Monday, July 4, 2022
HomeNewsহাজৰিকাপাৰাত মিচন-১০০ ৰ চূড়ান্ত খেল : উপস্থিত থাকিব তিনিজন প্ৰাক্তন জাতীয় দলৰ...

হাজৰিকাপাৰাত মিচন-১০০ ৰ চূড়ান্ত খেল : উপস্থিত থাকিব তিনিজন প্ৰাক্তন জাতীয় দলৰ অধিনায়ক

অলিম্পিয়াৰ প্ৰতিবেন

অসমত চলি থকা ভলীবলৰ মিছচন-১০০ ৰ অনলাইন আণ্ডাৰহেণ্ড প্ৰতিযোগিতাৰ চূড়ান্ত খেল দৰং জিলাৰ হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হ’ব। সন্থাৰ সম্পাদক চন্দ্ৰ কুমাৰ শৰ্মাই জনাইছে যে সেই একেটা দিনতে মিছন-১০০ ৰ প্ৰেক্ষাপটত অনুষ্ঠিত হ’বলগীয়া ব্ৰহ্মপুত্ৰ লীগৰ ছুপাৰ লীগৰ খেলসমূহৰ বিষয়েও এক পৰ্যালোচনা কৰা হ’ব।

কালি হাজৰিপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ খেল পথাৰত উপস্থিত হয় মিছন-১০০ ৰ সদস্য তথা অসম ভলীবল সন্থাৰ সহঃসম্পাদক দীপক কুমাৰ দাস আৰু প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ তথা প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা দ্বীপেন ভৰালী। দুয়োগৰাকী প্ৰতিনিধিয়ে হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ প্ৰশিক্ষণ শিবিৰ নিৰীক্ষণ কৰি আপ্লুত হৈ পৰে আৰু সন্থাৰ কৰ্মকৰ্তাক ভূয়সী প্ৰশংসা কৰে।

দুয়োগৰাকী প্ৰতিনিধিয়ে এই ভ্ৰমণকালতে হাজৰিকাপাৰা ক্ৰীড়া সন্থাৰ খেলপথাৰত মিছন-১০০ ৰ প্ৰেক্ষাপটত অনুষ্ঠিত হ’বলগীয়া ব্ৰহ্মপুত্ৰ লীগৰ ছুপাৰ লীগৰ খেলসমূহ অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। ভলীবল মিছন-১০০ ৰ সদস্য সকলৰ এই আহ্বানৰ প্ৰতি সহাৰি জনাই হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ সম্পাদক চন্দ্ৰ কুমাৰ শৰ্মাই জনাইছে যে তেওঁলোকে লীগৰ খেলসমূহ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুত।

ইফালে হাজৰিকাপাৰাত অনুষ্ঠিত হ’বলগীয়া ১৭ অক্টোবৰৰ চুড়ান্ত খেলত ভাৰতৰ জাতীয় দলৰ তিনিজন প্ৰাক্তন অধিনায়কো উপস্থিত থাকিব বুলিও জানিবলৈ দিছে সন্থাৰ সম্পাদকগৰাকীয়ে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments