Tuesday, July 5, 2022
HomeNewsহাৰ্দিক পাণ্ডিয়া ধোনীৰ আৱিষ্কাৰ ! 

হাৰ্দিক পাণ্ডিয়া ধোনীৰ আৱিষ্কাৰ ! 

হাৰ্দিক পাণ্ডিয়া ধোনীৰ আৱিষ্কাৰ !

অলিম্পিয়াৰ প্ৰতিবেদন: আই পি এল-২০২২ ত আত্মপ্ৰকাশ কৰিয়েই চেম্পিয়ন হোৱা গুজৰাট টাইটানছৰ অধিনায়ক তথা ভাৰতীয় দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক লৈ নিতৌ আৰম্ভ হৈছে ন ন চৰ্চা । বহুতেই তেওঁক ভাৰতীয় দলৰো নেতৃত্ব প্ৰদানৰ দাবী তুলিছে । পাণ্ডিয়াৰ নেতৃত্বত ভাৰতে টি-২০ ত অধিক আগবাঢ়ি যাব বুলি বিশ্বাস কৰিছে তেওঁৰ অনুৰাগীসকলে ।

ভাৰতীয় দলৰ এগৰাকী বিশ্বাসযোগ্য অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া অৱশ্যে যোৱা দুটা বছৰ আঘাটৰ বাবেই বহু সময়ত খেলপথাৰৰ পৰা বাহিৰত থাকিবলগীয়া হৈছিল । অলৰাউণ্ডৰ পৰিৱৰ্তে তেওঁ এগৰাকী বেটছমেন হিচাপেহে দুই-এখন মেচত অংশ লৈছিল যদিও সফল হোৱা নাছিল ।

চৰ্চাৰ শীৰ্ষত থকা এইগৰাকী হাৰ্দিক পাণ্ডিয়াক বাৰু ভাৰতীয় দলত নিগাজী কৰাৰ আঁৰত কাৰ হাত আছে বা কোনে পাণ্ডিয়াক ভাৰতীয় দলত সুৰক্ষিত কৰিলে সেই কথা জানেনে ? শেহতীয়াকৈ পোহৰলৈ আহিছে এই কথা । ২০১৬ ত আত্মপ্ৰকাশ কৰা পাণ্ডিয়াক ভাৰতীয় দলত সুৰক্ষিত আসন দিছিল সেই সময়ৰ অধিনায়ক তথা ভাৰতীয় বিশ্বকাপ বিজয়ী দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ।

কেৰিয়াৰৰ তৃতীয়খন মেচতে কেপ্টেইন কুলে দিছিল বৃহৎ উপহাৰ

ধোনীৰ বাবেই ভাৰতে লাভ কৰিলে পাণ্ডিয়াৰ ৰূপত এগৰাকী নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰ । এই কথা পাণ্ডিয়াই নিজেই প্ৰকাশ কৰিছে । ভাৰতীয় ক্ৰিকেট দলটোৰ নেতৃত্ব লোৱাৰ পিছতে ধোনীয়ে ভাৰতীয় ক্ৰিকেটকে এক নতুন মাত্ৰা প্ৰদান কৰিলে । আই চি চিৰ সকলো ট্ৰফী ভাৰতলৈ কঢ়িয়াই আনিছে ধোনীয়ে ।

কেপ্তেইন কুল হিচাপে পৰিচিত ধোনীৰ শক্তিশালী নেতৃত্ব আৰু কৌশলত ধাৰাশায়ী হৈছে বিশ্বৰ বাঘা বাঘা ক্ৰিকেটাৰ ।১৯৮৩ ৰ পিছত আই চি চি বিশ্বকাপৰ ট্ৰফী জয়ৰ সপোন বাস্তৱায়িত হৈছিল ধোনীৰ নেতৃত্বত । তেওঁৰ নেতৃত্বতে ভাৰত প্ৰথমবাৰৰ বাবে ২০০৭ত হৈছিল টি-২০ বিশ্বকাপৰ চেম্পিয়ন । আই চি চিৰ সৰু বৰ সকলো ট্ৰফীয়ে ভাৰতলৈ আনিলে ধোনীয়ে ।

কেৱল যে ভাৰতীয় দলক সফলতাৰে নেতৃত্ব দিয়েই ধোনীয়ে নিজৰ নাম চিৰকাললৈ স্মৰণীয় কৰিলে তেনে নহয় । ভাৰতীয় ক্ৰিকেটক বহু তাৰকা উপহাৰ দিলে ধোনীয়ে । ধোনীৰ বাবেই ভাৰতে লাভ কৰিলে বিৰাট কোহলি, ৰোহিত শৰ্মা, ৰবীন্দ্ৰ জাডেজা, যশপ্ৰীত বুমৰাহ, ৰবিচন্দ্ৰন অশ্বিনৰ দৰে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ । এই আটাইকেইজন ক্ৰিকেটাৰে ধোনীৰ নেতৃত্বতে আত্মপ্ৰকাশ কৰিছে ।

বিৰাট, ৰোহিত, জাডেজা, বুমাৰাহক ধোনীয়ে সুযোগ দিলে

তেওঁলোকৰ লগতে স্পীনাৰ অশ্বিনৰ প্ৰতিভাক ধোনীয়ে সঠিককৈ ব্যৱহাৰ কৰিলে । যাৰ সুবাদত তেওঁলোকে নিজকে প্ৰমাণ কৰিবলৈ সুবিধা লাভ কৰিলে । এইগৰাকী ধোনীয়েই ভাৰতীয় দলত এতিয়া চৰ্চাৰ শীৰ্ষত থকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক স্থান দি তেওঁৰ স্থান নিগাজী কৰিলে । এই বিষয়ে পাণ্ডিয়াই নিজেই কৈছে এইদৰে, ” এম এছ ধোনিৰ পৰা লাভ কৰা সমৰ্থন তুলনাবিহীন ।”

অষ্ট্ৰেলিয়াৰ বিপক্ষে আত্মপ্ৰকাশ কৰা পাণ্ডিয়াই দলটোৰ বিৰুদ্ধে এখন মেচত নিজৰ প্ৰথমটো অভাৰতে ব্যয় কৰিছিল ২১ ৰাণ । এগৰাকী অধিনায়কৰ বাবে এনে বলাৰ নিশ্চয়কৈ সুবিধাজনক নহয় । কিন্তু ধোনীৰ পাণ্ডিয়াৰ ওপৰত আছিল সম্পূৰ্ণ বিশ্বাস । এটা অভাৰত ২১ ৰাণ ব্যয় কৰাৰ পিছতো ধোনীয়ে পুনৰ গুৰুত্বপূৰ্ণ সময়ত পাণ্ডিয়াৰ হাতত তুলি দিছিল বল আৰু পাণ্ডিয়াই সেই সুযোগ ব্যৱহাৰ কৰি ২ টাকৈ উইকেট দখল কৰি খেলৰ গতি সলনি কৰিবলৈ সক্ষম হৈছিল ।

যিসময়ত পাণ্ডিয়াই ভাৰতীয় দলত স্থান লাভ কৰিছিল সেই সময়ত ভাৰতীয় দলত আছিল সুৰেশ ৰাইনা, হৰভজন সিং, যুৱৰাজ সিংৰ দৰে অলৰাউণ্ডাৰ । এম এছ ধোনীৰ নেতৃ্ত্বত বিৰাট কোহলি, আশীষ নেহৰাৰ দৰে কিংবদন্তীয়ে সেই সময়ত ভাৰতীয় দলত খেলি আছিল । এনে সময়ত দলত স্থান লাভ কৰাটো পাণ্ডিয়াৰ বাবে সপোনতকৈ কোনো গুণে কম নাছিল ।

“এনে এটা দলত সুযোগ পোৱাটো মোৰ বাবে এক ডাঙৰ কথা”

সেয়েহে পাণ্ডিয়াই কৈছে, “এনে এটা দলত সুযোগ পোৱাটো মোৰ বাবে এক ডাঙৰ কথা আছিল । সেই মেচখনত মই প্ৰথম অ’ভাৰতে ২১ ৰাণ দিছিলো । মই ভাবিছিলো হয়তো এইটোৱেই মোৰ শেষ অ’ভাৰ । কিন্তু মাহী ভাইয়ে (ধোনীয়ে) মোক পুনৰ সুযোগ দিলে আৰু মই দুটা উইকেট লাভ কৰিলো ।সেই শৃংখলাৰ তিনিখন মেচত অৱশ্যে পাণ্ডিয়াই বেটিং কৰাৰ সুযোগ লাভ নকৰিলে। তথাপিও পাণ্ডিয়াৰ বলিঙতে ধোনী আকৰ্ষিত হৈছিল ।

বিশেষকৈ দলৰ প্ৰয়োজনৰ সময়ত পাণ্ডিয়াই লোৱা গুৰুত্বপূৰ্ণ ভূমিকাই ধোনীক আপ্লুত কৰিছিল । সেয়েহে ধোনীয়ে তেতিয়াই পাণ্ডিয়াক ভাৰতীয় বিশ্বকাপ দলৰ সদস্য হ’ব বুলি মন্তব্য কৰিছিল । আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ হোৱাৰ সময়তে মাত্ৰ তিনিখন মেচত বলিং কৰাৰ পিছতে পাণ্ডিয়াৰ বিশ্বকাপ দলত স্থান নিশ্চিত হৈছিল এক মাত্ৰ ধোনীৰ বাবেই । পাণ্ডিয়াই এই বিষয়ত কয়, “মোৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ তৃতীয়খন মেচৰ পিছতেই মাহী ভাই (ধোনীয়ে) মোক কৈছিল, মই বিশ্বকাপৰ দলত থাকিম। যেতিয়া মই দলত যোগদান কৰিছিলো, তেতিয়াই মোৰ সপোন পূৰণ হোৱা যেন অনুভৱ হৈছিল ।”

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments