Sunday, July 3, 2022
HomeNewsহিমা দাস আৰু অম্লান বৰগোঁহাইলৈ অসম এথলেটিকছ সন্থাৰ আৰ্থিক সাহাৰ্য্য ঘোষণা

হিমা দাস আৰু অম্লান বৰগোঁহাইলৈ অসম এথলেটিকছ সন্থাৰ আৰ্থিক সাহাৰ্য্য ঘোষণা

 

অলিম্পিয়া প্ৰতিবেদন

ধিং এক্সপ্ৰেছ হিমা দাস আৰু উদীয়মান তাৰকা এথলীট অম্লান বৰগোঁহাইলৈ অসম এথলেটিকছ সন্থাৰ গুৰুত্বপূৰ্ণ ঘোষণা । দুয়োগৰাকী অসম সন্তানলৈ আৰ্থিক সাহায্য প্ৰদান কৰিব অসম এথলেটিকছ সন্থাই । অনুশীলনত সহায় হোৱাকৈ এই সিদ্ধান্ত লৈছে সন্থাই ।

দীৰ্ঘদিনৰ বিৰতিৰ পাছত পুনৰ ফৰ্মলৈ যেন ঘূৰি আহিছে অসম গৌৰৱ হিমা দাস । সদ্যসমাপ্ত ৬১ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছত হিমাই পদক অৰ্জনৰে তাৰেই যেন উমান দিলে । লগতে কমনৱেলথ গেমছলৈও দলগত শাখাত বাছনি লাভ কৰিছে হিমাই ।
ইফালে থমকি থকা অসমৰ এথলীট জগতৰ উদিত সূৰ্যস্বৰূপ অম্লান । ক্ৰমাগত ভাৱে সোণৰ পদক উপহাৰ দিছে অসম সন্তান অম্লানে । বিগত ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক প্ৰতিযোগিতাত অম্লানে ১০০ আৰু ২০০ মিটাৰ দৌৰত স্বৰ্ণ পদকেৰে গল্ডেন ডাবোলছ। লাভ কৰে । সেয়েহে তেওঁলোকৰ প্ৰশিক্ষণত সহায়ক হোৱাকৈ দুয়োগৰাকীকে আৰ্থিক সাহায্য ঘোষণা কৰিছে অসম এথলেটিকছ সন্থাই । অনুশীলনত সহায় হোৱাকৈ হিমা দাসলৈ ১ লাখ টকা প্ৰদান । লগতে অম্লান বৰগোঁহাইলৈ সন্থাই প্ৰদান কৰিব ৫০ হেজাৰ টকা । এই কথা জনালে অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে ।

 

অলপতে চেন্নাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছিনিয়ৰ আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত হিমাদাসে ১০০ মিটাৰত সোণ আৰু ২০০ মিটাৰত ৰূপ অৰ্জন কৰিছে । হিমাৰ এই প্ৰত্যাৱৰ্তনক লৈ মন্তব্য কৰিছে লক্ষ্য কোঁৱৰে ।

 

আনহাতে, ডেৰটা বৰ্ষত অসম তথা ৰাষ্ট্ৰীয় এথলীট ক্ষেত্ৰত খুবেই চৰ্চিত হৈছে অম্লান বৰগোঁহাই । শেহতীয়াকৈ ২০০ মিটাৰত তেওঁ গঢ়িছিল ৰাষ্ট্ৰীয় ৰেকৰ্ড । লগতে চেন্নাইত ছিনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছত ১০০ মিটাৰত আৰু ২০০ মিটাৰত স্বৰ্ণ লাভেৰে গৌৰৱান্বিত কৰিলে অসমক । অনাগত দিনত ২৩ বছৰীয়া অম্লানৰ পৰা অধিক সুন্দৰ ফলাফল আশা কৰিছে অসম এথলেটিকছ সন্থাই ।

 

ক্ৰীড়া অনুৰাগীৰ আশা — দুয়োগৰাকী এথলীটৰ এই বিজয়ধাৰা অব্যাহত থাকক । হিমা আৰু অম্লানে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গঢ়ি যাওক অভিলেখৰ পাহাৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments