৰ লগতে অঞ্চলটোৰ বহু ক্ৰীড়াপ্ৰেমী ৰাইজ ।

প্ৰীতি মেচ আৰম্ভ হোৱাৰ পূৰ্বে খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰিলে ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্যসচিব গীতাৰ্থ গোস্বামী আৰু মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈয়ে । দুয়োটা দলকে ট্ৰফী প্ৰদান কৰিলে সদস্যসচিব আৰু মিষ্টাৰ ইণ্ডিয়াই। লগতে অহা ২০২৩ বৰ্ষত অনুষ্ঠিত হ’ব লগা হাজো ক্ৰীড়া সন্থাৰ সোণালী বৰ্ষ উদযাপন কাৰ্যসূচীত সহায়ৰ আশ্বাস দিয়ে গীতাৰ্থ গোস্বামীয়ে ।

হাজোত এনে এখন সংৰ্বাগসুন্দৰ প্ৰীতি মেচ উপহাৰ দিয়াৰ বাবে সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে হাজো ক্ৰীড়া সন্থাক । ক্ৰীড়া অনুৰাগীৰ আশা —- হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী সুন্দৰ ভাৱে আয়োজন হওক । হাজো ক্ৰীড়া সন্থাৰ আচলত ধৰি বহু দূৰ আগুৱাই যাওক হাজোৰ নৱ প্ৰতিভা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments