বিবিচিয়ে বিগত বৰ্ষৰ পৰা আৰম্ভ কৰা “ইণ্ডিয়ান স্পৰ্টছ ৱ’মেন অফ দ্যা ইয়েৰ” বঁটা চলিত বৰ্ষত লাভ কৰিছে কনেৰু হাম্পীয়ে। ৰেপিড দবাৰ বৰ্তমানৰ বিশ্ব চেম্পিয়ন কনেৰু হাম্পীয়ে মাত্ৰ ১৫ বছৰ বয়সতে গ্ৰেণ্ড মাষ্টাৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। অনুৰাগীৰ সৰ্বাধিক ভোটৰ জড়িয়তে খেলুৱৈগৰাকীক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।
বিবিচিৰ বৰ্ষশ্ৰেষ্ঠ মহিলা বঁটাৰ বাবে ক্ৰীড়া সাংবাদিক আৰু ক্ৰীড়া বিশেষজ্ঞই পাঁচগৰাকী মহিলা খেলুৱৈক মনোনীত কৰিছিল। হাম্পীৰ বাহিৰে এই বঁটাৰ বাবে মনোনীত হোৱা আন খেলুৱৈসকল হ’ল এথলীট দ্যুতি চান্দ, শ্বুটাৰ মানু ভাকৰ, মল্লযোদ্ধা ৱিনেশ ফ’গাত আৰু ভাৰতীয় মহিলা হকী দলৰ কেপ্টেই ৰাণী ৰামপল।
বিবিচিয়ে অনলাই যোগে অনুষ্ঠিত কৰা বঁটা প্ৰদান অনুষ্ঠানত প্ৰাক্তন এথলীট অঞ্জু ববী জৰ্জলৈ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হয়।
উল্লেখ্যে যে বিগত বৰ্ষত প্ৰথমবাৰৰ বাবে এই বঁটা লাভ কৰিছিল অলিম্পিক পদক বিজয়ী শ্বাটলাৰ পিভি সিন্ধুৱে।