Thursday, July 7, 2022
HomeNewsহিমাৰ টকিঅ' অলিম্পিকৰ যোগ্যতা অৰ্জন খৱৰ সত্যনে?

হিমাৰ টকিঅ’ অলিম্পিকৰ যোগ্যতা অৰ্জন খৱৰ সত্যনে?

✍️ তুষাৰ প্ৰতিম

ৰাজ্যখনৰ তাৰকা এথলিট হিমা দাসে লাভলীনা বৰগোঁহাইৰ পিছতে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে বুলি এক খৱৰ ভাইৰেল হৈ পৰিছে। কিন্তু এই খৱৰ কিমানদূৰ সত্য? এই খৱৰৰ সত্যতা নিৰূপণ কৰিবলৈ অলিম্পিয়াৰ তৰফৰ পৰা হিমাৰ প্ৰশিক্ষক নিপন দাসৰ লগত কালি নিশাৰ ভাগত যোগাযোগ কৰা হৈছিল। সোধা হৈছিল হিমাই টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ খৱৰটো কিমান সঁচা? প্ৰশিক্ষক নিপন দাসৰ উত্তৰ আছিল, ‘টকিঅ’লৈ যোৱাৰ সম্ভাৱনা আছে। কিন্তু এতিয়াই চূড়ান্ত হোৱা নাই।’ কেইদিনমান পূৰ্বে ইলেকট্ৰনিক মিডিয়া স্প’ৰ্টছ জাৰ্নেলিষ্ট এচ’শ্বিয়েছনে সৰ্বভাৰতীয় এথলেটিকছ সন্থাৰ উপ সভাপতি হিচাপে নিৰ্বাচিত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰক সম্বৰ্ধনা জনোৱাৰ এক অনুষ্ঠানত কোঁৱৰে অৱশ্যে অনানুষ্ঠানিকভাৱে জনাইছিল যে সকলো ঠিকেই থাকিলে হিমা টকিঅ’লৈ যাব। ইফালে টকিঅ’ৰ কোৱালিফায়িংৰ বাব ৪×১০০ ৰিলেৰ সাম্ভাব্য দলত হিমাই স্থান লাভ কৰিছে। এই বিষয়ত ইতিমধ্যে অলিম্পিয়াই ২০২০ চনৰ ৩ আৰু ১৪ ডিচেম্বৰত বাতৰি প্ৰকাশ কৰিছিল। কিন্তু হিমাই টকিঅ’লৈ যোগ্যতা অৰ্জন কৰা খৱৰ কি উদ্দেশ্যৰে ভাইৰেল কৰি দিয়া হ’ল সেয়া এতিয়াও ৰহস্যৰ আবৰ্তত। দীৰ্ঘদিন ধৰি আঘাতৰ সমস্যাত থকা হিমাই আঘাতৰ পৰা মুক্তি লাভ কৰি পুনৰ কঠোৰ অনুশীলনত মনোনিবেশ কৰিছে। নিজৰ কষ্টৰ বলত তেওঁ টকিঅ’ অলিম্পিকৰ কোৱালিফায়িং দলত স্থান লাভ কৰিছে। যিটো দলে মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ফেডাৰেচন কাপ এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু তাৰ পৰাই টকিঅ’লৈ যোগ্যতা অৰ্জন কৰাৰ চেষ্টা চলাব। এই সময়ত হিমাক প্ৰয়োজন অসমবাসীৰ আশীৰ্বাদ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments