Monday, October 3, 2022
HomeNewsহিৰ'ৰ পৰা জিৰ': দৰিদ্ৰতাই পথলৈ লৈ অনা কেইজনমান ক্ৰিকেটাৰৰ কথা

হিৰ’ৰ পৰা জিৰ’: দৰিদ্ৰতাই পথলৈ লৈ অনা কেইজনমান ক্ৰিকেটাৰৰ কথা

ক্ৰিকেট হৈছে বিশ্বৰ সম্ভ্ৰান্ত খেলসমূহৰ ভিতৰত এক অন্যতম খেল। য’ত আছে গ্লেমাৰ, অজস্ৰ ধনৰ পোহাৰ। বহু দৰিদ্ৰ পৰিয়ালৰ সন্তানে কিদৰে এৰাতিৰ ভিতৰতে শূন্যৰ পৰা লাখপতি, কোটিপতিলৈ ৰূপান্তৰিত হয় সেই কথা আমি সকলোৱে জানো। আমি জানো কিদৰে ক্ৰিকেটে শচীন, কোহলী, ধোনিৰ দৰে সফল ক্ৰিকেটাৰক পৃথিৱীৰ ভিতৰতে ধনী খেলুৱৈৰ মৰ্যাদা প্ৰদান কৰিছে। যিদৰে ক্ৰিকেটে বহুতকে এক বিলাসবহুল জীৱন উপহাৰ দিছে, ঠিক সেইদৰে বহুজনে এনে বিলাসী জীৱনৰ সোৱাদ লাভ কৰিও পৰৱৰ্তী সময়ত দৰিদ্ৰতাৰ জীৱন যাপন কৰিবলগীয়া হৈছে। বহুতে নাজানে ধন যশস্যাক ধৰি ৰখাৰ মন্ত্ৰ। ভুল বিনিয়োগ, বিপথগামিতা আদিৰ কাৰণে বহু ক্ৰিকেটাৰ ধনীৰ পৰা চিধা দৰিদ্ৰ শাৰীলৈ অৱনমিত হোৱাৰ তেনে কেইটামান উদাহৰণৰ সৈতে আমাৰ এই বিশেষ লেখা। আহকচোন জানো হিৰোৰ পৰা জিৰ’ হোৱা তেনে কেইজনমান ক্ৰিকেটাৰৰ বিষয়ে

আৰ্শ্বাদ খান: আৰ্শ্বাদ খানৰ কথা মনত আছে নে? পাকিস্তানৰ সেই অফ স্পীনাৰজন। দীর্ঘদেহী এইজন ক্ৰিকেটাৰৰ অভিষেক ঘটে নব্বৈৰ দশকত। ২০০৪-০৫ পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা ক্ৰিকেটাৰগৰাকীয়ে ঘৰুৱা ক্ৰিকেট খেলে ২০১১ চনলৈ। বৰ এটা সমৃদ্ধ ক্ৰিকেট কেৰিয়াৰ নাছিল তেওঁৰ। ৯ টেষ্টত ৩২ টা উইকেট আৰু ৫৮ খন এদিনীয়াত ৫৬ টা উইকেট আছিল তেওঁৰ নামত। সেইজন ক্ৰিকেটাৰে অৱসৰ লোৱাৰ পিছত গুছি গৈছিল অষ্ট্ৰেলিয়ালৈ। অষ্ট্ৰেলিয়াত গৈ আৰ্শ্বাদ খানে টেক্সী চলোৱাকে জীৱিকা হিচাবে বাচি ল’বলগীয়া হ’লগৈ। দীৰ্ঘদিন ধৰি জাতীয় দলৰ হৈ ক্ৰিকেট খেলা অনেকজনেই ধনেৰে সমৃদ্ধ হ’ল। কিন্তু আৰ্শ্বাদ খানৰ তেনে একো ন’হল। বিপৰীতে টেক্সি চলাই জীৱন যাপন কৰিবলগীয়া অৱস্থা হ’লগৈ এইজন প্ৰাক্তন ক্ৰিকেটাৰৰ।

মেথিঅ’ শ্বিনক্লেয়াৰ: নিউজিলেণ্ডৰ এইজন ক্ৰিকেটাৰে নিজৰ অভিষেক মেচতে দ্বি শতক অৰ্জন কৰি সকলোৰে দৃষ্টি কাঢ়িছিল। অৱশ্যে পিছলৈ এই ধাৰা অব্যাহত ৰখাত ব্যর্থ হয় ক্ৰিকেটাৰজন। কেৰিয়াৰত ৩৩ খন টেষ্ট খেলি ১৬৩৫ ৰানহে কৰিবলৈ সক্ষম হয় তেওঁ। ইফালে ৫৪ খন এদিনীয়াত অৱতীৰ্ণ হৈ দুটা শতকসহ ১৩০৪ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াত জন্মগ্ৰহণ কৰা মেথিঅ’ মাত্ৰ পাঁচ বছৰ বয়সতে নিউজিলেণ্ডলৈ গুচি আহিছিল। পিতৃ মাতৃক এক পথ দুৰ্ঘটনাত হেৰুৱাব লগা হোৱা মেথিঅ’ই দুৰ্বল ফৰ্মৰ বাবে শেষত ২০১৩ চনত ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰ গ্ৰহণ কৰি চৰম দুৰ্যোগৰ সন্মুখীন হয় মেথিঅ’। অৱশেষত জীৱিকা নিৰ্বাহৰ বাবে বাচি ল’বলগা হয় চেলছমেনৰ চাকৰি।

আডাম হুলিয়েক: ১৯৯৮ চনত ঢাকাত অনুষ্ঠিত মিনি বিশ্বকাপত( পৰৱৰ্তী কালত যাক চেম্পিয়নছ ট্ৰফী নামে জনা যায়) ইংলেণ্ড দলক নেতৃত্ব দিছিল তেওঁ। আডামে ২০০৭ বৰ্ষলৈ ইংলিছ কাউন্টি ক্ৰিকেট খেলিছিল। তাৰপাছতেই তেওঁ গুছি যায় অষ্ট্ৰেলিয়া। তাত আছিল পৰিয়ালৰ ব্যৱসায়। ব্যৱসায় চোৱাচিতাৰ দায়িত্ব মূৰত কান্ধ পাতি লয় তেওঁ। কিন্তু ২০০৮ চনত হঠাৎ সমগ্ৰ পৃথিৱীকে আৰ্থিক মন্দাৱস্থাই চুই যায়। যাৰ ফলত দেউলিয়া হৈ পৰে আডাম আৰু তেওঁৰ পৰিয়াল। সৰ্বস্ব হেৰুৱাই অৱশেষত মাৰ্চিয়েল আৰ্টৰ শিক্ষক হিচাবে কেইজনমানক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে। এনেদৰেই ডুবি যাব খোজা পৰিয়ালটোক সকাহ দিছে আডামে।

ক্ৰিছ কেয়াৰ্ণছ: এসময়ত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব আছিল তেওঁ। নিউজিলেণ্ড ক্রিকেটৰ অন্যতম সফল অলৰাউণ্ডাৰ আছিল তেওঁ। প্ৰদৰ্শনো আছিল দুৰ্দান্ত। কিন্তু অতিপাত অৰ্থলোভে ক্ৰিছক পথলৈ লৈ আহিলে। মেচ ফিক্সিঙৰ অভিযোগ উত্থাপন হ’ল ক্ৰিছৰ বিৰুদ্ধে। আই পি এলৰ অধ্যক্ষ ললিত মোডীয়ে তেওঁৰ বিৰুদ্ধে আনে এই অভিযোগ। ক্ৰিছৰ বিৰুদ্ধে তৰা গোচৰৰ মুকৰ্দমাৰ নামত বহু অৰ্থ ব্যয় হয় এইজন এসময়ৰ ধনী খেলুৱৈৰ। ২০১৩ চনত পুনৰ তেওঁৰ বিৰুদ্ধে আদালতত মিছা সাক্ষী দিয়াৰ অভিযোগ উত্থাপিত হয়। তেনেদৰেই এসময়ৰ এক সফল ক্ৰিকেট কেৰিয়াৰৰ বিফল পৰিসমাপ্তি ঘটে। এসময়ৰ বিশ্ব ক্রিকেটৰ অন্যতম তাৰকাজনে আজিকালি নিউজিলেণ্ডৰ বাছ ষ্টেচনৰ বেৰ পৰিষ্কাৰ কৰাৰ কাম কৰে। বিধিৰ কি বিধান!

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 + 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments