Monday, July 4, 2022
HomeNewsহাৰিয়ানাত অপ্ৰতিৰোধ্য অসমৰ ভৰোত্তোলন খেলুৱৈ, স্বৰ্ণসহ মুঠ চাৰিটাকৈ পদক অৰ্জন

হাৰিয়ানাত অপ্ৰতিৰোধ্য অসমৰ ভৰোত্তোলন খেলুৱৈ, স্বৰ্ণসহ মুঠ চাৰিটাকৈ পদক অৰ্জন

 

অলিম্পিয়া প্ৰতিবেদন

হাৰিয়ানাত অপ্ৰতিৰোধ্য অসমৰ ভৰোত্তোলন খেলুৱৈ । পদক লাভেৰে জিলিকিল অসমৰ চাৰি যুৱ ভাৰোত্তোলক ।
আঁজুৰি আনিলে স্বৰ্ণসহ মুঠ চাৰিটাকৈ পদক ।

হাৰিয়ানাৰ পঞ্চকুলাত ৪ জুনৰ পৰা ১৩ জুনলৈ অনুষ্ঠিত চতুৰ্থ খেলো ইণ্ডিয়া য়ুথ গেমছ সফলতাৰে সামৰণি পৰিছে । অসমে বিভিন্ন ইভেন্টত অৰ্জন কৰিলে মুঠ ২১ টা পদক । এই ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়াত অংশ লৈছিল অসমৰ ১১ গৰাকী যুৱ ভাৰোত্তোলকে । ইয়াৰে আছিল ৫ গৰাকী ল’ৰা আৰু ৬ গৰাকী ছোৱালী খেলুৱৈ । শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ দৌৰত নামি পৰিল অসমৰ খেলুৱৈসকল । খেলো ইণ্ডিয়া য়ুথ গেমছত থমকি নাথাকিল অসমৰ পৰা যোৱা ভাৰোত্তোলনৰ খেলুৱৈসকল । দলটোৱে ১ টা স্বৰ্ণ, ১ ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক অৰ্জনৰে অসমৰ ক্ৰীড়া ক্ষেত্ৰক কৰিলে গৌৰৱৰ ভাগীদাৰ । ল’ৰাৰ ৮৯ কিঃগ্ৰা শাখাত সুদিত্য বৰুৱাই দখল কৰিলে স্বৰ্ণ । সেইদৰে ৮১ কিঃগ্ৰা শাখাত ৰূপ অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ত্রিদিপ বৰুৱাই । লগতে ল’ৰাৰ ৭৩ কিঃগ্ৰা শাখাত প্ৰবাল প্ৰতীম গগৈয়ে লাভ কৰিলে ব্ৰঞ্জৰ পদক । আনহাতে, ছোৱালীৰ ৪০ কিঃগ্ৰা শাখাত ব্ৰঞ্জ জয়েৰে গৌৰৱ কঢ়িয়াই আনিছে ৰেখামণি গগৈয়ে ।

উল্লেখযোগ্য যে, ভাৰোত্তোলনৰ অসম দলটোৰ প্ৰশিক্ষক হিচাপে আছিল অনুপ কোঁৱৰ আৰু পাৰ্বতী টামাং । যুৱ খেলুৱৈসকলৰ এই সাফল্যত আনন্দিত হৈ পৰিছে ভাৰোত্তোলনৰ লগত জড়িত প্ৰতি গৰাকী ব্যক্তি ।

ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়াত এয়া তেওঁলোকৰ সুন্দৰ আৰম্ভণি । ক্ৰীড়া অনুৰাগীৰ আশা — যুৱ খেলুৱৈসকলৰ এই চমকপ্ৰদ প্ৰদৰ্শন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰবাহমান হওঁক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments