জন্মঃ ৩১.১২.১৯৮০
পিতৃ-মাতৃঃ ভোগেশ্বৰ গগৈ, পূণ্য গগৈ
লিংগঃ মহিলা
খেলঃ চাইক্লিং
অৰ্থ, উপযুক্ত সা-সুবিধা আৰু প্ৰশিক্ষকৰ অভাৱৰ পিচতো নিজা দৃঢ় মনোভাৱৰ বাবেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া হিমাজ্যোতি গগৈ। আনৰ পৰা ধাৰ কৰা চাইকেলেৰে কেৰিয়াৰ আৰম্ভ কৰা হিমাজ্যোতিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ লগতে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।