Tuesday, July 5, 2022
HomeNewsহাতীলোং ফুটবল ক'চিং চেন্টাৰৰ ড্ৰীম লীগ ছিজন- ১ পূৰ্ণগতিত

হাতীলোং ফুটবল ক’চিং চেন্টাৰৰ ড্ৰীম লীগ ছিজন- ১ পূৰ্ণগতিত

অলিম্পিয়া প্ৰতিবেদন

লখিমপুৰত অব্যাহত আছে চেমনীয়া ফুটবলৰ মহাৰণ । হাতীলোং ফুটবল ক’চিং চেন্টাৰৰ ড্ৰীম লীগ ছিজন- ১ পূৰ্ণগতিত । মুঠ ৭ টা দলৰ অংশগ্ৰহণ ।

প্ৰতিকুল বতৰকো নেওচি পূৰ্ণ গতিত চলি আছে হাতীলোং ফুটবল কচিং চেন্টাৰৰ ড্ৰীম লীগ । চেমনীয়া খেলুৱৈসকলৰ উদ্যম আৰু দৰ্শকৰ সঁহাৰিয়ে উৎসাহিত কৰিছে হাতীলোং ফুটবল কচিং চেন্টাৰক । লীগৰ ১৮ খন খেলৰ সমাপ্তিৰ পাছতো কোনো দলেই স্থান নিশ্চিত কৰিব পৰা নাই ছেমিফাইনেলত । ইতিমধ্যে দিখৌমুখীয়া ডাইনামোজ আৰু উলুবাৰী ইউনাইটেডৰ লীগৰ ৫ খন খেলেই শেষ ।

যোৱা ১২ জুনৰ পৰা লখিমপুৰত আৰম্ভ হৈছে ১৫ বছৰ অনূৰ্ধৰ ফুটবল লীগ মেচ । এই পৰ্যন্ত ৫ খন মেচৰ পৰা ৯ পইন্ট সংগ্ৰহেৰে তালিকাৰ শীৰ্ষত আছে বামুণ দলনি ব্লুজ দল । দলটোৱে তিনিখন মেচ ড্ৰ খেলাৰ বিপৰীতে দুখন মেচত জয়লাভ কৰিছে । ইফালে ৭ পইন্ট সংগ্ৰহেৰে দ্বিতীয় আৰু তৃতীয় স্হানত আছে ক্ৰমে মাইগাঁও জুনিয়ৰ আৰু উলুবাৰী ইউনাইটেড দল ।
মাইগাঁৱে প্ৰথম দুখন মেচত পৰাস্ত হলেও দুখনত জয়লাভ কৰাৰ লগতে এখন মেচ ড্ৰ খেলিছে । কিন্তু উলুবাৰী ইউনাইটেডে প্ৰথম দুখন মেচত জয়লাভ কৰিলেও এখনত ড্ৰ খেলি আন দুখনত পৰাস্ত হৈছে । একেদৰে ৬ পইন্টৰে চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্হানত আছে ক্ৰমে – ৰাংচালি, দিখৌমুখীয়া আৰু জে কে ইউনাইটেড ফাইটাৰ ।
ৰাংচালিয়ে ৩ খন মেচ ড্ৰ খেলাৰ বিপৰীতে এখনত জয়লাভ কৰিছে । দিখৌ মুখীয়াই ৩ খনত ড্ৰ খেলি এখন মেচত জয়লাভ কৰে যদিও আন এখন মেচত পৰাস্ত হয় । জে কে ইউনাইটেডে ৪ খন মেচৰ ভিতৰত ২ খনত জয়লাভ কৰি ২ খনত পৰাজিত হৈছে ।
দুৰ্বল অৱস্থাত আছে হাতীলুং জুনিয়ৰ দল । দলটোৱে ৩ খন মেচত পৰাস্ত হোৱাৰ বিপৰীতে ড্ৰ খেলিছে মাত্র এখনত । ফলত তালিকাৰ অন্তিম স্থানত থকা দলটোৱে ৪ খন মেচৰ পৰা পইন্ট সংগ্ৰহ কৰিছে মাত্র ১ প‌ইণ্ট । অনাগত লীগ মেচ কেইখনৰ ফলাফলৰ ভিত্তিত কোন কেইটা দলে নক আউটত প্ৰবেশ কৰে সেয়া এতিয়াও নিৰ্ণয় হোৱা নাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments