Monday, October 3, 2022
HomeNewsহিৰো আই লীগত পাৰ্থিৱ গগৈৰ গ'লেৰে ইণ্ডিয়ান এৰ'জৰ জয়

হিৰো আই লীগত পাৰ্থিৱ গগৈৰ গ’লেৰে ইণ্ডিয়ান এৰ’জৰ জয়

অলিম্পিয়া প্রতিবেদন

হিৰো ৰাষ্ট্রীয় আই লীগ ফুটবলত উজ্বলি উঠিছে অসমৰ পাৰ্থিৱ গগৈ । পাৰ্থিৱৰ গ’লৰ সহায়ত ইণ্ডিয়ান এৰোজ দলে ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে ৰিয়েল কাশ্মীৰ দলক । মেচখন অনুষ্ঠিত হৈছিল পশ্চিমবংগৰ নৈহাতিত যোৱা ২৫ এপ্ৰিলত । উল্লেখযোগ্য যে ভাৰতত উদীয়মান খেলুৱৈক লৈ ইণ্ডিয়ান এৰ’জ দলটো গঠন কৰা হৈছে । পূৰ্বতে ইয়াৰ নাম আছিল পাইলন এৰ’জ । সৰ্বভাৰতীয় ফুটবল ফেডাৰচনে ২০১০ চনত ইয়াক গঢ়ি তুলিছিল আৰু তেতিয়াৰে পৰা দলটোৱে নিয়মীয়াকৈ আই লীগ ফুটবলত প্ৰতিদ্বন্দিতা কৰি আহিছে । ইয়াৰ মূল উদ্দেশ্য হ’ল দেশৰ যুৱ প্ৰজন্মৰ দক্ষতাসম্পন্ন খেলুৱৈক এখন মঞ্চ প্ৰদান কৰা । পাৰ্থিৱ হ’ল ভাৰতৰ ১৯ বছৰ অনূৰ্দ্ধ ফুটবল দলৰ অধিনায়ক । ৰিয়েল কাশ্মীৰ দলৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনৰ ১২ মিনিটত ইণ্ডিয়ান এৰ’জৰ হৈ চাজাদ পাৰেই প্ৰথমটো গ’ল দিয়ে । কিন্তু ইয়াৰ ৭ মিনিটৰ পাছতেই ৰিয়েল কাশ্মীৰ দলৰ মণিপুৰী খেলুৱৈ কে.মালেনগামবা মেইটেয়ে ১ টা গ’ল দি মেচখনত সমতা স্থাপন কৰে । পাৰ্থিৱ গগৈয়ে লোৱা ফ্ৰীকিকৰ পৰা বল আয়ত্ব কৰি চাজাদে ইণ্ডিয়ান এৰ’জৰ হৈ গ’লটো স্ক’ৰ কৰে । বিৰতিলৈকে মেচখন অমীমাংসিত হৈ ৰোৱাত দ্বিতীয়াৰ্ধত দুয়োটা দল অধিক আক্ৰমণমুখী হৈ উঠে । মেচৰ ৭৩ মিনিটত পাৰ্থিৱ গগৈয়ে দিয়া গ’লৰ সহায়ত ইণ্ডিয়ান এৰ’জ দলৰ বিজয় নিশ্চিত হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments