হেঁপাহৰ ৰঙালিত পৰম্পৰাগত খেলত জীপাল অসমৰ বিভিন্ন বিহু সন্মিলনৰ প্ৰাঙ্গন
অলিম্পিয়া প্ৰতিবেদন: হেঁপাহৰ ৰঙালিত পৰম্পৰাগত খেলত জীপাল অসমৰ বিভিন্ন বিহু সন্মিলনৰ প্ৰাঙ্গন । কণ কণ শিশুসকলৰ পৰা আৰম্ভ কৰি বিভিন্ন বয়সৰ লোকে উপভোগ কৰিছে এই খেলৰ মাদকতা । অসমৰ বিভিন্ন অঞ্চলৰ এনে পৰম্পৰাগত খেল-ধেমালীৰ কথাৰে অলিম্পিয়া স্পৰ্টছৰ বিশেষ প্ৰতিবেদন । দৃশ্যপট এক । দৰং জিলাৰ কেন্দুগুৰি শংকৰ স্মৃতি সংঘৰ উদ্যোগত দিপিলা গাঁৱত আয়োজন কৰা হল ৰঙালী বিহু । বিহুৰ লগত সংগতি ৰাখি দেখা গ’ল বিভিন্ন খেল-ধেমালী । ৰছীটনা, ওজন দলিওৱা, কুকুৰা যুঁজ আদি পৰম্পৰাগত খেলত জীপাল হ’ল ৰঙালী বিহু সন্মিলনৰ প্ৰাঙ্গন । কণ কণ শিশুসকলৰ পৰা আৰম্ভ কৰি বিভিন্ন বয়সৰ লোকে খেলত অংশগ্ৰহণ কৰি ৰঙালীৰ আনন্দত বুৰ গ’ল ।
ইফালে ৭১ বৰ্ষত ভৰি দিয়া ঐতিহ্যমণ্ডিত লতাশিলৰ বিহুতো প্ৰতিবছৰৰ দৰেই খেল-ধেমালীয়ে পালে প্ৰাধান্য । বিহুৰ গীতত একাংশই খেলিলে মিউজিকেল চেয়াৰ । তদুপৰি ভেকুলি জাপ, দৌৰ, চাইকেল ৰেচ আছিল লতাশিল বিহুত খেল-ধেমালীৰ অন্যতম আকৰ্ষণ । বিহুৰ লগতে লতাশিল বিহু সমিতিয়ে আয়োজন কৰা খেল-ধেমালীৰ সন্দৰ্ভত মন্তব্য কৰে উদ্যোক্তাই। ইফালে ৰঙালী বিহুৰ লগত সংগতি ৰাখি এনে পৰম্পৰাগত খেল-ধেমালীৰ আয়োজন কৰি অহাৰ বাবে লতাশিল বিহুৰ আয়োজকক ধন্যবাদ জনালে বিশিষ্ট অভিনেত্রী মিনু বনিয়াই । আনহাতে, পূব গুৱাহাটী বিহু সন্মিলনো খেল-ধেমালীৰে জীপাল হ’ল । পানী-পাৰ, টেকেলী ভঙা, দৌৰ আদি খেলত অংশ ল’লে প্ৰতিযোগীয়ে।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

খেল-ধেমালীৰ মাজেৰেও ৰঙালীৰ আনন্দক প্ৰাধান্য দি আহিছে পূব গুৱাহাটী বিহু সন্মিলনীয়ে । কি কি প্ৰতিযোগিতা অনুষ্ঠিত হ’ল জনালে উদ্যোক্তাই । সেইদৰে, বিৰুবাৰী বিহু সন্মিলনত দেখা গ’ল পৰম্পৰাগত খেল-ধেমালীৰ লগতে দুভৰিৰ যাদু । পুৰুষ –মহিলাৰ দৌৰ, পানীপাৰ, চামুচত কণী লৈ দৌৰা আদি খেলে অধিক ৰঙালী কৰিলে বিহু সন্মিলনৰ প্ৰাঙ্গন । অসমৰ স্বাভিমান বিহুত পৰম্পৰাগত খেল-ধেমালীয়ে গুৰুত্ব লাভ কৰাটো এক সুখজনক খবৰ । ক্ৰীড়া অনুৰাগীৰ আশা –অসমৰ প্ৰতি প্ৰান্তৰৰ বিহু সন্মিলনত অনুষ্ঠিত হওক এনে খেল-ধেমালী । বিলুপ্তপ্ৰায় খেল-ধেমালীয়ে নতুন প্ৰজন্মৰ মাজত অনন্য এক মাত্রা পাওক।