Wednesday, July 6, 2022
HomeNewsহৃদৰোগত আক্ৰান্ত মুৰুলীধৰণ

হৃদৰোগত আক্ৰান্ত মুৰুলীধৰণ

১৯ মে’, গুৱাহাটী : আই পি এলৰ দল ছানৰাইজাৰছ হাইদৰাবাদৰ বলিং প্ৰশিক্ষক মুথিয়া মুৰুলীধৰণ৷ কিছুদিন পূৰ্বলৈ দলৰ সৈতে কাম কৰি থকা মুৰুলীধৰণ এতিয়া হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত৷ সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি আই পি এল চলি থকাৰ সময়ছোৱাতেই অসুবিধা অনুভৱ কৰি আছিল শ্ৰীলংকাৰ এই কিংবদন্তী স্পীনাৰ গৰাকীয়ে৷ বৰ্ত্তমান তেওঁক চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে৷ আই পি এলৰ বিগত ছিজনত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুৰ মুখত পৰিছিল প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ তথা ধাৰাভাষ্যকাৰ ডীন জোনছ৷ এইবাৰ অসুস্থ হয় মুৰুলীধৰণ৷ উল্লেখ্য যে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ সৰ্বাধিক উইকেট দখল কৰা মুৰুলীধৰণে টেষ্ট আৰু এদিনীয়া মিলাই সংগ্ৰহ ১৩৪৭ টা উইকেট দখল কৰিছে৷ ১৩৩ খন টেষ্ট খেলি তেওঁ ৮০০ উইকেট, ৩৫০ খন এদিনীয়া খেলি ৫৩৪ টা আৰু ১১ খন টি-২০ খেলি ১৩ টা উইকেট দখল কৰিছে৷ ১৯৯৬ চনৰ শ্ৰীলংকাই বিশ্বকাপ ক্ৰিকেট দখল কৰাত তেওঁৰ ভুমিকা আছিল গুৰুত্বপূৰ্ণ

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments