Sunday, October 2, 2022
HomeNewsহিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধত থমাছ আৰু উবেৰ কাপ খেলিবলৈ মান্তি হ'ল বেডমিণ্টন...

হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধত থমাছ আৰু উবেৰ কাপ খেলিবলৈ মান্তি হ’ল বেডমিণ্টন তাৰকা পি ভি সিন্ধু

অলিম্পিয়া প্ৰতিবেদন

ভাৰতীয় বেডমিণ্টন সংস্থাৰ অধ্যক্ষ তথা অসমৰ স্বাস্থ্য, শিক্ষা আৰু বিত্ত বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্বৰ অনুৰোধত থমাছ আৰু উবেৰ কাপ খেলিবলৈ মান্তি হ’ল বেডমিণ্টন তাৰকা পি ভি সিন্ধু। এই কথা সোমবাৰে খোদ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে টুইটাৰৰ জৰিয়তে। সোমবাৰে সন্ধ্যা কৰা এটা টুইটত তেওঁ উল্লেখ কৰে যে, “মই পি ভি সিন্ধুক দলত যোগ দিবলৈ অনুৰোধ জনাইছোঁ যিহেতু এইবাৰ দলটো এটা শক্তিশালী পৰ্যায়ত আছে আৰু আমি পদক জয় কৰাৰ অনুকূলে আছোঁ। তেওঁ সন্মতি প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ ঘৰুৱা সকাম আগতীয়াকৈ অনুষ্ঠিত কৰি দেশৰ বাবে খেলিবলৈ সাজু হ’ব বুলি জানিব দিছে।”

উল্লেখযোগ্য যে ইয়াৰ আগেয়ে ব্যক্তিগত কাৰণৰ দোহাই দি উক্ত প্ৰতিযোগিতা দুখনৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল সিন্ধুৱে। সিন্ধুৰ অনুপস্থিতিয়ে এটা শক্তিশালী দল গঠনত হেঙাৰ হৈ থিয় দিছিল।

থমাছ আৰু উবেৰ কাপত ভাৰতীয় বেডমিণ্টন দলে পূৰ্বৰে পৰা উল্লেখনীয় অৱদান আগবঢ়াই আহিছে যদিও এইবাৰ সিন্ধুৰ অনুপস্থিতিত ভাৰতীয় দলটো দুৰ্বল হিচাবে পৰিগণিত হ’লহেঁতেন। ২০১৪ আৰু ২০১৬ চনত ভাৰতৰ প্ৰধান শ্বাটলাৰদ্বয় পি ভি সিন্ধু আৰু ছাইনা নেহৱালৰ ওপৰত নিৰ্ভৰ কৰিয়েই ভাৰতীয় দলে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

এই বৰ্ষৰ অক্টোবৰৰ ৩ ৰ পৰা ১১ লৈ অনুষ্ঠিত হ’ব থমাছ কাপ আৰু উবেৰ কাপ। উবেৰ কাপত ভাৰতীয় মহিলা দলটো শক্তিশালী প্ৰতিপক্ষ জাৰ্মানী, ফ্ৰান্স আৰু চীনৰ বিপক্ষে গ্ৰুপ পৰ্যায়ৰ খেলসমূহত মুখামুখি হ’ব লাগিব।

পি ভি সিন্ধুৰ যোগদানে ভাৰতীয় দলটোক মানসিকভাৱে শক্তিশালী অৱস্থালৈ লৈ যাব বুলি আশা কৰিব পাৰি।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments