Monday, July 4, 2022
HomeNewsহিৰো জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবলত জয়ৰে অভিযান আৰম্ভ অসমৰ

হিৰো জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবলত জয়ৰে অভিযান আৰম্ভ অসমৰ

হিৰো জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবলত জয়ৰে অভিযান আৰম্ভ অসমৰ

অলিম্পিয়া প্ৰতিবেদন:হিৰো জুনিয়ৰ (১৭ বছৰ অনূৰ্দ্ধ) মহিলাৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত ঘৰুৱা দল অসমে জয়েৰে অভিযান আৰম্ভ কৰিছে ৷ গুৱাহাটীৰ লগতে ওডালগুৰি জিলাৰ ডিমাকুচিত অব্যহত আছে লীগ পৰ্যায়ৰ মেচসমূহ ৷ গ্ৰুপ ‘জি’ত অসমে মঙলবাৰে বিয়লি পুডুচেৰীৰ বিৰুদ্ধে ৬-১ গ’লৰ ব্যৱধানত জয়লাভ কৰে ৷ ঘৰুৱা দৰ্শকৰ সন্মুখত উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াই অসম দলে মেচখনত সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰে ৷

কোকৰাঝাৰৰ আঞ্জুলি ব্ৰহ্মই ৪ টা গ’লেৰে হেটট্ৰিক সম্পূৰ্ণ কৰে ৷ আঞ্জুলিয়ে মেচৰ ৩৪, ৪৫, ৬৮ আৰু ৮৩ মিনিটত গ’ল কেইটা স্কৰ কৰে ৷ তেওঁৰ উপৰি তিনিচুকীয়াৰ সুনম দত্তই দুয়ো অৰ্ধতে একোটাকৈ গ’ল দিয়ে ৷ সুনমে ৩৩ আৰু ৫৭ মিনিটত গ’ল দিবলৈ সক্ষম হয় ৷ লক্ষ্যণীয়ভাৱে ডিমাকুচিত গ্ৰুপ ‘জি’ আৰু গ্ৰুপ ‘এইচ’ৰ লীগ মেচসমূহ অনুস্থিত হৈছে ৷

আৰু অধিক পঢ়ক

অসমে অহা ২৩ জুনৰ পুৱা ৯ বজাত গুজৰাটৰ বিৰুদ্ধে খেলিব ৷ ২৫ জুনৰ বিয়লি ৩ বজাৰ পৰা খেলিব হাৰিয়ানাৰ বিৰুদ্ধে ৷ গ্ৰুপৰ আন এখন মেচত হাৰিয়ানাই গুজৰাটক ৫-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰিছে ৷ সেই দিশৰ পৰা হাৰিয়ানাৰ বিৰুদ্ধে অসমৰ মেচখন গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷ তথাপি অসম দলৰ প্ৰশিক্ষক লোচন শইকীয়াৰ মতে হাৰিয়ানাৰ দলটো যথেষ্ট ভাল যদিও অসমে গ্ৰুপৰ পৰা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

বিগত প্ৰায় এমাহ ধৰি ডিমাকুচি খেলপথাৰত অসম দলৰ প্ৰশিক্ষণ অনুস্থিত হৈছিল ৷ তদুপৰি অসম দলৰ খেলুৱৈসকলৰ বৰ্তমান কোনো আঘাতজনিত সমস্যা নাই ৷ ডিমাকুচিত খেলুৱৈসকলৰ থকা- মেলাৰ বাবে সুন্দৰ ব্যৱস্থা কৰা হৈছে ৷ নতুনকৈ নিৰ্মাণ কৰা যদিও এতিয়ালৈকে আৰম্ভ নকৰা এটা চিকিৎসালয়ত খেলুৱৈ আৰু কৰ্মকৰ্তাক থকাৰ সুন্দৰ সুবিধা দিয়া হৈছে ৷

ইয়াৰ লগতে ডিমাকুচিৰ স্থানীয় ৰাইজে অসম দলৰ খেলুৱৈসকলক নিজৰ পৰিয়ালৰ এজন সদস্যৰূপে বিবেচনা কৰাত অসমৰ খেলুৱৈসকলে কোনো অতিৰিক্ত হেঁচাৰ সন্মুখীন নোহোৱাকৈ মুকলিমুৰীয়াকৈ খেলিবলৈ পোৱা বুলি এফ চি ‘চি’ লাইচেন্সপ্ৰাপ্ত প্ৰশিক্ষক লোচন শইকীয়াই জানিবলৈ দিয়ে ৷ অসমে লীগৰ প্ৰথম মেচত পুডুচেৰীক অনায়াসে পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিলেও লীগৰ বাকী দুখন মেচৰ ফলাফলৰ ভিত্তিত নকআউটলৈ উন্নীত হোৱাৰ সম্ভাৱনা আছে ৷

অসম ফুটবল সন্থাৰ অন্যতম উপ-সভাপতি ডিমাকুচিৰ লক্ষীৰাম বড়োৱে অসম দলৰ খেলুৱৈ আৰু আন বিষয়ববীয়াৰ বাবে সকলো ধৰণৰ সু-ব্যৱস্থা গ্ৰহণ কৰিছে ৷ তেওঁৰ মতে অহা ২৫ জুনৰ বিয়লি ৩ বজাৰ পৰা হাৰিয়ানাৰ বিৰুদ্ধে অসমৰ হ’বলগীয়া মেচখনৰ সময়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ সম্ভাৱনা আছে ৷

স্মৰণীয় যে চলিত বৰ্ষৰ শেষৰ ফালে ভাৰততে অনুস্থিত হ’ব মহিলাৰ ১৭ বছৰ অনূৰ্দ্ধ বিশ্বকাপ ফুটবল প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত আয়োজক দেশ হিচাপে ভাৰতে অংশগ্ৰহণ কৰিব ৷ ইয়াৰ বাবেই এইবাৰৰ ১৭ বছৰ অনূৰ্দ্ধৰ ৰাষ্ট্ৰীয় মহিলা ফুটবল টুৰ্ণামেণ্টখনে গুৰুত্ব লাভ কৰিছে ৷ গুৱাহাটী আৰু ডিমাকুচিত উপস্থিত হৈছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ খেলুৱৈ বাচনি কমিটিৰ সদস্যসকল ৷ হয়তো এই টুৰ্ণামেণ্টৰ পৰাই ভাৰতীয় দললৈ খেলুৱৈ বাচনি সম্ভৱ হৈ উঠিব ৷ সমাগত ফিফা ১৭ বছৰ অনূৰ্দ্ধ বিশ্বকাপ ফুটবলত ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ পাব পাৰে অসমৰ কোনো খেলুৱৈয়ে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 + eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments