অলিম্পিয়া প্ৰতিবেদন
হাৰিয়াণৰ পঞ্চকুলাত ৩ জুনৰ পৰা আৰম্ভ হ’ব চতুৰ্থ খেলো ইণ্ডিয়া য়ুথ গেমছ ৷ দেশৰ ২১ আৰু ১৭ বছৰ অনূৰ্দ্ধ বয়সৰ দুটা শাখাত মুঠ ২৫ টা ইভেণ্টত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷
১৩ জুনত অন্ত পৰিব লগা এই ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়া সমাৰোহখনত থকা ক্ৰীড়া শাখাসমূহ হ’ল–- এথলেটিকছ, ফুটবল, বেডমিণ্টন, টেবুল টেনিছ, কাবাদী, হেণ্ডবল, মল্লযুঁজ, বাস্কেটবল, ভলীবল, বক্সিং, খো-খো, গাটকা, থাংটা, কালাৰিপায়াট্টু, যোগাসন, মাল্লাখাম্ব, ভাৰোত্তোলন, টেনিছ, জুডো, আৰ্চাৰী, হকী, জিমনাষ্টিকছ, সাঁতোৰ, চাইক্লিং আৰু শ্বুটিং ৷ ৩ জুনত উদ্বোধনী অনুষ্ঠানৰ পাছত ৪ জুনৰ পৰা প্ৰতিযোগিতাসমূহ আৰম্ভ হ’ব ৷ এই চতুৰ্থ খেলো ইণ্ডিয়া য়ুথ গেমছত অসমৰ এক বৃহৎ দলে বিভিন্ন ইভেণ্টত প্ৰতিযোগিতা আগবঢ়াব ৷
অসমৰ প্ৰতিযোগী আৰু তেওঁলোকৰ ক্ৰীড়া শাখাসমূহ হ’ল-–
আৰ্চাৰী ঃ এনিছা দাস ; এথলেটিকছ ঃ যুগান্ত চাংমাই, ইদুল হুছেইন, কপিল লাহন, ভাৰ্গৱ দত্ত ;
বেডমিণ্টন ঃ আয়ান ৰছিদ, তন্ময় বিকাশ বৰুৱা ;
বক্সিং ঃ ইমদাদ হুছেইন, আইকণ মিলি, মঃ তাহিল, সুমিত্ৰা ব্ৰহ্ম, গৌৰৱ মজুমদাৰ ;
চাইক্লিং ঃ মানৱজ্যোতি টেৰণ, ৰিমাঞ্জু ৰয় [তিনিটা পৃথক ইভেণ্ট] ;
জিমনাষ্টিকছ ঃ উপাসা তালুকদাৰ ;
জুডো ঃ বিজিত বনিক, ভাৰষা বসুমতাৰী, পূৰবী শৰ্মা ;
কালাৰিপায়াট্টু ঃ উৰাছ কুমাৰ ব্ৰহ্ম [তিনিটা পৃথক ইভেণ্ট], ছিমৰণ খান [তিনিটা পৃথক ইভেণ্ট], জাকাৰিয়া ইছলাম [চাৰিটা পৃথক ইভেণ্ট], সীমা গোৱালা [তিনিটা পৃথক ইভেণ্ট], অংকুৰিতা চুটিয়া [তিনিটা পৃথক ইভেণ্ট] সমীক্ষা বেগম [তিনিটা পৃথক ইভেণ্ট], টামিমা চৌধুৰী [তিনিটা পৃথক ইভেণ্ট], ছাৰফাৰাজ আলী [তিনিটা পৃথক ইভেণ্ট], ফাৰহান আলী চৌধুৰী [চাৰিটা পৃথক ইভেণ্ট], পৱন কুমাৰ ৰয় [তিনিটা পৃথক ইভেণ্ট) হিমাংকৰ সাহা [তিনিটা পৃথক ইভেণ্ট], মধু শৰ্মা [তিনিটা পৃথক ইভেণ্ট] ;
সাঁতোৰ ঃ জ্ঞান সন্ধান কাশ্যপ [চাৰিটা পৃথক ইভেণ্ট], উত্তৰা গগৈ [পাঁচটা পৃথক ইভেণ্ট], বিক্ৰম চাংমাই [চাৰিটা পৃথক ইভেণ্ট], জাহ্নৱী কাশ্যপ [দুটা পৃথক ইভেণ্ট], আস্থা চৌধুৰী [চাৰিটা পৃথক ইভেণ্ট], আদিত্য থাপা, দিশা গগৈ [দুটা পৃথক ইভেণ্ট], জ্যোতি হাজৰিকা ;
টেনিছ : উদিত গগৈ ;
থাংটা : উৰ্মিলা শৰ্মা, টি এলিনা সিংহা, সূৰয সিংহা, ই য়াইখম্বা, ফেংগুডাম ছালভাচন, ৰাহুল কুমাৰ চৌহান, এম শান্তামণি সিংহা, মনালী গগৈ, ৰাজা সিংহ, দিপীকা ত্ৰিপুৰী, এন বিনিতা সিংহা, নন্দিনী ৰিয়াং ;
ভাৰোত্তোলন : সুদিত্য বৰুৱা, প্ৰবাল প্ৰতিম গগৈ, দিতিমণি সোণোৱাল, নিৰজ প্ৰধান, সংগীতা সাধনীদাৰ, ৰিজুমণি খাতোৱাল, চিত্তপ্ৰভা চেতিয়া, ৰেখামণি গগৈ, ত্ৰিদিপ বৰুৱা, বেদব্ৰত ভৰালী, নানচেংফা বৰগোঁহাই আৰু
আৰ্টিষ্টিক যোগাসন : সুমিত দে ।
অসম দলৰ প্ৰশিক্ষক তথা মেনেজাৰ সকল হ’ল —
আৰ্চাৰী : বুলি বসুমতাৰী ;
এথলেটিকছ : নিপন দাস ;
বেডমিণ্টন : বিবিধ ৰঞ্জন ভূঞা ;
বক্সিং : অমৰ ডেকা, ইনামুল হুছেইন ;
চাইক্লিং : জীৱন বৰা ;
জিমনাষ্টিকছ : ঘনজ্যোতি দাস ;
জুডো : অসীমা শইকীয়া :
সাঁতোৰ : মমী বৰ্মন, জ্যোতি বসুমতাৰী ;
টেনিছ : শ্ৰীনিবাস ৰাউট ;
থাং টা : অশ্বিনী কুমাৰ সিংহা, বিনয় কুমাৰ সিংহা ;
ভাৰোত্তোলন : অনুপ কোঁৱৰ, পাৰ্বতী তামাং ;
যোগাসন : প্ৰভাত বৰা ;
কালাৰিপায়াট্ৰু : পাপু খান আৰু আখতাৰা খান ।