Thursday, July 7, 2022
HomeNewsহিৰো এছিয়া কাপ হকীৰ ছুপাৰ ফ'ৰত ভাৰত , ইণ্ডোনেছিয়াক ১৬-০ গ'লত পৰাস্ত

হিৰো এছিয়া কাপ হকীৰ ছুপাৰ ফ’ৰত ভাৰত , ইণ্ডোনেছিয়াক ১৬-০ গ’লত পৰাস্ত

অলিম্পিয়া প্রতিবেদন

 

হিৰো এছিয়া কাপ হকীৰ ছুপাৰ ফ’ৰত ভাৰত , ইণ্ডোনেছিয়াক ১৬-০ গ’লত পৰাস্ত।

লীগৰ প্ৰথম মেচত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ খেলিলে । দ্বিতীয় মেচত জাপানৰ বিৰুদ্ধে পৰাস্ত হ’ল ২-৫ গ’লত । ফলত হিৰো এছিয়া কাপত ভাৰতীয় পুৰুষ হকী দলটোৱে ছেমি ফাইনেলত উপনীত হোৱাত অনিশ্চয়তাই দেখা দিলে । সকলো নিৰ্ভৰ কৰিলে পাকিস্তান আৰু জাপানৰ লীগ মেচখনৰ ওপৰত ৷ ইফালে বৃহস্পতিবাৰে পাকিস্তানে জাপানক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে ভাৰতে অন্তিম লীগ মেচত অবিশ্বাস্য ব্যৱধানত আয়োজক ইণ্ডোনেছিয়াক পৰাস্ত কৰি ছুপাৰ ফ’ৰত উপনীত হ’ল ৷ জাকাৰ্তাত বৃহস্পতিবাৰে ভাৰতে আয়োজক দেশখনক ১৬-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে ৷ ভাৰতীয় দলৰ হৈ দীপছান তিৰ্কীয়ে চাৰিটা আৰু সুদেব বেলীমাগ্গাই তিনিটা গ’লেৰে হেট্ৰিক সম্পূৰ্ণ কৰে ৷ দীপছান তিৰ্কীয়ে ৪২, ৪৭, ৫৭ আৰু ৫৯ মিনিটত গ’লকেইটা দিয়াৰ লগতে সুদেৱে ৪৫, ৪৬ আৰু ৫৫ মিনিটত গ’ল স্কৰ কৰে ৷ তেওঁলোকৰ উপৰি প্ৰৱণ ৰাজভৰে ১০ আৰু ১১ মিনিটত , এছ ভি সুনীলে ১৯ আৰু ২৪ মিনিটত, কাৰ্থী ছালভামে ৪০ আৰু ৫৬ মিনিটত দুটাকৈ গ’ল দিয়ে ৷ এটাকৈ গ’ল স্কৰ কৰে ১৪ মিনিটত উত্তম সিং, ২০ মিনিটত মিলন চঞ্জীৱ ছেচ আৰু ৪১ মিনিটত অধিনায়ক বিক্ৰম লাক্ৰাই ৷ মেচখনৰ প্ৰতিটো মূহুৰ্ততে ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে আধিপত্য বিস্তাৰ কৰে ৷ শনিবাৰে ছুপাৰ ফ’ৰৰ প্ৰথম মেচত ভাৰতে জাপানৰ বিৰুদ্ধে খেলিব ৷ এই মেচখন ষ্টাৰ স্পৰ্টছ আৰু ডিজনি হটষ্টাৰত পোনপটিয়াকৈ সম্প্ৰচাৰ কৰা হ’ব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

six + seventeen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments