Friday, September 30, 2022
HomeNewsহিমাচল প্ৰদেশত ১১ হাজাৰ ফুট উচ্চতাত নিৰ্মাণ কৰা হ'ব ক্ৰিকেট ষ্টেডিয়াম

হিমাচল প্ৰদেশত ১১ হাজাৰ ফুট উচ্চতাত নিৰ্মাণ কৰা হ’ব ক্ৰিকেট ষ্টেডিয়াম

ভাৰতত নিৰ্মাণ কৰা হ’ব উচ্চতম ক্ৰিকেট ষ্টেডিয়াম। সমুদ্ৰপৃষ্ঠৰ পৰা ১১হাজাৰ ফুট উচ্চতাত নিৰ্মাণ কৰা হ’ব বিশেষ ষ্টেডিয়ামখন। হিমাচল প্ৰদেশৰ স্পীতি জিলাত নিৰ্মাণ কৰিব এই ষ্টেডিয়ামখন। ষ্টেডিয়ামখনত দৰ্শকৰ আসনৰ সংখ্যা হ’ব ১০ হাজাৰ। হিমাচল প্ৰদেশৰ ৰোহতংগৰ পৰা ৮ কিলোমিটাৰ দূৰত চিচ্চু নামৰ ঠাইত ষ্টেডিয়ামখনৰ বাবে ৩৮ বিঘা মাটি অধিগিকৰা হৈছে, য’ত আগন্তুক মাহৰ পৰা ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব।

এই ষ্টেডিয়ামখন নিৰ্মাণ হৈ উঠিলে ৰাজ্যখনৰ কিল্লাড, কল্লু আৰু মণ্ডী ক্ৰিকেটৰ বাবে লাভজনক হৈ উঠিব। ইফালে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া এই ষ্টেডিয়ামখনৰ প্ৰসংগত স্পীতি জিলা ক্ৰিকেট সংঘৰ অধ্যক্ষ সুৰেন্দ্ৰ ঠাকুৰে জনাইছে যে, ষ্টেডিয়াম নিৰ্মাণৰ লগত জড়িত কাম-কাজৰ ফাইলসমূহ ইমান দিনে পৰি আছিল, সেই বাবে চৰকাৰে অনুসন্ধানৰ পাছত ডেৰাডুনলৈপঠিওৱা হ’ব। য’ত চিচ্চুত নিৰ্মাণ হ’বলগীয়া ষ্টেডিয়ামখনলৈ যাবলগীয়া ৰাস্তাও নিৰ্মাণ হৈ উঠিব। ইয়াৰ ওচৰতে থকা এটা বৃহৎ সুৰঙ্গৰ হ্ৰদৰ বাবে ঠাইখিনিত ২০ ডিগ্ৰীতকৈ তলত তাপমান থাকিব। য’ত গৰমৰ দিনটো তাপমান ১৫ ৰ পৰা ২০ ডিগ্ৰীহে হ’ব। বছৰৰ ৭ মাহে‌ই ইয়াৰ জলবায়ু অনুকূল, যি ক্ৰিকেটৰ বাবে উপযুক্ত।

উল্লেখ্য যে, বৰ্তমান হিমাচল প্ৰদেশৰ চোলন জিলাত ৭,৫০০ ফুট উচ্চতাত আছে দেশৰ আটাইতকৈ উচ্চ ক্ৰিকেট ষ্টেডিয়ামখন। ১৯৮১ চনত মহাৰাজা ভূপেন্দ্ৰ সিঙে নিৰ্মাণ কৰোৱাইছিল এই ষ্টেডিয়ামখন‌।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments