Wednesday, July 6, 2022
HomeOur PrideAthleticsহিমা দাস

হিমা দাস

নগাঁৱৰ ধিঙৰ জীয়ৰী হিমাই এথলেটিক্‌ছ ক্ষেত্ৰত দাঙি ধৰিছে দুৰন্ত প্ৰতিভা। Îট্ৰকৰ দুৰন্ত গতিৰে এই দৌৰবিদগৰাকীয়ে ৰাজ্য তথা দেশৰ ক্ৰীড়া ক্ষেত্ৰত বহন কৰিছে অপাৰ সম্ভাৱনা। দীৰ্ঘদিনৰ মূৰত ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা লৈ ধৰা দিছে এগৰাকী মহিলা দৌৰবিদে। জুনুমণি শইকীয়াৰ পিছত অসমত দৌৰৰ ট্ৰেকত চৰ্চিত হোৱা নাছিল তেনে কোনো খেলুৱৈৰ নাম। কিন্তু হিমাৰ উপস্থিতিয়ে বহন কৰিছে এক উজ্জ্বল নক্ষত্ৰৰ আগমনৰ সম্ভাৱনা। পাতিয়ালাত অনুষ্ঠিত ফেডাৰেচন কাপ ছিনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিক্‌ছ প্ৰতিযোগিতাত কৰা প্ৰদৰ্শনীৰেই গ’ল্ড কোষ্ট কমনৱেলথ গেমছলৈ পথ প্ৰশস্ত কৰিছিল হিমা দাসে। ফেডাৰেচন কাপ এথলেটিক্‌ছ চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে অংশ লৈয়ে দুগৰাকীকৈ অলিম্পিয়ানক চেৰ পেলাই স্বৰ্ণপদক জয় কৰিছিল হিমাই। দাঙি ধৰিছিল নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন। ৪০০ মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ তেওঁ সময় লয় ৫১.৯৭ ছেকেণ্ড। ২০১৭ চনত চেন্নাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় মুকলি এথলেটিক্‌ছত ২০০ মিটাৰ দৌৰত ২৪.২৬ ছেকেণ্ড সময় লৈ স্বৰ্ণপদক জয় কৰিছিল খেলুৱৈগৰাকীয়ে। ২০১৮ বৰ্ষ হিমা তথা সমগ্ৰ অসমবাসীৰ বাবে আছিল এক সোণালীময় বৰ্ষ। চলিত বৰ্ষৰ এপ্ৰিলত অষ্ট্ৰেলিয়াত অনুষ্ঠিত ৪০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ কৰি হিমাই ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হয়। তাৰ পিছত জুলাইত ফিনলেণ্ডত অনুষ্ঠিত বিশ্ব ২০ বছৰ অনূৰ্ধ চেম্পিয়নশ্বিপত ৫১.৪৪ ছেকেণ্ড সময় লৈ স্বৰ্ণ জিকিবলৈ সক্ষম হয় হিমা। স্বৰ্ণ জিকাৰ সেই বিশেষ মূহূৰ্তটোৱে সমগ্ৰ দেশতে এক আলোড়নৰ সূচনা কৰিলে। প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি বলিউডৰ তাৰকালৈ সকলোৱে প্ৰশংসাৰে উপচাই পেলালে হিমাক। ইয়াৰ পিছত আহিল এছিয়ান গেমছ। ইয়াত ৪০০ মিটাৰ দৌৰত হিমাই নিজৰ নামতে থকা ৰাষ্ট্ৰীয় অভিলেখক অতিক্ৰম কৰি ৰূপৰ পদক জিনিবলৈ সক্ষম হয়। ইয়াৰ লগতে এছিয়ান গেমছত হিমাই মহিলা ৪x৪০০ মিটাৰ ৰিলেইত স্বৰ্ণ আৰু মিক্সড্‌  ৪x৪০০ মিটাৰ ৰিলেইট ৰূপৰ পদক কঢ়িয়াই আনি পুনৰবাৰ বিশ্বৰ খেলপথাৰত জিলিকি উঠিবলৈ সক্ষম হয়।

উল্লেখ্য যে এথলেটিক্‌ছ ক্ষেত্ৰত নমাৰ আগেয়ে হিমা আছিল এগৰাকী ফুটবলাৰহে। দেউতাক ৰঞ্জিত দাসৰ পৰা উত্তৰাধিকাৰ সূত্ৰে পাইছিল সেই প্ৰতিভা। মহিলা ফুটবলত কেইবাবাৰো তেওঁ নগাঁও জিলাক প্ৰতিনিধিত্ব কৰিছিল। সপোন আছিল নিজকে বিশ্বৰ এগৰাকী শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে গঢ়ি তোলাৰ। কিন্তু সময়ত তেওঁ অনুভৱ কৰিলে যে অসমত মহিলা ফুটবল খেলি বিশ্ব দৰবাৰলৈ তেওঁ আগুৱাব নোৱাৰে। গুৱাহাটীত হোৱা এক আন্তঃস্কুল মীটত ফুটবলৰ পৰিৱৰ্তে এথলেটিক্‌ছত মনোনিৱেশ কৰিবলৈ তেওঁক পৰামৰ্শ দিলে এজন আয়োজকে। এবছৰৰ ভিতৰতে য়ুথ নেচনেলছত ৰূপৰ পদক জয়েৰে হিমাই দৃষ্টি আকৰ্ষণ কৰিলে এথলেটিক্‌ছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ কৰ্মকৰ্তাৰ। এথলেটিক্‌ছ ক্ষেত্ৰত সোনকালেই অফুৰন্ত প্ৰতিভাৰ প্ৰমাণ দিয়া হিমা এতিয়া ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ চিনাকি নাম। অক্লান্তভাৱে হিমাৰ এই যাত্ৰা হওক অবিৰত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments