Thursday, July 7, 2022
HomeNewsহাফ পেণ্ট নিপিন্ধিবলৈ কোৱাসকলক নিখাতে দেখুৱাই দিলে যে আজি তেওঁ বিশ্ব চেম্পিয়ন

হাফ পেণ্ট নিপিন্ধিবলৈ কোৱাসকলক নিখাতে দেখুৱাই দিলে যে আজি তেওঁ বিশ্ব চেম্পিয়ন

অলিম্পিয়া প্ৰতিবেদন

তুৰস্কৰ ইস্তানবুলত স্বৰ্ণ পদকেৰে আইবা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত উজলি উঠিল ভাৰতৰ নিখাত জাৰিন । ৫২ কে:জি ওজন শাখাত প্ৰথমবাৰলৈ বিশ্ব চেম্পিয়নশ্বিপত পদক জয় কৰা নিখাতৰ উত্থান অলপো মসৃণ নাছিল । বক্সিং কেৰিয়াৰত কিংবদন্তী মেৰী কমৰ প্ৰচ্ছায়াই ঢাকি ৰাখিছিল নিখাতক । বাহুৰ গুৰুতৰ আঘাতৰ বাবে দীৰ্ঘদিন ধৰি ৰিঙত নামিব পৰা নাছিল তেওঁ । এইগৰাকী নিখাত জাৰিনে বৃহস্পতিবাৰে ৫২ কে:জি:ৰ ফাইনেলত থাইলেণ্ডৰ জিতপং জুটামাছক ৫-০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে । ভাৰতৰ হৈ বেংককত অনুষ্ঠিত এই টুৰ্ণামেণ্টখনৰ ৫৭ কে:জি:ত মনিষা মৌন আৰু ৬৩ কে:জি:ত পাৰৱিন হুদাই ব্ৰঞ্জৰ পদক লাভ কৰে । ইয়াৰ লগে লগে দ্বাদশ আইবা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতে এটা স্বৰ্ণ আৰু দুটা ব্ৰঞ্জেৰে মুঠ তিনিটা পদকতে সন্তুষ্ট থাকে । এই টুৰ্ণামেণ্টত অসমৰ দুই অগ্ৰণি বক্সাৰ লাভলীনা বৰগোঁহাই আৰু অংকুশিতা বড়োৱে পদকৰ যুঁজত হাৰ মানে । টুৰ্ণামেণ্টখনত প্ৰশিক্ষকৰূপে অসমৰ প্ৰণামিকা বৰা আৰু সহ:প্ৰশিক্ষকৰূপে ত্ৰিদিপ বৰাই অংশগ্ৰহণ কৰিছিল ।

নিজামাবাদৰ ২৫ বছৰীয়া বক্সাৰ নিখাত জাৰিন হ’ল প্ৰাক্তন ফুটবল আৰু ক্ৰিকেট খেলুৱৈ মহম্মদ জামিলৰ তৃতীয় কন্যা । পিতৃয়ে বিচাৰিছিল তেওঁৰ চাৰিগৰাকী কন্যাৰ কোনোবা এগৰাকীয়ে খেলৰ সৈতে জৰিত হওক । শৈশৱতে নিখাত আছিল দৌৰত ৰাজ্যিক চেম্পিয়ন । কিন্তু এগৰাকী পৰিয়ালৰ সদস্যৰ উপদেশ মতে নিখাতে বক্সিং শিকিবলৈ ধৰে । মাত্ৰ ১৪ বছৰ বয়সতে তেওঁ বিশ্ব যুৱ বক্সিঙত চেম্পিয়নৰ খিতাপ দখল কৰে । ইয়াৰ পাছৰ পৰা অদমনীয় হৈ উঠে নিখাত জাৰিন । কিন্তু তেওঁৰ সমগ্ৰ বক্সিং কেৰিয়াৰৰ অধিকাংশ সময় মণিপুৰৰ কিংবদন্তী বক্সাৰ মেৰী কমে প্ৰচ্ছায়াৰ দৰে আৱৰি ৰাখে । কাৰণ দুয়োগৰাকী বক্সাৰ একেটা ওজন গোটৰ । তদুপৰি বাহুৰ গুৰুতৰ আঘাতৰ বাবে ২০১৭ ৰ সমগ্ৰ বছৰটো তেওঁ বক্সিং ৰিঙৰ পৰা বিৰত থাকিব লগা হৈছিল । কিন্তু ৫ বছৰৰ পাছত প্ৰচণ্ড বিষ আৰু হতাশাক অতিক্ৰম কৰি নিখাত ৫২ কে:জি:ত হৈ পৰিল বিশ্ব চেম্পিয়ন । আৱেগিক হৈ তেওঁৰ পিতৃ জামিলে কয়, “বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰাৰ যোগেদি নিখাতে ইছলাম ধৰ্মী ছোৱালীৰ লগতে দেশৰ প্ৰতিগৰাকী ছোৱালীৰ বাবে অনুপ্ৰেৰণা যোগালে । ল’ৰা-ছোৱালী বুলি যে কোনো পাৰ্থক্য নাই সেয়া প্ৰমাণ কৰিলে নিখাতে ।” নিখাতৰ খুৰাকৰ দুয়োজন লৰাই বক্সিং খেলে । সেয়ে প্ৰথম অৱস্থাত নিখাতে পৰিয়ালৰ বাহিৰৰ কাৰো পৰা অনুপ্ৰেৰণা লাভ কৰাৰ প্ৰয়োজন নাছিল । খেলৰ লগত জৰিত ছোৱালীয়ে হাফ পেণ্ট আৰু টি-চাৰ্ট পৰিধান কৰিব লগা হয় । এই ক্ষেত্ৰত এক ৰক্ষণশীল পৰিয়ালৰ সন্তান হিচাপে নিখাতে সমালোচনাৰ সমুখীন হৈছিল । কিন্তু পিতৃৰ লগতে মাতৃ পাৰৱীন ছুলতানাই সকলো সময়তে নিখাতৰ পক্ষত থিয় দিছিল । ২০১১ ৰ তুৰস্কত অনুষ্ঠিত বিশ্ব যুৱ বক্সিঙত স্থানীয় বক্সাৰ ওলকু ডেমিৰক ফাইনেলত পৰাস্ত কৰি নিখাত চেম্পিয়ন হয় । টকিঅ’ অলিম্পিকত মেৰি কমৰ সৈতে একেটা ওজন শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ তীব্ৰ দাবীদাৰ আছিল নিখাত জাৰিনো । এই সম্পৰ্কত দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল । কিন্তু লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী তথা ৬ বাৰৰ বিশ্ব বক্সিং চেম্পিয়ন মেৰি কমক অধিক গুৰুত্ব প্ৰদান কৰিলে বক্সিং ফেডাৰেশ্বন অফ ইণ্ডিয়াই । ফলত টকিঅ’ অলিম্পিকত এটা নিশ্চিত পদকৰ পৰা ভাৰত বঞ্চিত হোৱা বুলি সেই সময়ত তীব্ৰ সমালোচনা কৰা হৈছিল । সি যিকি নহওক নিখাত জাৰিনে বিশ্ব বক্সিঙত চেম্পিয়ন হিচাপে আন এক অধ্যায়ৰ সুচনা কৰিলে । তেওঁৰ দুই জ্যেষ্ঠ ভগ্নী চিকিৎসক হোৱাৰ বাবে নিখাতে বৰ্তমান বক্সিং ৰিঙত অধিক সময় অতিবাহিত কৰিবলৈ সুযোগ লাভ কৰিছে । সমাগত পেৰিচ অলিম্পিকত নিখাতে তেওঁতকৈ অধিক ওজনৰ ৫৪ কেজিত প্ৰতিদ্বন্দিতা কৰিব । ইয়াৰ বাবে তেওঁ অধিক পৰিশ্ৰম কৰিব লাগিব বুলি মন্তব্য কৰিছে ভাৰতীয় মহিলা দলৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষক ভাস্কৰ ভাটে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments