হেম দাস অসম ফুটবলৰ অক্লান্ত সৈনিক

✍️ ধীৰেন শৰ্মা

অসমৰ যশস্বী ফুটবল প্ৰশিক্ষকসকলৰ অন্যতম হেম দাস। ৰাজ্যৰ ফুটবল ক্ষেত্ৰখনত হেম দাসক চিনি নোপোৱা অথবা নাম নুশুনা মানুহ নোলাব বুলিয়েই ক’ব লাগিব। ফুটবলেই যাৰ জীৱন। ওৰেটো জীৱন ফুটবলৰ বাবেই অহোপুৰুষাৰ্থ কৰি আহিছে হেমদাই। ফুটবল হেম দাসৰ তেজতে প্ৰবাহিত হৈ আছে। ঐতিহ্যমণ্ডিত নেহৰু ষ্টেডিয়ামত অতি সীমিত সা-সুবিধাৰ মাজতো বিগত প্ৰায় ৪ দশকৰো অধিক কাল হেম দাসে নিৰলসভাৱে খেলুৱৈ গঢ়াত মনোনিৱেশ কৰি আহিছে। ফুটবল প্ৰশিক্ষকৰ আনুষ্ঠানিক শিক্ষাও লোৱা নাছিল হেমদাই। তথাপি মৰম আকলুৱা প্ৰশিক্ষণেৰে হেমদাই অজস্ৰ ফুটবল প্ৰতিভাক নিজ হাতেৰেই গঢ় দিছিল। হেমদাৰ প্ৰশিক্ষণেৰে উদ্দীপ্ত হৈয়েই এলেন দেউৰীয়ে আজি দেশক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় ফুটবলত প্ৰতিভাৰ চানেকি দি আহিছে। একেদৰে ফ্ৰান্সিছ বৰুৱা, শাৱন থাপা, মুন্না ছেত্ৰী, দেৱাশিস কৰ, প্ৰয়াত অখিল গগৈ, প্ৰয়াত কমল ছেত্ৰী, গোবিন্দ বড়ো, লক্ষেশ্বৰ কাকতি, সঞ্জয় বড়োকে ধৰি ভালেসংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবলাৰ নিজ হাতেৰেই গঢ় দিছিল হেমদাই। উল্লেখ্য যে ফ্ৰান্সিছ বৰুৱাই ভাৰতৰ অনূৰ্ধ্ব ১৭-১৯ দলক, প্ৰয়াত অখিল গগৈয়ে ছাব জুনিয়ৰ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল। আনহাতে, শাৱণ থাপা, মুন্না ছেত্ৰী, দেৱাশিস কৰ, কমল ছেত্ৰী, গোবিন্দ বড়ো, লক্ষেশ্বৰ কাকতি আৰু সঞ্জয় বড়োৱে ভাৰতীয় স্কুল দলক প্ৰতিনিধিত্ব কৰিছিল। এলেন দেউৰীয়ে আকৌ দেশৰ ছাব-জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ দলৰ হৈ খেলিছে। তদুপৰি আই এছ এলৰ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হৈও খেলিছিল এলেনে। আটাইকেউজন ফুটবলাৰে হেম দাসৰ ঐকান্তিক প্ৰচেষ্টাত ১৯৭৯ চনতে নেহৰু ষ্টেডিয়ামত গঢ় লৈ উঠা গুৱাহাটী ইয়ং ষ্টাৰ ফুটবল ক’চিং চেণ্টাৰৰ পৰাই ওলোৱা। এইসকলৰ উপৰি দেৱব্ৰত কলিতা, অশোক ৰামচিয়াৰী, সুশান্ত মজুমদাৰ, প্ৰয়াত ৰাজেন ছেত্ৰী, ৰাজেশ বড়ো, বিকাশ বৰুৱাকে প্ৰমুখ্য কৰি ভালেসংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবলাৰো হেম দাসেই গঢ় দিছিল। আজিও নিৰৱচ্ছিন্নভাৱে নেহৰু ষ্টেডিয়ামত তেওঁ নিতৌ পুৱা ৬ বজাৰ পৰা ১০০-১৫০ কণ কণ ল’ৰাক ফুটবলৰ পাঠদান দি আহিছে। তদুপৰি ৰাণীত প্ৰায় ৫০গৰাকী ছোৱালী ফুটবলাৰক লৈ আন এটি প্ৰশিক্ষণ কেন্দ্ৰ (একে নামৰ) চলাই আছে। এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ পৰা ইতিপূৰ্বে ১৪গৰাকীয়ে গুৱাহাটী জিলাৰ হৈ আন্তঃজিলা ফুটবলত আৰু ১০গৰাকীয়ে অনূৰ্ধ্ব ১৪ আৰু ১৭ বছৰ ৰাষ্ট্ৰীয় ফুটবলত অসমক প্ৰতিনিধিত্ব কৰিছে। তেওঁ নিজৰ কষ্টোপাৰ্জিত ধন খৰচ কৰিয়েই ৰাণীত নিতৌ বিয়লি খেলুৱৈসকলক প্ৰশিক্ষণ দি আহিছে। অসমত মহিলা ফুটবলৰ বিকাশ তথা উত্তৰণৰ ক্ষেত্ৰত হেম দাসৰ এই প্ৰচেষ্টা নিশ্চিতভাৱেই প্ৰশংসনীয়।

হেম দাসে ১৯৭৯ চনতেই নেহৰু ষ্টেডিয়ামত আন কেইগৰাকীমান বৰেণ্য ব্যক্তিৰ সহযোগত জন্ম দিছিল গুৱাহাটী ইয়ং ষ্টাৰ ফুটবল ক’চিং চেণ্টাৰৰ। ৰাজ্যৰ ভিতৰতে অতি পুৰণি তথা জনপ্ৰিয় প্ৰশিক্ষণ শিবিৰটোৰ প্ৰতিষ্ঠা কালত প্ৰয়াত নৃপেন্দ্ৰ নাৰায়ণ সিংহ, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ আব্দুল লতিফ, প্ৰয়াত সুবোধ গোস্বামী, প্ৰমোদ ডেকা (ভাইটিদা), মনোৱাৰ হুছেইন আদি ব্যক্তিয়ে পূৰ্ণ সহযোগ আগবঢ়াইছিল। প্ৰতিষ্ঠা কালত প্ৰশিক্ষণ কেন্দ্ৰটোত নৃপেন্দ্ৰ নাৰায়ণ সিংহ সভাপতি, সুবোধ গোস্বামী সাধাৰণ সম্পাদক, আব্দুল লতিফ মুখ্য প্ৰশিক্ষক আৰু হেম দাস সহকাৰী প্ৰশিক্ষক আছিল। হেমদাই ১৯৮৫ চনৰ পৰা কেন্দ্ৰটোত নিয়মীয়াভাৱে খেলুৱৈ গঢ়াত মনোনিৱেশ কৰিছিল। বৰ্তমান কেন্দ্ৰটোৰ সভাপতি নৱ কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক হেম দাস। চাৰি দশকত ভৰি দিয়া প্ৰশিক্ষণ কেন্দ্ৰটো চলাই নিয়াত কিন্তু নানা বাধা-বিঘিনিৰ সন্মুখীন হৈ আহিছে প্ৰশিক্ষকজন। নিজা খেলপথাৰ নথকাত কেৱল নেহৰু ষ্টেডিয়ামখনকে নিৰ্ভৰ কৰিবলগীয়া হোৱাত আজিও দুৰ্ভোগ ভুগিবলগীয়া হৈছে হেমদাই। বৰষুণ, সভা-সমিতি, খেলপথাৰৰ মেৰামতি আদি অলেখ কাৰণত নেহৰু ষ্টেডিয়ামত প্ৰশিক্ষণ চলোৱা বছৰ বছৰ ধৰি হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে হেম দাস। তৎসত্ত্বেও বিচলিত নহৈ তেওঁ একান্তচিত্তে খেলুৱৈ গঢ়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি আহিছে। কেন্দ্ৰটো চলাই নিয়াৰ ক্ষেত্ৰত আজিকোপতি অসম ফুটবল সন্থা, অসম চৰকাৰৰ ফালৰ পৰাও এটা ফুটা কঢ়িও পোৱা নাই দাসে। আনকি কৰ্প’ৰেট প্ৰতিষ্ঠানসমূহৰ পৰাও স্পনছৰ লাভ কৰা নাই কেন্দ্ৰটোৱে। খেলুৱৈৰ পৰা মাহিলি সামান্য মাচুল লৈয়েই কেন্দ্ৰটো চলাই আহিছে প্ৰশিক্ষকজনে। এইখিনিতে উল্লেখ কৰা ভাল যে আৰ্য বিদ্যাপীঠ স্কুলে সুব্ৰত কাপত ১৯৯২ চনত চেম্পিয়ন আৰু ্য১৯৯০ চনত ৰানাৰ্ছ আপ হওঁতে গুৱাহাটী ইয়ং ষ্টাৰ ফুটবল ক’চিং চেণ্টাৰৰ ক্ৰমে অশোক ৰামচিয়াৰী (১৯৯২) আৰু ভাগ্য ৰামচিয়াৰীয়ে (১৯৯০) স্কুল দলটোক প্ৰতিনিধিত্ব কৰিছিল। ২০০৫ চনত প্ৰশিক্ষণ কেন্দ্ৰটোৱে ২৫ বছৰ পূৰ্ণ কৰিছিল। এই উপলক্ষে ব্ৰাজিলৰ পাওলো কষ্টা আৰু মিষ্টাৰ জনছন নামৰ দুজন অভিজ্ঞ প্ৰশিক্ষকৰ তত্ত্বাৱধানত নেহৰু ষ্টেডিয়ামত এটি ১৬ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছিল দাসে। য’ত ১০০জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। তদুপৰি নেহৰু ষ্টেডিয়ামৰ নৈশালোকত আয়োজন কৰা হৈছিল সদৌ ভাৰত ফুটবল ক’চিং চেণ্টাৰ ফুটবল প্ৰতিযোগিতা। ইয়াত মোহন বাগান, শ্বিলং অকাডেমি, গুৱাহাটী ছাই কেন্দ্ৰ, গুৱাহাটী ইয়ং ষ্টাৰ ফুটবল ক’চিং চেণ্টাৰ ‘এ’ আৰু ‘বি’ দলে ভাগ লৈছিল। কেন্দ্ৰটোত সহকাৰী প্ৰশিক্ষক হিচাপে হেমদাক সহযোগ কৰি আহিছে খগেন শইকীয়া আৰু ৰাকেশ বড়োৱে।

গুৱাহাটী ইয়ং ষ্টাৰ ফুটবল ক’চিং চেণ্টাৰৰ জৰিয়তে বিগত চাৰি দশকজুৰি অতি নিষ্ঠাসহকাৰে ফুটবলাৰ গঢ়াত মনোনিৱেশ কৰি অহা হেম দাস ভাৰতীয় খাদ্য নিগমৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী। ১৯৭৮ চনৰ ৩ জানুৱাৰীত তেওঁ এফ চি আইৰ নিউ গুৱাহাটী শাখাত চাকৰি জীৱন আৰম্ভ কৰিছিল। হেম দাস ফুটবলাৰ হোৱা সূত্ৰে খেলৰ কোটাতে চাকৰি পাইছিল। চাকৰিত জইন কৰা দিনৰ পৰাই তেওঁ এফ চি আই ফুটবল দলৰো প্ৰশিক্ষকৰ গুৰুদায়িত্ব চম্ভালিছিল। ২০১৭ চনৰ ৩১ আগষ্টত তেওঁ এফ চি আইৰ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

অসমৰ যশস্বী ফুটবল প্ৰশিক্ষকজনৰ ১৯৫৫ চনত ডিব্ৰুগড় জিলাৰ টিংখাঙত জন্ম হৈছিল। দাসৰ পিতৃ মঠৰাম দাস এজন ব্যৱসায়ী আৰু মাতৃ গোলাপী দাস আছিল গৃহিণী। তেওঁৰ ৮গৰাকী ককাই-ভাই আছিল। ১৯৬৬ চনত দাসৰ জন্ম গাঁওখন ব্ৰহ্মপুত্ৰত জাহ যোৱাত চৰকাৰে ১৯৭২ চনত ফিলবাৰীত তেওঁলোকক কিছু মাটি দি বহুৱাইছিল। সৰুৰে পৰাই হেম দাস ফুটবলৰ প্ৰতি আসক্ত আছিল। বিশেষকৈ ১৯৬২-৬৩ চনত হেমদাহঁতৰ গাঁৱলৈ বনভোজ খাবলৈ আহিছিল পাদুৰী চাহাবৰ এটি দল। তেওঁলোকে বনভোজ খাবলৈ আহি গাঁওবাসীক সুধিছিল যে আপোনালোকৰ গাঁৱত খেলা-ধূলা কৰা খেলুৱৈ আছে নেকি· গাঁওবাসীয়ে হেম দাসকে ধৰি দুজনমান খেলুৱৈক আঙুলিয়াই দিছিল। পিছত হেমদাৰ খেল চাই আপ্লুত হৈছিল। সেয়াই আছিল হেম দাসৰ ফুটবলৰ প্ৰতি প্ৰথম আসক্তি। ইয়াৰ কিছুদিন পিছত ডিব্ৰুগড় টাউন ক্লাবৰ উদ্যোগত আয়োজিত এমহীয়া এক ফুটবল প্ৰশিক্ষণ শিবিৰত হেম দাসে অলিম্পিয়ান মেৱা লালৰ তত্ত্বাৱধানত প্ৰশিক্ষণ লোৱাৰ সুযোগ পাইছিল। ইয়ে হেম দাসৰ ফুটবল প্ৰতিভা বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ব্ৰাজিলৰ কিংবদন্তি ফুটবলাৰ পেলেক আদৰ্শ খেলুৱৈ হিচাপে লোৱা হেম দাসে ১৯৬২ চনৰ পৰা ফুটবল কেৰিয়াৰ আৰম্ভ কৰিছিল। ডিব্ৰুগড় ডনবস্ক’ স্কুলত পঢ়ি থাকোঁতেই দাসে স্কুলৰ শিক্ষক বেঞ্জামিন এক্কাৰ তত্ত্বাৱধানত ফুটবলৰ প্ৰশিক্ষণ লৈছিল। হেম দাসে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল টিংখাং প্ৰাইমাৰীৰ পৰা। ১৯৬৭ চনত তেওঁ প্ৰথম খেলিছিল ডিব্ৰুগড় ফুটবল লীগ। ১৯৬৬ চনতে তেওঁ মে¿ট্ৰক পাছ কৰিছিল। ১৯৭৪ চনত তেওঁ অসমৰ স্কুল দলৰ হৈ আগ্ৰাত ৰাষ্ট্ৰীয় স্কুল গেমছ খেলিছিল। ইয়াৰ এবছৰ পিছত তেওঁ ইন্দোৰত ৰাজ্যিক দলৰ হৈ জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবলত অংশগ্ৰহণ কৰিছিল। ১৯৭৬ চনত অসম ৰাজ্যিক দলৰ হৈ জম্মু-কাশ্মীৰত অনুষ্ঠিত জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত খেলিছিল হেমদাই। সেইবাৰ হেম দাসৰ লগত বৰ্তমান আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱায়ো খেলিছিল। পৰেশ বৰুৱা আছিল অসম দলৰ গ’লকীপাৰ। আনহাতে, হেমদা আছিল মিডফিল্ডাৰ। ১৯৭৬ চনতে বাংগালুৰুত অনুষ্ঠিত জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰশিক্ষণ শিবিৰৰ বাবেও নিৰ্বাচিত হৈছিল দাস। অৱশ্যে ভাৰতীয় দলত খেলাৰ সুযোগ পোৱা নাছিল। ১৯৭২ চনত ডিব্ৰুগড় ডনবস্ক’ স্কুলৰ হৈ নতুন দিল্লীত অনুষ্ঠিত অনূৰ্ধ্ব ১৬ সুব্ৰত কাপত খেলিছিল তেওঁ। সেইবাৰ দলটোৱে কোৱাৰ্টাৰ ফাইনেল খেলিছিল। ছিনিয়ৰ পৰ্যায়তো তেওঁ বহু মেচ খেলিছিল। ১৯৮৫ চনত গুৱাহাটী জিলা দলক প্ৰতিনিধিত্ব কৰি দাসে শিলচৰত অনুষ্ঠিত ছিয়িনৰ আন্তঃজিলা ফুটবলত চেম্পিয়ন কৰাইছিল। একেটা বছৰতে দলটোৱে নেপালত অনুষ্ঠিত কিং বাৰ্থডে’ ট্ৰফীত ৰানাৰ্ছ আপ হৈছিল। আনহাতে, নৱজ্যোতি ক্লাবৰ হৈ ১৯৭৫ চনৰ পৰা ১৯৮৫ চনলৈ বৰদলৈ ট্ৰফী, স্বাধীনতা দিৱস কাপত খেলিছিল। তদুপৰি ভাৱালাল ট্ৰফী, ডুগৰ শ্বিল্ড, অম্বা মেধি, নৰোৰাম বৰ্মন, এ টি পি এ শ্বিল্ড আদিত এফ চি আইৰ হৈ দুভৰিৰ যাদু দেখুৱাইছিল। এফ চি আইৰ হৈ ১৯৭৮-৭৯-৮০ চনত দুবাৰ ভূটান গ’ল্ড কাপত ৰানাৰ্ছ আপ হৈছিল। এফ চি আইৰ হৈ নতুন দিল্লী, মুম্বাই, কলকাতা, গোৱা, জম্মু-কাশ্মীৰ, ত্ৰিবান্দ্ৰম, কটক, শিলিগুৰি, পঞ্জাব, ছত্তিশগড়, হায়দৰাবাদ আদি দেশৰ বিভিন্ন ঠাইত খেলিছিল দাসে। ১৯৮৫ চনত তেওঁ এফ চি আইৰ হৈ আৰ জি বৰুৱা ছুপাৰ ডিভিজন ফুটবল লীগৰ অন্তিম মেচ খেলিছিল। এইখনেই আছিল হেম দাসৰ কেৰিয়াৰৰ অন্তিম মেচ। ১৯৮৫ চনত আনুষ্ঠানিকভাৱে ফুটবল প্ৰশিক্ষকৰ কেৰিয়াৰ আৰম্ভ কৰা দাসে ২০০১ চনত দুটাকৈ ৰাজ্যিক স্কুল দলক ৰাষ্ট্ৰীয় চেম্পিয়ন কৰাইছিল। জম্মু-কাশ্মীৰত অনূৰ্ধ্ব ১৭ আৰু মহাৰাষ্ট্ৰৰ কোলহাপুৰত অনূৰ্ধ্ব ১৯ দল হেম দাসৰ তত্ত্বাৱধানত চেম্পিয়ন হৈছিল।

ফুটবল খেলুৱৈ, প্ৰশিক্ষক হোৱাৰ উপৰি হেম দাস এজন ফুটবল সংগঠকো। গুৱাহাটী ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক হিচাপে দাসে ২০০২ চনৰ পৰা ২০০৮-০৯ চনলৈ তিনিটা কাৰ্যকালৰ দায়িত্বভাৰ লৈছিল। তেওঁ কেইবাবছৰো অসম ফুটবল সন্থাৰ প্ৰশিক্ষক, নিৰ্বাচক আৰু মেচ কমিছনাৰৰ দায়িত্বত আছিল। প্ৰশিক্ষক আৰু মেনেজাৰ হিচাপে দাসে বহু কেইবাৰ অসমৰ ছাব-জুনিয়ৰ দল চম্ভালিছিল। অসম ক্ৰীড়া সংগ্ৰাম পৰিষদৰো তেওঁ যুটীয়া সম্পাদক হিচাপে জড়িত হৈ আছে।

ফুটবলৰ বহল পথাৰত বিগত ৪ দশকজুৰি নিৰৱচ্ছিন্নভাৱে কঠোৰ শ্ৰম কৰি খেলুৱৈ গঢ়াকে জীৱনৰ অন্যতম ব্ৰত হিচাপে লোৱা হেম দাসে অসমৰ অধিক খেলুৱৈয়ে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব বুলি আশা প্ৰকাশ কৰিছে। অৱশ্যে ফুটবল প্ৰশাসকসকলৰ বৰ্তমানৰ কাম-কাজক লৈ সন্তুষ্ট নহয় যশস্বী প্ৰশিক্ষকজন। অসমত ফুটবলৰ দ্ৰুত বিকাশ ঘটাবলৈ হ’লে প্ৰথমে খেলপথাৰৰ অভাৱ দূৰ কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনাইছে। গাঁও অঞ্চলত বহু প্ৰতিভা আছে। অথচ সেইবোৰক উপযুক্ত প্ৰশিক্ষণ দিব পৰা নাই চৰকাৰে। আনকি খোদ গুৱাহাটীৰ কেন্দ্ৰস্থলত থকা নেহৰু ষ্টেডিয়ামো এতিয়া ফুটবলৰ বাবে উপযোগী হৈ থকা নাই। মৰুভূমি সদৃশ হৈ পৰা নেহৰু ষ্টেডিয়ামখনক ন-ৰূপ দিবলৈ তেওঁ চৰকাৰক আহ্বান জনাইছে। তদুপৰি গ্ৰামাঞ্চলৰ স্কুল-কলেজত নিয়মীয়াভাৱে টুৰ্নামেণ্টৰ আয়োজন, খেলপথাৰৰ উন্নয়ন উপযুক্ত প্ৰশিক্ষণ আদিৰে ৰাজ্যিক ফুটবলৰ চেহেৰা কিছু উন্নত কৰিব পৰা যাব বুলি দাসে আশা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *