অলিম্পিয়া প্ৰতিবেদন
অনিশ্চয়তাত ঈশ্বৰৰ সন্তানৰ ভৱিষ্যত । ঈশ্বৰেও উদ্ধাৰ কৰিব পৰা নাই নিজ সন্তানৰ কেৰিয়াৰৰ দুবন্ত নাও । ক্ৰিকেট বিশ্বত ঈশ্বৰৰ স্থান লাভ কৰা ভাৰতৰ জীৱন্ত কিম্বদন্তি শচীন তেণ্ডুলকাৰৰ পুত্ৰৰ ক্ৰিকেট কেৰিয়াৰ অনিশ্চয়তাৰ গৰাহত ।
আই পি এলৰ সবাতোকৈ সফল ফ্ৰেঞ্চাইজি মুম্বাই ইণ্ডিয়ানছৰ সদস্য হ’লেও অৰ্জুন তেণ্ডুলকাৰে খেলিবলৈ সুযোগ নাপালে এখনো মেচ । কেৱল চলিত ২০২২ ছিজনতে নহয়, ইয়াৰ পূৰ্বৰ ছিজনতো অৰ্জুন মুম্বাইৰ সদস্য আছিল যদিও প্লেয়িং ইলভেনত এবাৰো স্থান পোৱা নাছিল ।
এইদৰে পুত্ৰৰ কেৰিয়াৰ এখন দুবন্ত নাৱলৈ পৰ্যবশিত হোৱা পৰিলক্ষিত কৰি ক্ৰিকেট ঈশ্বৰে এতিয়া নিজ সন্তানক কেৱল পৰামৰ্শ দিয়াৰ বাহিৰে আন একো কৰিব পৰা নাই । শচীনে পুত্ৰক কেৱল কৈছে–
এই পথ অত্যন্ত কঠিন ।
মুম্বাই ইণ্ডিয়ানছ দলৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে শচীন তেণ্ডুলকাৰৰ । দলটোৰ পূৰ্বৰ অধিনায়ক হোৱাৰ উপৰি শচীন মুম্বাই ইণ্ডিয়ানছৰ পৰামৰ্শদাতা । সেই অনুসৰি আই পি এলৰ নিলামত শচীন পুত্ৰক মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰাক কেন্দ্ৰ কৰি বহুতেই শচীন তেণ্ডুলকাৰৰ পুত্ৰ হোৱাৰ বাবেই অৰ্জুনক মুম্বাইয়ে ক্ৰয় কৰিছে বুলি কৈ আহিছে যদিও শচীনে স্পষ্টকৈ কৈছে– পুত্ৰ অৰ্জুনক দলে ক্ৰয় কৰাৰ ক্ষেত্ৰত তেওঁৰ কোনো সম্পৰ্ক নাই ।
আনহাতে আই পি এলৰ ২০২১ আৰু ২০২২ ছিজনত মুম্বাই ইণ্ডিয়ানছে মুঠ ২৮খন মেচ খেলিছে যদিও অৰ্জুনে এখনো মেচ খেলাৰ সুযোগ নাপালে । কেৱল নেট অনুশীলনত জ্যেষ্ঠসকলক সহায় কৰাৰ বাদে মুম্বাই ইণ্ডিয়ানছত যেন অৰ্জুনৰ কোনো বিশেষ প্ৰয়োজনেই নাই ।
অৰ্জুনে গুৰুত্বহীন মেচতো এবাৰলৈও মুম্বাইৰ জাৰ্ছি পৰিধান কৰি খেলপথাৰত নমাৰ সুযোগ নোপোৱাৰ প্ৰসংগত ক্ৰিকেট ঈশ্বৰৰ মন্তব্য, “খেলুৱৈ বাছনিৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই ।”
দুটা ছিজনত এবাৰো এখন মেচতো খেলাৰ সুযোগ নোপোৱা অৰ্জুনৰ দেহত এতিয়া হতাশাৰ চিন স্পষ্ট । পিতৃ শচীন তেণ্ডুলকাৰ হোৱাৰ পিছতো, অৰ্জুনৰ প্ৰতিভাক লৈ বহু চৰ্চাৰ পিছতো খেল পথাৰত নমাৰ সুযোগ এবাৰো নাপালে ।
চলিত ছিজনৰ মুম্বাইৰ অন্তিমখন মেচৰ পূৰ্বে খেলপথাৰৰ ভিতৰত দলীয় অনুশীলনত ভাগ লৈ অন্তত শেষ মেচখনত খেলাৰ আশা দেখুওৱা অৰ্জুনক সেই গুৰুত্বহীন মেচখনতো দলত অন্তৰ্ভুক্ত কৰা নহ’ল । সেয়ে শচীনে নিজ পুত্ৰক কৈছে- তোমাৰ পথ সহজ নহয়। এই পথ অতি কঠিন আৰু প্ৰত্যাহ্বানজনক।
বাওঁহতীয়া ফাষ্ট বলাৰ আৰু বাওঁহতীয়া বেটছমেন অৰ্জুনক মুম্বাই ইণ্ডিয়ানছে ২০২১ চনত ২০ লাখ টকাৰ আধাৰ মূল্যত আৰু ২০২২ ছিজনত ৩০ লাখ টকাত ক্ৰয় কৰিছিল । অৰ্জুনৰ বাবে ২০ অথবা ৩০ লাখ টকা নিশ্চয় গুৰুত্বপূৰ্ণ নহয় ।
অৰ্জুনৰ বাবে গুৰুত্বপূৰ্ণ আছিল খেলপথাৰত মুম্বাইৰ জাৰ্ছি পৰিধান কৰি বলিং আৰু বেটিঙত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰা । কিন্তু দুটা ছিজনৰ এখন মেচতো অৰ্জুনে সেই সুযোগ নাপালে । ,
বহুতেই সেয়ে ক’বলৈ লৈছে- শচীনৰ পুতেক হৈও অৰ্জুনে খেলিবলৈ সুযোগ নাপালে । আকৌ বহুতেই পুত্ৰই এবাৰো খেলিবলৈ সুযোগ নোপোৱাত পিতৃ শচীনকেই জগৰীয়া কৰিছে । তেওঁলোকৰ মতে- পিতৃয়ে ইচ্ছা কৰা হ’লে অৰ্জুনক মূল একাদশত স্থান দিব পাৰিলেহেঁতেন ।
দৰাচলতে মুম্বাইৰ টীম নিৰ্বাচনত আজিলৈকে ক্ৰিকেট ঈশ্বৰে হস্তক্ষেপ কৰি অহা নাই । সেয়ে তেওঁ নিজ পুত্ৰক কৈছে- “তুমি ক্ৰিকেট খেলিছা, কাৰণ তুমি এই খেলবিধক ভাল পোৱা । তুমি কেৱল খেলি থাকা আৰু কঠোৰ পৰিশ্ৰম কৰা । এদিন সফলতাই তোমাৰ হাতত নিজেই ধৰা দিব ।”
ইফলে পিতৃয়ে একাশৰীয়া কৰিলেও হতাশাই আৱৰি ধৰা অৰ্জুনৰ কাষত এতিয়া থিয় দিছে তেওঁৰে ভগ্নী ছাৰা তেণ্ডুলকাৰ । ছাৰাই নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত অৰ্জুনৰ এখন ফটো শ্বেয়াৰ কৰিছিল ।
ফটোখনত অৰ্জুনক পানীৰ বটলৰ সৈতে বাউণ্ডেৰীত দেখা গৈছিল আৰু সেই ফটোখনৰ বেকগ্ৰাউণ্ডত বাজি আছিল — ‘আপনা টাইম আয়েগা ।”