Monday, October 3, 2022
HomeNewsহিমালৈ ৰাজস্থান আৰক্ষীৰ বিৰল সন্মান; পকেটৰ পইছাৰে নিৰ্মাণ কৰিলে হিমা দাস ষ্টেডিয়াম

হিমালৈ ৰাজস্থান আৰক্ষীৰ বিৰল সন্মান; পকেটৰ পইছাৰে নিৰ্মাণ কৰিলে হিমা দাস ষ্টেডিয়াম

বিশেষ প্ৰতিবেদন : তুষাৰ প্ৰতিম https://olympiasports.in/

হিমা দাস নামেই যাৰ পৰিচয়। নগাঁৱ জিলাৰ ধিংৰ কান্ধুলিমাৰীৰ পৰা আৰম্ভ হৈছিল বিশ্বমুখী যাত্ৰা। যি যাত্ৰা এতিয়াও অব্যাহত আছে। এই গোটেই যাত্ৰা পথত হিমাই ট্ৰেকত যিদৰে দুৰন্ত গতিত আগবাঢ়ি গৈ এটাৰ পিছত আন এটা পদক দখল কৰিবলৈ সক্ষম হৈছে ঠিক একেদৰেই ট্ৰেকৰ বাহিৰতো লাভ কৰিছে ক্ৰীড়া প্ৰেমিৰ মৰম-ভালপোৱা।

“স্বৰ্ণ কন্যা হিমা”, ধিং “এক্সপ্ৰেছ হিমা”, “মন যায় গাৰ্ল” হিমা। অলেখ অজশ্ৰ জনৰ হিয়াত ঠাই পোৱা হিমাই প্ৰতিদিনে নিজৰ প্ৰতিভা আৰু কৰ্মৰাজিৰ বাবে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। এইগৰাকী অসম কন্যাক যে কেৱল অসমৰ জনসাধাৰণেহে ভাল পায় বা হিমাক লৈ গৌৰৱ কৰে তেনে নহয়। হিমাক লৈ গৌৰৱ কৰে সমগ্ৰ দেশে। ইয়াৰ এক জ্বলন্ত উদাহৰণ আজি আপোনালোকলৈ লৈ আহিছোঁ আমি। সুদূৰ ৰাজস্থানত হিমাৰ নামত নিৰ্মাণ কৰি উলিওৱা হ’ল এক ষ্টেডিয়াম।

হিমা দাস ষ্টেডিয়ামত লগাই থোৱা ফলক

হয়, হিমাৰ নামত নিৰ্মাণ কৰা হৈছে এক সুবিশাল ষ্টেডিয়াম। ভাৰতৰ দৰে এখন দেশত জীৱন্ত অৱস্থাত খুব কম ব্যক্তিৰহে এনে সন্মান প্ৰাপ্তিৰ সৌভাগ্য হয়। অসম কন্যা হিমাই লাভ কৰিছে এনে এক সন্মান। ইতিমধ্যে ষ্টেডিয়াম নিৰ্মাণ কৰি “হিমা দাস ষ্টেডিয়াম” নামেৰে নামাকৰণ কৰি এই নাম আইনী ভাৱে পঞ্জীয়ন কৰা হৈছে। যাতে অনাগত সময়ত এই নামৰ পৰিবৰ্তন কোনেও কৰিব নোৱাৰে।

আপুনি জানি আচৰিত হ’ব ৰাজস্থানত নিৰ্মাণ কৰা এই “হিমা দাস ষ্টেডিয়াম” নিৰ্মাণৰ বাবে কোনোধৰণৰ চৰকাৰী ধন ব্যৱহাৰ কৰা হোৱা নাই। ষ্টেডিয়ামখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ৰাজস্থান চৰকাৰৰ নাই কোনো অৱদান। কেৱল এজন ব্যক্তিৰ চিন্তা আৰু এজাক ক্ৰীড়া প্ৰেমিৰ প্ৰচেষ্টাত নিৰ্মাণ কৰি তোলা হৈছে।

হিমা দাস ষ্টেডিয়াম নিৰ্মাণ কৰা জোৱানসকল

ৰাজস্থানৰ বিকানেৰত থকা তৃতীয় আৰ চি বেটেলিয়ানৰ জোৱান ৰাজেন্দ্ৰ সি‌ং চৰ্দাৰ। এই জোৱান জনৰ নেতৃত্বতে গঢ়ি তোলা হৈছে “হিমা দাস ষ্টেডিয়াম”। ৰাজস্থানৰ তৃতীয় আৰ চি বেটেলিয়ানৰ জোৱান ৰাজেন্দ্ৰ‌ই এই ষ্টেডিয়াম নিৰ্মাণৰ ক্ষেত্ৰত কৰিছে অশেষ কষ্ট।

“ভাৰতৰ হৈ হিমাই চেক গণৰাজ্যত ১৯ দিনৰ ভিতৰত ৬ টা স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হৈছিল। দেশৰ বাবে এয়া আছিল অতি গৌৰৱৰ কথা। কিন্তু চৰকাৰে হিমাক এই সফলতাৰ বাবে উপযুক্ত সন্মান নিদিলে। শ্বাটলাৰ পি ভি সিন্ধু, চাইনা নেহৱাল আদিক তেওঁলোকৰ সফলতাত চৰকাৰে যিদৰে সন্মান দিছে হিমাক সেই সন্মানৰ পৰা বঞ্চিত কৰি ৰাখিলে।” ৰাজস্থানৰ আৰ এ চি বেটেলিয়ানৰ জোৱান ৰাজেন্দ্ৰ সিং চৰ্দাৰে olympiasports.in ৰ হৈ টেলিফোনিক বাৰ্তালাপ কৰা তুষাৰ প্ৰতিমৰ আগত এইদৰে কৈ নিজৰ আক্ষেপ প্ৰকাশ কৰিলে।

হিমা দাস ষ্টেডিয়ামত ৰাজেন্দ্ৰ সিং চৰ্দাৰ

হিমা অসম তথা ভাৰতৰ গৌৰৱ। ট্ৰেকত হিমা অপ্ৰতিৰোধ্য। আঘাতৰ সমস্যাত ভূগি থকা হিমাই সদায়েই কৰি আছে কঠোৰ অনুশীলন। হিমাক লৈ অসমে সপোন দেখিছে। হিমা অলিম্পিকলৈ যাব। হিমাৰো যেন শেষ লক্ষ্য অলিম্পিকৰ স্বৰ্ণ পদক। ইতিমধ্যে এছিয়ান গেমছত হিমাই সৃষ্টি কৰিছে ৰেকৰ্ড। বিশ্ব অনূৰ্ধ্ব ২০ চেম্পিয়নশ্বিপত হিমাই স্বৰ্ণ পদক দখল কৰিছে।

“কিংবদন্তি দৌৰবিদ মিলখা সিং, পি টি উষাৰ পিছত যদি কোনো দৌৰবিদে ভাৰতৰ নাম বিশ্বত উজ্বলাই তুলিছে তেনে সেয়া হৈছে হিমা দাস”। এই মন্তব্য ৰাজেন্দ্ৰ সিং চৰ্দাৰৰ।

হিমা দাস ষ্টেডিয়াম প্ৰসংগত ৰাজেন্দ্ৰ সিং চৰ্দাৰে ক’লে এইদৰে–” হিমা দাস ষ্টেডিয়াম নিৰ্মাণৰ ক্ষেত্ৰত আমি চৰকাৰৰ পৰা কোনো টকা লোৱা নাই। আমাৰ বেটেলিয়ানৰ কাৰোবাৰ সন্তান জন্ম হ’লে, সন্তানৰ জন্ম দিন হ’লে, অৱসৰ ল’লে বা তেনে কোনো আনন্দ-উল্লাখ কৰাৰ সুযোগ সুবিধা পালে মই ষ্টেডিয়াম নিৰ্মাণৰ বাবে টকা দি আনন্দ-উল্লাখ কৰিবলৈ পৰামৰ্শ দিছিলোঁ। সকলোৱে এইদৰেই ১০/২০ হাজাৰ টকা হিমা দাস ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ আগবঢ়ালে। ইয়াৰ উপৰিও কোনোবাই চিমেণ্ট, কোনোবাই ইটা, কোনোবাই গেট নিৰ্মাণ কৰাৰ উপৰিও কোনোবাই এইবোৰ সামগ্ৰী আনিবলৈ বাহন আদি যোগান ধৰিলে। এইদৰেই ৬ মাহৰ অন্তত আমি ষ্টেডিয়াম নিৰ্মাণ কৰিলোঁ।”

হিমা দাস ষ্টেডিয়ামৰ গেট

“আমি ষ্টেডিয়াম নিৰ্মাণ কৰি ইয়াক উদ্বোধন কৰিবলৈ আমাৰ এ এচ পি সহদেৱ সিংক আমন্ত্ৰণ জনালোঁ। তেওঁ মোক এই ষ্টেডিয়ামৰ নাম কি দিয়া হ’ব বুলি প্ৰশ্ন কৰিলে। মই লগে লগে “হিমা দাস ষ্টেডিয়াম” নাম দিয়াৰ কথা ক’লো। দৰিদ্ৰ পৰিয়ালৰ পৰা আহি খালি ভৰিৰে দৌৰিবলৈ আৰম্ভ কৰি যিদৰে ভাৰতৰ নাম বিশ্বৰ আগত দাঙি ধৰিছে তাৰ বাবে হিমাক এই সন্মান দিবলৈ বিচাৰিছোঁ বুলি ক’লো। চৰকাৰে হিমাক উপযুক্ত সন্মান যে দিয়া নাই সেই কথাও এ এচ পি ছাৰক ক’লো। তেওঁ মোৰ এই প্ৰস্তাৱক ভাল পালে ষ্টেডিয়ামৰ নাম “হিমা দাস ষ্টেডিয়াম” ৰখা হ’ল। ভৱিষ্যতে যাতে হিমা দাস ষ্টেডিয়ামৰ নাম কোনেও সলনি কৰিব নোৱাৰে তাৰ বাবে আইনী প্ৰক্ৰিয়াৰে ষ্টেডিয়ামখনৰ পঞ্জীয়ন কৰা হ’ল।” এইদৰে তুষাৰ প্ৰতিমৰ আগত ক’লে ৰাজেন্দ্ৰ সিং চৰ্দাৰে।

এ এচ পি সহদেৱ সিং আৰু ৰাজেন্দ্ৰ সিং চৰ্দাৰৰ লগত অন্যান্যসকল

ৰাজস্থানৰ বিকানেৰীত থকা হিমা দাস ষ্টেডিয়ামত নিৰ্মাণ কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ৰানিং ট্ৰেক। এই ট্ৰেক ৪০০ মিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ। এই ট্ৰেকত একেলগে ১০ জনে দৌৰিব পাৰে। ইয়াৰ উপৰিও খেলুৱৈ সকলক যি সমূহ ব্যায়ামৰ সা-সজুলি প্ৰয়োজন সেই সকলো ষ্টেডিয়ামলৈ অনা হৈছে। ইয়াৰ উপৰিও ষ্টেডিয়ামত লাইটৰো ব্যৱস্থা কৰা হৈছে।

ৰাজেন্দ্ৰ সিং চৰ্দাৰৰ নেতৃত্বত গঢ়ি তোলা এই ষ্টেডিয়ামৰ খবৰ লাভ কৰি চাবলৈ গৈছিল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে। আৰক্ষী জোৱান সকলে নিজৰ টকাৰে নিৰ্মাণ কৰা এই ষ্টেডিয়াম পৰিদৰ্শন কৰি অভিভূত হৈ পৰিল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম। লগে লগে ঘোষণা কৰিলে হিমা দাস ষ্টেডিয়ামৰ বাবে ১০ লাখ টকাৰ সাহাৰ্য।এইটকাৰে এতিয়া পেভিলিয়ন নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিছে ৰাজেন্দ্ৰ সিঙে। ইয়াৰ উপৰিও সুন্দৰ কৈ পেভিলিয়ন নিৰ্মাণ কৰিবলৈ প্ৰয়োজন আৰু অধিক টকা। গতিকে স্থানীয় বিধায়ক আৰু কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীৰ লগত যোগাযোগ কৰিছে ৰাজেন্দ্ৰ সিঙে। উদ্দেশ্য হিমা দাস ষ্টেডিয়ামক আটকধুনীয়াকৈ সজাই তোলা।

অতি নিষ্ঠাৰে ষ্টেডিয়াম নিৰ্মাণৰ কাম আগবঢ়াই নিয়া ৰাজেন্দ্ৰ সিঙে টেলিফোনিক বাৰ্তালাপত আমাৰ আগত ক’লে “আমি আশা কৰিছোঁ এদিন হিমা আহিব আমাৰ এই ষ্টেডিয়ামলৈ। আমাৰ এই ষ্টেডিয়ামৰ ট্ৰেকত দৌৰিব হিমাই।”

হিমা দাস ষ্টেডিয়ামৰ ভিতৰবাগৰ দৃশ্য

কেতিয়াও হিমাক লগ নোপোৱা ৰাজেন্দ্ৰ সিং চৰ্দাৰে হিমাক লৈ আৰু বহু আশা কৰে। তেওঁ বিচাৰে এদিন হিমাই ভাৰতক অলিম্পিক পদক দিয়ক। অলিম্পিকত হিমাৰ জৰিয়তে বাজি উঠক “জন গণ মন অধিনায়ক….”।

ৰাজস্থানৰ বিকানেৰত আৰ এ চি বেটেলিয়ানে স্থাপন কৰা “হিমা দাস ষ্টেডিয়াম”ক আটকধুনীয়াকৈ সজাই তুলিবলৈ প্ৰয়োজন সকলোৰে সহায়-সহযোগিতা। ইতিমধ্যে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী, স্থানীয় বিধায়ক আদিৰ লগত এই বিষয়ে যোগাযোগ অব্যাহত ৰাখিছে ৰাজেন্দ্ৰ সিঙে। তেওঁ বিচাৰে এই ষ্টেডিয়াম সজাই তোলাৰ ক্ষেত্ৰত অসম চৰকাৰেও সহায় কৰক। ভাৰত চৰকাৰে হিমাক উপযুক্ত সন্মান প্ৰদান কৰক।

কেন্দ্ৰীয় মন্ত্ৰীৰ লগত ৰাজেন্দ্ৰ সিং চৰ্দাৰ……. হিমা দাস ষ্টেডিয়ামলৈ ১০ লাখ টকাৰ সাহাৰ্য আগবঢ়োৱাৰ সময়ত

অসমৰ অন্যা হিমা দাসৰ নামত সুদূৰ ৰাজস্থানত এইদৰে ষ্টেডিয়াম নিৰ্মাণ কৰা কাৰ্য‌ই স্বাভাৱিকতে বহু কথাই কৈ যায়। ক্ৰীড়াবিদৰ প্ৰতি চৰকাৰৰ অনিহা, উপযুক্ত সন্মান প্ৰদানৰ নামত কৰা কৃপণালি আদিৰ বাবেই এইদৰে সচেতন ব্যক্তি ওলাই অহাটো ক্ৰীড়া জগতৰ বাবেই আশাৰ খবৰ।

অসম কন্যা হিমা দাসৰ নামত ষ্টেডিয়াম নিৰ্মাণ কৰি বিৰল সন্মান প্ৰদান কৰা ৰাজস্থানৰ আৰ এ চি বেটেলিয়ানৰ জোৱান ৰাজেন্দ্ৰ সিং চৰ্দাৰক কিদৰে অসমৰ ক্ৰীড়া বিভাগে বা অসম চৰকাৰে কিদৰে সন্মান প্ৰদান কৰে সেয়া লক্ষণীয় হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments