Sunday, October 2, 2022
HomeNewsহিৰো ইণ্ডিয়ান ৱ'মেনছ ফুটবল লীগত অপূৰ্ণ নাৰ্জাৰীৰ হেটট্ৰিক

হিৰো ইণ্ডিয়ান ৱ’মেনছ ফুটবল লীগত অপূৰ্ণ নাৰ্জাৰীৰ হেটট্ৰিক

অলিম্পিয়া প্রতিবেদন

কোকৰাঝাৰৰ উদীয়মান মহিলা ফুটবল খেলুৱৈ অপূৰ্ণা নাৰ্জাৰী এইবাৰ উজ্বলি উঠিছে ৰাষ্ট্রীয় প্ৰেক্ষাপটত । ইতিপূৰ্বে ১৯ বছৰ অনূৰ্দ্ধ ভাৰতীয় মহিলা ফুটবল দলৰ হৈ বাংলাদেশৰ ঢাকাত খেলাৰ সুযোগ লাভ কৰা অপূৰ্ণাই হিৰো ইণ্ডিয়ান ৱ’মেনছ লীগ ফুটবলত হেটট্ৰিক অর্জন কৰে । এই মহিলা ফুটবল লীগত অপূৰ্ণাই খেলিছে ইণ্ডিয়ান এৰ’জ দলত । যোৱা ২৭ এপ্ৰিল বুধবাৰে মেচখন অনুষ্ঠিত হৈছিল ওডিষাৰ ৰাজধানী চহৰ ভূবনেশ্বৰত । অপূৰ্ণাৰ হেটট্ৰিকৰ সহায়ত ইণ্ডিয়ান এৰ’জ দলে ওডিষা পুলিচ দলক ৪-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে । মেচৰ ১৩ মিনিটত অপূৰ্ণাৰ গ’লেৰে ইণ্ডিয়ান এৰ’জে ১-০ গ’লৰ অগ্ৰগতি লয় । পুনৰ ১৯ মিনিটত অপূৰ্ণাই গ’লৰ সংখ্যা ২-০ লৈ বৃদ্ধি কৰে । দলৰ সুমিতা মুণ্ডাই বাওঁফালৰ পৰা মাৰি পঠিওৱা বল ওডিষা পুলিচৰ গ’লৰক্ষকে আয়ত্ত কৰাৰ পূৰ্বেই অপূৰ্ণাই গ’লটো স্ক’ৰ কৰে । ৩৫ মিনিটত সুনিতা মুণ্ডাই ১ টা গ’ল দিয়াৰ পাছত ৭৫ মিনিটত অপূৰ্ণা নাৰ্জাৰীয়ে ব্যক্তিগতভাবে তৃতীয়টো গ’ল দি হেটট্ৰিক সম্পুৰ্ণ কৰে । এই জয়ৰ সহায়ত ইণ্ডিয়ান এৰোজ দলে প্ৰতিযোগিতাখনত দ্বিতীয়টো বিজয় অর্জন কৰিলে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments