Thursday, July 7, 2022
HomeNewsহিটলাৰ, অলিম্পিকৰ গেম ভিলেজ আৰু এগৰাকী ন'বেল বিজয়ী

হিটলাৰ, অলিম্পিকৰ গেম ভিলেজ আৰু এগৰাকী ন’বেল বিজয়ী

✍️ তুষাৰ প্ৰতিম

অলিম্পিকলৈ মাজত মাত্ৰ কেইটামান মাহ। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। ক’ভিড-১৯ ৰ ভয়াবহতাৰ বাবে কিছু অনিশ্চয়তাৰ মাজলৈ প্ৰতিযোগিতাখন গৈছে যদিও পৰিশেষত পুনৰবাৰ নিৰ্ধাৰিত সময়মতেই অলিম্পিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত। অলিম্পিকৰ লগত জড়িত এক বিশেষ শব্দ হৈছে ‘গেম ভিলেজ’। অলিম্পিক প্ৰতিযোগিতা আয়োজন কৰা প্ৰতিখন দেশেই এই গেম ভিলেজৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে। পিছে আপুনি জানেনে এই গেম ভিলেজ কি? গেম ভিলেজৰ বৈশিষ্ট্য, ইতিহাস? অলিম্পিকৰ অবিচ্ছেদ্য অংগ গেম ভিলেজৰ ইতিহাসৰ বিষয়ে জনাৰ আগতে আমি জানি ল‌ও আহক শান্তিৰ ন’বেল বঁটা জয় কৰা এগৰাকী বিশেষ অলিম্পিয়ানৰ কথা।

১৯৫৯ চনত শান্তিৰ নবেল বঁটা লাভ কৰিছিল বৃটেইনৰ ফিলিপ ন’ৱেল বেকাৰে। প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত এম্বুলেঞ্চ চালক হিচাপে কাম কৰা ফিলিপ ন’ৱেল বেকাৰে পৰৱৰ্তী সময়ছোৱাত ইউ কেৰ সাংসদৰো সদস্য হৈ পৰিছিল। ইয়াৰ পৰাই তেওঁ ৰাষ্ট্ৰসংঘৰ হৈ কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ অন্যান্য দেশৰ মাজত হোৱা যুদ্ধৰ দামামা শেষ কৰি শান্তি স্থাপনৰ বাবে সৰ্বোতপ্ৰকাৰে চেষ্টা চলাইছিল। ৰাষ্ট্ৰসংঘৰ মজিয়াত এই বিষয়ত বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ দাখিল কৰিছিল। এইগৰাকী ফিলিপ ন’ৱেল বেকাৰেই ১৯৩৬ চনৰ বাৰ্লিন অলিম্পিক বাতিলৰ সমৰ্থনত মাত মাতিছিল। অথচ তেওঁ নিজেই অলিম্পিক পদকপ্ৰাপ্ত এগৰাকী সফল এথলিটো আছিল।

বিশ্বৰ অগণন ক্ৰীড়াবিদৰ উচ্চতম আকাংক্ষা অলিম্পিকত নিজ দেশক প্ৰতিনিধিত্ব কৰি এটা পদক কঢ়িয়াই আনা। অলিম্পিক প্ৰতিযোগিতাৰস্থলি তেওঁলোকৰ বাবে মন্দিৰ, মছজিদ, গীৰ্জা সকলো। অলিম্পিকৰ মঞ্চত তেওঁলোকৰ ধৰ্ম এটাই হৈ পৰে.. ‘খেল’। অলিম্পিকৰ বাবেই তেওঁলোকে ত্যাগ কৰে, কষ্ট কৰে, সাধনা কৰে। গতিকে এগৰাকী অলিম্পিক পদকপ্ৰাপ্ত খেলুৱৈয়ে অলিম্পিক বাতিল কৰিবলৈ কিয় সজোৰে মাত মাতিব? নিশ্চয় ইয়াৰ অন্তৰালটো এক কাৰণ থাকিব; নহয়জানো! হয় ফিলিপ ন’ৱেল বেকাৰে বাৰ্লিন অলিম্পিক বাতিলৰ বাবে সজোৰে মাত মতাৰ আঁৰৰ কাৰণ আছিল অলিম্পিকৰ ‘আত্মা’ক জীয়াই ৰখা। তেওঁ বিশ্বাস কৰিছিল বাৰ্লিন অলিম্পিকত বিশ্ব ক্ৰীড়াৰ সৰ্বোচ্চ আৰু পবিত্ৰ মঞ্চখনৰ আত্মাক হত্যা কৰিবলৈ বিচৰা হৈছে। এই অপকৰ্ম কৰিবলৈ আগবাঢ়ি আহিছে এডলফ হিটলাৰ। সেই হিটলাৰ যিয়ে চলাইছিল গণহত্যা। সেই হিটলাৰ যি হিটলাৰ হ’লকাষ্টৰ বাবে কুখ্যাত। সেই হিটলাৰ যিয়ে কৰিছিল ইহুদী নিধন যজ্ঞ।

১৯৩৩ চনৰ ৩০ জানুৱাৰীত এডলফ হিটলাৰ চাঞ্চেলৰ হিচাপে নিযুক্ত হোৱাৰ পিছত ২৪ মাৰ্চত কাৰ্যকৰী হৈছিল হিটলাৰক পূৰ্ণ ক্ষমতা দিয়া আইন। তেতিয়াৰে পৰাই প্ৰস্তুতি চলিছিল ইহুদী নিধন যজ্ঞৰ। ১৯৩৬ চনত হিটলাৰৰ বাৰ্লিনত অনুষ্ঠিত হৈছিল অলিম্পিক। অলিম্পিকলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে প্ৰস্তুতি চলাই থকাৰ সময়তে হিটলাৰে ঘোষণা কৰিলে বাৰ্লিন অলিম্পিকত ভাগ ল’ব নোৱাৰিব ইহুদী, নিগ্ৰো, শ্ৰমিক লোকসকলে।

এয়া কিদৰে সম্ভৱ! খেলুৱৈৰ জানোঁ থাকে জাত-পাত, ধৰ্ম? খেলুৱৈৰ বাবে একেটাই জাত একেটাই ধৰ্ম। খেলে আনে শান্তি, খেলে বিলাই সম্প্ৰীতিৰ বাণী। লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তত আৰম্ভ হ’ল প্ৰতিবাদ। বহুদেশে মুকলিকৈ মাত মাতিলে, হিটলাৰ তুমি অলিম্পিকৰ আত্মাক হত্যা কৰিবলৈ ওলাইছা, আমি তোমাৰ দেশলৈ নাযাওঁ। এই বিভিন্ন দেশৰ মাজৰ অন্যতম এখন দেশ আছিল ইউ কে…ইউনাইটেড কিংডম। দেশখনৰ সাংসদ ফিলিপ ন’ৱেল বেকাৰেই সজোৰে দাবী কৰিলে যদি অলিম্পিকৰ আত্মাকেই হত্যা কৰা হয়, তেনে নালাগে বাৰ্লিন অলিম্পিক। বাতিল হ‌ওক এই প্ৰতিযোগিতা। বহিষ্কাৰ কৰক প্ৰতিখন দেশে।

বাৰ্লিন অলিম্পিক অনুষ্ঠিত হ’ল। আৰম্ভ হ’ল বহু কেইটা বিতৰ্ক। অলিম্পিক চ্যেলুট, নাজী চ্যেলুটকলৈ বিতৰ্ক। দুয়োটা চ্যেলুটৰ ধৰণ একে হোৱাৰ বাবেই এই বিতৰ্ক। বহু দেশে অলিম্পিক চ্যেলুটৰ পৰিবৰ্তে সৈনিক চ্যেলুটেৰে সম্ভাষণ জনালে হিটলাৰক। ইউনাইটেড কিংডম, আমেৰিকা আদিয়ে ভংগ কৰিলে পৰম্পৰা। পৰাধীন ভাৰতেও অলিম্পিক চ্যেলুটৰ পৰিবৰ্তে সৈনিক চ্যেলুটেৰে সম্ভাষণ জনালে হিটলাৰক। I proclaim the games of Berlin celebrating the eleventh Olympiad of the modern era, to be open. বহু কেইটা বিতৰ্কৰ পিছত এইদৰেই হিটলাৰে আৰম্ভ কৰিলে বাৰ্লিন অলিম্পিক।

এতিয়া আহোঁ গেম ভিলেজৰ প্ৰসংগলৈ। ১৯১২ চনৰ চুইডেন অলিম্পিক। প্ৰতিযোগিতাখনলৈ পোন প্ৰথমবাৰৰ বাবে ভাগ লবলৈ আহিছে ইউ কেৰ দলটোৰ লগত ফিলিপ ন’ৱেল বেকাৰ নামৰ যুৱকজন। ১৫০০ মিটাৰ ইভেণ্টত ভাগ লবলৈ অহা ফিলিপ ন’ৱেল বেকাৰ নামৰ যুৱকজন ফাইনেলত উপনীত হ’ল যদিও কোনো পদক লাভ নকৰিলে। অৱশ্যে তেওঁৰ দেশৰে সতীৰ্থজনে লাভ কৰিলে এটা পদক। খালী হাতেৰেই চুইডেনৰ পৰা স্বদেশলৈ ঘূৰি গ’ল ফিলিপ ন’ৱেল বেকাৰ। ইয়াৰ পিছত ১৯২০ চনৰ অলিম্পিকত পুনৰ স্বদেশক প্ৰতিনিধিত্ব কৰি ফিলিপ ন’ৱেল বেকাৰ বেলজিয়ামলৈ আহিছে। এইবাৰ তেওঁ লাভ কৰিছে ট্ৰেক দলটোৰ অধিনায়কৰ দায়িত্ব। লগত আছে চুইডেনৰ অভিজ্ঞতা। হাতত স্বদেশৰ পতাকা লৈ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ইউ কেৰ দলটোক সন্মুখৰ পৰা নেতৃত্ব দিলে ফিলিপ ন’ৱেল বেকাৰে। দুটা নতুন দায়িত্ব লাভেৰে ফিলিপ ন’ৱেলৰ বাবে বেলজিয়ামৰ অলিম্পিক হৈ পৰিল বিশেষ। এই বিশেষ অলিম্পিক প্ৰতিযোগিতাখনক চিৰস্মৰণীয় কৰি তুলিলে তেওঁ ১৫০০ মিটাৰ ইভেণ্টত ৰূপৰ পদক লাভেৰে। কেৱল সেয়াই নে….?

আৰম্ভ কৰিলে তেওঁ অলিম্পিকৰ মঞ্চত এক বিশেষ কাৰ্যক্ৰম। বিভিন্ন দেশৰ বিভিন্ন খেলুৱৈৰ মাজত ফিলিপ ন’ৱেল বেকাৰে আৰম্ভ কৰিলে ‘সামাজিক বৈঠক’। বিভিন্ন দেশৰ খেলুৱৈৰ মাজত কথাৰ ভাগ বতৰা কৰাৰ জড়িয়তে, নিজ নিজ দেশৰ সাংস্কৃতিক, সামাজিক আদি দিশবোৰ ভাগ বটোৱাৰ কৰাৰ বাবেই এই সামাজিক বৈঠক। এক নতুন চিন্তা। নতুনৰ আৰম্ভণি। এই সামাজিক বৈঠকক ফিলিপ ন’ৱেল বেকাৰে বেলজিয়ামত আৰম্ভ কৰি কঢ়িয়াই নিলে ১৯২৪ চনৰ পেৰিচ অলিম্পিকলৈ। পেৰিচত ফিলিপে পদক নাপালে যদিও গঢ়ি থৈ আহিল এক নতুন নিয়ম। সামাজিক বৈঠক। ইয়াৰ পৰাই আৰম্ভ হৈছিল গেম ভিলেজৰ চিন্তা। যি চিন্তাই পৰিপক্কতা লাভ কৰিছিল ১৯৩২ চনৰ লছ এঞ্জেলেছ অলিম্পিকত। অলিম্পিকৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে এই অলিম্পিকতেই সংযুক্ত হ’ল গেম ভিলেজ। যি গেম ভিলেজত এখন দেশৰ খেলুৱৈয়ে আন এখন দেশৰ খেলুৱৈৰ লগত সংস্কৃতিৰ বিনিময় কৰে, ভাবৰ আদান প্ৰদান কৰে। এই গেম ভিলেজতেই বিশ্বৰ সকলো প্ৰান্তৰ খেলুৱৈয়ে একেলগে বাস কৰে। খেলুৱৈৰ মাজৰ পৰা আঁতৰি যায় দেশৰ শত্ৰুতা, নাথাকে কোনো কাঁইটীয়া বেৰৰ সীমা। সকলো হৈ পৰে একেটা ধৰ্মৰ, একেটা জাতৰ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments